ৰাছিয়াৰ সৈতে হোৱা যুদ্ধত অৰ্থনীতি বিধ্বস্ত হৈ পৰিছে। সমগ্ৰ দেশৰ অৱস্থা প্ৰায় দেউলীয়া। এই পৰিস্থিতিত ইউক্ৰেইনে যুদ্ধৰ খৰচ বহন কৰিবলৈ পৰ্ণ উদ্যোগক আইনী বৈধতা দিয়াৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰিছে। দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদনত এই কথা দাবী কৰা হৈছে।
বিৰোধী দলৰ সাংসদ ইয়াৰোস্লাভ ঝেলেজনিয়াকে পৰ্ণ উদ্যোগক বৈধ ঘোষণা কৰিবলৈ ইউক্ৰেইনৰ সংসদত বিধেয়ক দাখিল কৰিছে। অনুমান অনুসৰি ইয়াৰ ফলত বছৰি ২৫ মিলিয়ন ডলাৰ পৰ্যন্ত ৰাজহ আহিব পাৰে। ঝেলেজনিয়াকে দাবী কৰে যে এই ধনেৰে যুদ্ধৰ বাবে প্ৰায় ৩০ হাজাৰ ড্ৰ’ন ক্ৰয় কৰিব পৰা যাব।
ইউক্ৰেইনত পৰ্ণ ছবি নিৰ্মাণ কৰা নিষিদ্ধ। আইন ভংগ কৰিলে সৰ্বোচ্চ সাত বছৰৰ কাৰাদণ্ড হ’ব পাৰে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে ইউক্ৰেইনত পৰ্ণগ্ৰাফী সম্পূৰ্ণৰূপে নিষিদ্ধ। বৰঞ্চ বহু লোকে গোপনে পৰ্ণ কন্টেন্ট তৈয়াৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইণ্টাৰনেটৰ সৌজন্যত সেই সকলোবোৰ সমগ্ৰ দেশতে বিয়পি পৰিছে। কিন্তু চৰকাৰে ইয়াৰ পৰা এটকাও উপাৰ্জন নকৰে।
দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ তথ্য অনুসৰি ২০২৩ চনত ইউক্ৰেইনৰ মুঠ ৭,৯০০ কন্টেন্ট ক্ৰিয়েটৰে অনলিফেন্সৰ পৰা ১৩১ মিলিয়ন ডলাৰতকৈ অধিক উপাৰ্জন কৰিছিল। এই তথ্য OnlyFans ৰ মূল কোম্পানী Fenix International ৰ পৰিসংখ্যাৰ পৰা লাভ কৰা হৈছে। কিন্তু ইউক্ৰেইনৰ কৰ বিভাগে এই আয়ৰ ওপৰত কৰ সংগ্ৰহৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল।
অভিযোগ কৰা হৈছে যে তেওঁলোকে আয় ঘোষণা কৰাৰ পিছতহে কেইবাজনো কন্টেন্ট ক্ৰিয়েটৰলৈ জাননী প্ৰেৰণ কৰা হৈছিল। কৰ ফাঁকিৰ উপৰিও তেওঁলোকৰ বিৰুদ্ধে অবৈধভাৱে প্ৰাপ্তবয়স্কৰ বিষয়বস্তু সৃষ্টি কৰাৰ অভিযোগো উত্থাপন হৈছিল। ফলত ক্ৰিয়েটৰসকলৰ হাতত দুটা বিকল্প আছিল – নিজৰ আয় ঘোষণা কৰা আৰু সম্ভাৱ্য অপৰাধমূলক তদন্তৰ সন্মুখীন হোৱা, বা গোপনে কাম কৰি যোৱা।
OnlyFans ৰ কন্টেন্ট ক্ৰিয়েটৰ Svitlana Dvornikova এ কয় যে এদিন ৰাতিপুৱা তেওঁ নিজৰ ছোৱালীজনীক স্কুললৈ পঠিয়াবলৈ সাজু হৈছিল। সেই সময়ত আৰক্ষীয়ে তেওঁৰ ঘৰত অভিযান চলাইছিল। ২০ হাজাৰ ডলাৰ নগদ ধন, এটা লেপটপ আৰু এটা হাৰ্ড ড্ৰাইভ জব্দ কৰে। তেওঁ অভিযোগ কৰে যে গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ তেওঁক উৎকোচ বিচৰা হৈছিল যদিও তেওঁ নাকচ কৰিছিল। ড্ভৰ্নিকোভাই দাবী কৰে যে তেওঁ প্ৰায় ৯ লাখ ডলাৰ কৰ দিছে। চৰকাৰে এতিয়া কেনেকৈ তেওঁক অপৰাধী বুলি ক’ব?
ইয়াৰ পিছত ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ ওচৰত অভিযোগ দিবলৈ মুকলি কৰা ৱেবছাইট এটাত গৈ গোটেই বিষয়টোৰ ওপৰত এখন আবেদন দাখিল কৰে। তাত ড্ভৰ্নিকোভাই পৰ্ণ উদ্যোগক বৈধ কৰিবলৈ দাবী জনায়। এই আবেদনখন সোনকালে জনপ্ৰিয় হৈ উঠে। ৱাল ষ্ট্ৰীট জাৰ্নেলে প্ৰকাশ কৰা অনুসৰি এসপ্তাহৰ ভিতৰত ২৫ হাজাৰতকৈ অধিক ইউক্ৰেইনীয় লোকে ইয়াত স্বাক্ষৰ কৰে।
ইয়াৰ পিছত জেলেনস্কিয়ে কয় যে পৰ্ণগ্ৰাফীক বৈধ কৰাৰ প্ৰস্তাৱ সংসদত বিবেচনা কৰা হ’ব। যোৱা জুলাই মাহত ইউক্ৰেইনৰ সংসদত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ঝেলেজনিয়াকে অনা বিধেয়কখন অনুমোদন জনোৱা হৈছিল। এতিয়া দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ বাবে অপেক্ষা কৰা হৈছে।

