শনিবাৰে ঘোষণা কৰা হয় ‘মিছ ৱৰ্ল্ড ২০২৬’ৰ বিজয়ীগৰাকীৰ নাম। ডমিনিকান ৰিপাব্লিকৰ এগৰাকী সুন্দৰী জোহেইৰী মোলা ডমিংগেজ হ’ল ৭৩ সংখ্যক মিছ ৱৰ্ল্ড। তেওঁৰ শিৰত নীলা মুকুট পিন্ধাই দিয়ে যোৱা বছৰৰ মিছ ৱৰ্ল্ড থাইলেণ্ডৰ ওপাল সুচাটা চুৱাংশ্ৰীয়ে।
প্ৰতিযোগিতাৰ শীৰ্ষ তিনিগৰাকী
মিছ ৱৰ্ল্ড ২০২৬: জোহেইৰী মোলা ডমিংগেজ
প্ৰথম ৰানাৰ্ছ আপ: স্পেইনৰ এলিজাবেথ ৰেইনেছ আলাবাৰ্ন
দ্বিতীয় ৰানাৰ্ছ আপ : মালয়েছিয়াৰ টানুছিয়া চেট্টি
জোহেইৰী মোলা কোন? বিজনেছ মেনেজমেণ্ট এণ্ড এডমিনিষ্ট্ৰেচনৰ স্নাতক মোলা কেৱল ফেশ্বন আৰু মডেলিঙৰ জগতখনতেই সফল হোৱা নহয়। তেওঁ একাধাৰে সাহিত্য আৰু সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, পেছাদাৰী মডেল আৰু সংবাদ জগতৰ সৈতেও জড়িত।
মোলা ‘Voices of Tomorrow’ নামৰ এটা সংস্থাৰ প্ৰতিষ্ঠাপক আৰু সভানেত্ৰী। এই সংস্থাটোৱে আৰ্থিকভাৱে পিছপৰা শিশুসকলক ইংৰাজী ভাষাৰ শিক্ষা আৰু তেওঁলোকৰ সামগ্ৰিক বিকাশৰ বাবে কাম কৰে।
জোহাইৰী মোলাই এতিয়া বিশ্বজুৰি বিভিন্ন সামাজিক কাম, জনকল্যাণমূলক পদক্ষেপ আৰু ‘বিউটি উইথ এ পাৰ্পজ’ অভিযানত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মিছ ৱৰ্ল্ড সংগঠনটোক প্ৰতিনিধিত্ব কৰিব। আয়োজকসকলে জানিবলৈ দিয়া মতে, তাঞ্জানিয়াই ২০২৭ চনৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতা আয়োজন কৰিব।
উল্লেখ্য যে এইবাৰৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল নিকিতা পোড়ৱালে। অৱশ্যে তেওঁ প্ৰতিযোগিতাখনৰ শীৰ্ষ ২০ ৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল।





