• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

উচ্চ ন্যায়ালয়ে অতি কঠোৰ ভাষাৰে কৈছে যে আমোলা আৰু আৰক্ষী বিষয়াসকলে মনত ৰাখিব লাগিব যে তেওঁলোকৰ আনুগত্য কোনো ৰাজনৈতিক কৰ্তৃপক্ষৰ প্ৰতি নহয়, সংবিধানৰ প্ৰতিহে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 8, 2026 10:35 am
105
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কঠোৰ সকীয়নি গৌতম বুদ্ধনগৰ জিলা দণ্ডাধীশ মেধা ৰূপমক। দিল্লী বিশ্ববিদ্যালয়ৰ ২৪ বছৰীয়া ছাত্ৰী আকৃতি চৌধুৰীক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত আটক কৰাৰ ঘটনাৰ বাবে নয়ডা জিলা দণ্ডাধীশ আৰু আৰক্ষীৰ বিৰুদ্ধে চূড়ান্ত ক্ষোভ প্ৰকাশ কৰিছে উচ্চ ন্যায়ালয়ে।

কেৱল সেয়াই নহয়, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অতুল শ্ৰীধৰণ আৰু ন্যায়াধীশ আচল সচদেৱে জিলা দণ্ডাধীশ আৰু ষ্টেচন হাউছ অফিচাৰ (এছ এইচ অ’)কে ধৰি ঘটনাৰ লগত জড়িত সকলোৰে দৰমহাৰ পৰা ধন কৰ্তন কৰাৰ লগতে আকৃতিক ৫ লাখ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে জিলা দণ্ডাধীশগৰাকী আকৌ ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কন্যা। তেওঁৱেই ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত আটক কৰাৰ নিৰ্দেশ দিছিল। তাৰ বাবে উচ্চ ন্যায়ালয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে।

Apply Now

উচ্চ ন্যায়ালয়ে সকীয়নি দিয়া আকৃতিৰ এই ঘটনাটো যোৱা এপ্ৰিল মাহত নয়ডাত হোৱা শ্ৰমিকৰ প্ৰতিবাদৰ সৈতে জড়িত। মজুৰি বৃদ্ধিৰ দাবীত শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই ঘটনাৰ সূত্ৰ ধৰি দিল্লী বিশ্ববিদ্যালয়ৰ ইতিহাসৰ স্নাতক আকৃতিক গ্ৰেপ্তাৰ কৰা হয়। পিছত ১৩ মে’ত উত্তৰ প্ৰদেশ আৰক্ষীয়ে আকৃতি আৰু সাংবাদিক সত্য বাৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন জাপি দিয়ে।

সেই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে ২ ছেপ্টেম্বৰত দিয়া ১৫ পৃষ্ঠাৰ আদেশত আমোলাতন্ত্ৰ আৰু আৰক্ষীৰ ভূমিকা সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ কৰিছে। উচ্চ ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে কয় যে বিষয়াসকলৰ ওপৰত অপৰিসীম ক্ষমতা অৰ্পণ কৰা হৈছে, নাগৰিকৰ সাংবিধানিক আৰু আইনী অধিকাৰৰ দায়িত্ব তেওঁলোকৰ হাততে আছে। তেওঁলোকে নাগৰিকৰ সন্মান আৰু কল্যাণৰ দৰে কথাবোৰ নিশ্চিত কৰিব লাগিব।

উচ্চ ন্যায়ালয়ে অতি কঠোৰ ভাষাৰে কৈছে যে আমোলা আৰু আৰক্ষী বিষয়াসকলে মনত ৰাখিব লাগিব যে তেওঁলোকৰ আনুগত্য কোনো ৰাজনৈতিক কৰ্তৃপক্ষৰ প্ৰতি নহয়, সংবিধানৰ প্ৰতিহে। তেওঁলোক ৰাইজৰ সেৱক। গণতন্ত্ৰত জনসাধাৰণেই মালিক।

এই পৰিপ্ৰেক্ষিতত উচ্চ ন্যায়ালয়ে সকীয়াই দিছে যে আমোলা আৰু আৰক্ষী বিষয়াই যেতিয়া তেওঁলোকৰ শপত অৱজ্ঞা কৰি কোনো কাম কৰে তেতিয়া জনসাধাৰণে তেওঁলোকক ব্ৰিটিছ যুগৰ অত্যাচাৰী ব্যৱস্থাৰ অৱশিষ্ট অংশ হিচাপে গণ্য কৰিব পাৰে, যাৰ ফলত জনসাধাৰণৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হ’ব পাৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্গা পূজা চাবলৈ গৈ আক্ৰমণৰ বলি ছাত্ৰৰ মৃত্যু : সংকটজনক অৱস্থাত চিকিৎসাধীন বন্ধু

দুৰ্গা পূজা চাবলৈ গৈ আক্ৰমণৰ বলি ছাত্ৰৰ মৃত্যু : সংকটজনক অৱস্থাত চিকিৎসাধীন বন্ধু

October 20, 2026 4:04 pm
১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

October 20, 2026 2:47 pm
আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ বাটকটীয়া অধ্যাপক সুধাকৰ নাদকৰ্ণীৰ ৮৮ বছৰ বয়সত দেহাৱসান

আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ বাটকটীয়া অধ্যাপক সুধাকৰ নাদকৰ্ণীৰ ৮৮ বছৰ বয়সত দেহাৱসান

October 20, 2026 2:34 pm
দেশত অস্থিৰতা বিচৰা অপশক্তিৰ সৈতে হাত মিলাইছে একাংশ উচ্চাকাংক্ষী নেতাই: বিজয়া দশমীত মোহন ভাগৱতৰ বিস্ফোৰক অভিযোগ

দেশত অস্থিৰতা বিচৰা অপশক্তিৰ সৈতে হাত মিলাইছে একাংশ উচ্চাকাংক্ষী নেতাই: বিজয়া দশমীত মোহন ভাগৱতৰ বিস্ফোৰক অভিযোগ

October 20, 2026 2:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্গা পূজা চাবলৈ গৈ আক্ৰমণৰ বলি ছাত্ৰৰ মৃত্যু : সংকটজনক অৱস্থাত চিকিৎসাধীন বন্ধু

দুৰ্গা পূজা চাবলৈ গৈ আক্ৰমণৰ বলি ছাত্ৰৰ মৃত্যু : সংকটজনক অৱস্থাত চিকিৎসাধীন বন্ধু

October 20, 2026 4:04 pm
১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

October 20, 2026 2:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd