এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কঠোৰ সকীয়নি গৌতম বুদ্ধনগৰ জিলা দণ্ডাধীশ মেধা ৰূপমক। দিল্লী বিশ্ববিদ্যালয়ৰ ২৪ বছৰীয়া ছাত্ৰী আকৃতি চৌধুৰীক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত আটক কৰাৰ ঘটনাৰ বাবে নয়ডা জিলা দণ্ডাধীশ আৰু আৰক্ষীৰ বিৰুদ্ধে চূড়ান্ত ক্ষোভ প্ৰকাশ কৰিছে উচ্চ ন্যায়ালয়ে।
কেৱল সেয়াই নহয়, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অতুল শ্ৰীধৰণ আৰু ন্যায়াধীশ আচল সচদেৱে জিলা দণ্ডাধীশ আৰু ষ্টেচন হাউছ অফিচাৰ (এছ এইচ অ’)কে ধৰি ঘটনাৰ লগত জড়িত সকলোৰে দৰমহাৰ পৰা ধন কৰ্তন কৰাৰ লগতে আকৃতিক ৫ লাখ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে।
উল্লেখ্য যে জিলা দণ্ডাধীশগৰাকী আকৌ ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কন্যা। তেওঁৱেই ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত আটক কৰাৰ নিৰ্দেশ দিছিল। তাৰ বাবে উচ্চ ন্যায়ালয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে।
উচ্চ ন্যায়ালয়ে সকীয়নি দিয়া আকৃতিৰ এই ঘটনাটো যোৱা এপ্ৰিল মাহত নয়ডাত হোৱা শ্ৰমিকৰ প্ৰতিবাদৰ সৈতে জড়িত। মজুৰি বৃদ্ধিৰ দাবীত শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই ঘটনাৰ সূত্ৰ ধৰি দিল্লী বিশ্ববিদ্যালয়ৰ ইতিহাসৰ স্নাতক আকৃতিক গ্ৰেপ্তাৰ কৰা হয়। পিছত ১৩ মে’ত উত্তৰ প্ৰদেশ আৰক্ষীয়ে আকৃতি আৰু সাংবাদিক সত্য বাৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন জাপি দিয়ে।
সেই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে ২ ছেপ্টেম্বৰত দিয়া ১৫ পৃষ্ঠাৰ আদেশত আমোলাতন্ত্ৰ আৰু আৰক্ষীৰ ভূমিকা সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ কৰিছে। উচ্চ ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে কয় যে বিষয়াসকলৰ ওপৰত অপৰিসীম ক্ষমতা অৰ্পণ কৰা হৈছে, নাগৰিকৰ সাংবিধানিক আৰু আইনী অধিকাৰৰ দায়িত্ব তেওঁলোকৰ হাততে আছে। তেওঁলোকে নাগৰিকৰ সন্মান আৰু কল্যাণৰ দৰে কথাবোৰ নিশ্চিত কৰিব লাগিব।
উচ্চ ন্যায়ালয়ে অতি কঠোৰ ভাষাৰে কৈছে যে আমোলা আৰু আৰক্ষী বিষয়াসকলে মনত ৰাখিব লাগিব যে তেওঁলোকৰ আনুগত্য কোনো ৰাজনৈতিক কৰ্তৃপক্ষৰ প্ৰতি নহয়, সংবিধানৰ প্ৰতিহে। তেওঁলোক ৰাইজৰ সেৱক। গণতন্ত্ৰত জনসাধাৰণেই মালিক।
এই পৰিপ্ৰেক্ষিতত উচ্চ ন্যায়ালয়ে সকীয়াই দিছে যে আমোলা আৰু আৰক্ষী বিষয়াই যেতিয়া তেওঁলোকৰ শপত অৱজ্ঞা কৰি কোনো কাম কৰে তেতিয়া জনসাধাৰণে তেওঁলোকক ব্ৰিটিছ যুগৰ অত্যাচাৰী ব্যৱস্থাৰ অৱশিষ্ট অংশ হিচাপে গণ্য কৰিব পাৰে, যাৰ ফলত জনসাধাৰণৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হ’ব পাৰে।





