ভাৰতীয় ফুটবলপ্ৰেমীৰ দীঘলীয়া প্রতীক্ষাৰ অন্ত পেলাই অহা ১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগৰ নতুন ছিজন। ২০২৭ চনৰ মে’ মাহলৈকে চলিবগীয়া এই প্ৰতিযোগিতাত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ঘোষণা অনুসৰি ক্লাবসমূহ পুৰণি তথা জনপ্ৰিয় ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰি যাব।
এইবাৰ ক্লাবসমূহে একত্ৰিত হৈ আইএসএল চলাব যদিও আয়োজন আৰু নিয়ন্ত্ৰণৰ সম্পূৰ্ণ দায়িত্ব থাকিব এআইএফএফৰ হাতত। নিয়ম অনুসৰি ১৩টা ক্লাবে এইবাৰ মুঠ ১৬৩খন মেচ খেলিব। লীগ পৰ্যায়ৰ অন্তত পইণ্ট তালিকাৰ শীৰ্ষত থকা দলটোৱে ‘শ্বিল্ড চেম্পিয়ন’ৰ খিতাপ পাব আৰু তাৰ পাছত শীৰ্ষৰ ছটা দলক লৈ প্লে’ অফ মেচ অনুষ্ঠিত হ’ব। এই প্লে’ অফৰ জৰিয়তেই আইএসএল কাপ চেম্পিয়ন নিৰ্ধাৰণ কৰা হ’ব। এইবাৰ দল প্ৰত্যাহাৰ কৰাৰ বাবে প্ৰতিযোগিতাখনত জামছেদপুৰ এফ চিয়ে অংশগ্ৰহণ নকৰে। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলগীয়া ১৩টা দল হৈছে ক্ৰমে নৰ্থ ইষ্ট ইউনাইটেড, ইষ্ট বেংগল, মোহনবাগান, চেন্নাইয়িন এফ চি, বেংগালুৰু এফ চি, পঞ্জাব এফ চি, এফ চি গোৱা, কেৰালা ব্লাষ্টাৰ্ছ, ওড়িশা এফ চি, মুম্বাই চিটি এফ চি, এছ চি দিল্লী, ইণ্টাৰ কাশী আৰু চাৰ্চিল ব্ৰাদাৰ্ছ।
আনহাতে, প্ৰয়োজনীয় ধন আদায় দিব নোৱাৰাৰ বাবে ডায়মণ্ড হাৰ্বাৰ এফ চি প্ৰতিযোগিতাৰ পৰা বাদ পৰিছে। আই লীগ চেম্পিয়ন হৈ আইএসএল খেলাৰ যোগ্যতা অৰ্জন কৰা ডায়মণ্ড হাৰ্বাৰক অৱশ্যে পোনে পোনে প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰা নহয়। নিয়ম অনুসৰি তেওঁলোকক পইণ্ট তালিকাৰ একেবাৰে তলত ৰখা হ’ব আৰু তেওঁলোকে আইএসএলত কোনো মেচ নেখেলিব। পৰৱৰ্তী ছিজনত তেওঁলোক অৱনমিত হৈ পুনৰ আই লীগলৈ ঘূৰি যাব আৰু তেওঁলোকৰ স্থানত পৰৱৰ্তী ছিজনত আই লীগৰ চেম্পিয়ন দলটো আইএসএললৈ উন্নীত হ’ব। অৰ্থাৎ, চৰকাৰীভাৱে ১৪টা দলক লৈ লীগ অনুষ্ঠিত হোৱাৰ কথা থাকিলেও প্ৰকৃততে খেলপথাৰত কেৱল ১৩টা দলেহে প্ৰতিদ্বন্দ্বিতা কৰিব।


