মধ্যপ্ৰদেশৰ সাগৰত ৰহস্যজনকভাৱে মৃত্যু হৈছে ৯জন লোকৰ। আন ১২ জনতকৈও অধিক লোক হাস্পাতালত চিকিৎসাধীন হৈ আছে। শনিবাৰে নিশা সংঘটিত এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। সূত্ৰ অনুসৰি নিহত আটাইকেইজনে মদ্যপান কৰি আছিল।
জানিব পৰা মতে শনিবাৰে নিশা মদ খাই হঠাৎ ইজনৰ পিছত সিজন অসুস্থ হৈ পৰে। প্ৰাথমিক তথ্য অনুসৰি মুহূৰ্ততে অসুস্থ হৈ পৰা লোকসকলৰ অৱস্থা সংকটজনক হৈ পৰে। তেওঁলোকক শীঘ্ৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকে ৯ জন লোকক মৃত ঘোষণা কৰে।
বিষাক্ত সুৰাকে সম্ভাৱ্য কাৰণ হিচাপে সন্দেহ কৰা হৈছে যদিও কৰ্তৃপক্ষই মদ্যপানৰ বিষক্ৰিয়াৰ বিষয়ে এতিয়াও কোনো কথা নিশ্চিত কৰা নাই। আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব। তদন্তৰ স্বাৰ্থত আৰক্ষীয়ে পৰিয়াল আৰু স্থানীয় বাসিন্দাসকলৰ জেৰা অব্যাহত ৰাখিছে।
আনহাতে, মদৰ নমুনা পৰীক্ষা কৰি সুৰা ক’ৰ পৰা ক্ৰয় কৰা হৈছিল সেই কথা জানিবলৈ আৰক্ষীয়েও অনুসন্ধান আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বে এই ঘটনা সংঘটিত হোৱা অঞ্চলত ভেজাল সুৰা বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল। একেলগে ৯ জন লোকৰ মৃত্যুৰ ঘটনাই সেই অভিযোগকে প্ৰমান কৰা বুলি ধাৰণা কৰা হৈছে।
মদ্যপানৰ বাবেই এই লোকসকলৰ মৃত্যু হৈছে নে নাই আৰু এই ঘটনাত অবৈধ সুৰাৰ চক্ৰ জড়িত আছিল নেকি আৰক্ষীয়ে তাৰ তদন্ত অব্যাহত ৰাখিছে।
যোৱা আগষ্ট মাহত গুজৰাটৰ ভাৱনগৰ জিলাত ভেজাল সুৰা সেৱন কৰি ১৩ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছিল। ১২ জনতকৈ অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল। বিষয়াসকলে জনোৱা মতে, এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত চাৰিজন অবৈধ সুৰা বিক্ৰেতাক গ্ৰেপ্তাৰ কৰা হৈছিল। তদন্তত এই সুৰাত ৩৮.৫৯ শতাংশ মিথানল পোৱা গৈছিল। এতিয়া মধ্যপ্ৰদেশৰ সাগৰতো একেধৰণৰ ঘটনাই নতুনকৈ উদ্বেগৰ সৃষ্টি কৰিছে।


