লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মংগলবাৰে ৰাজধানী দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী চাংথাম বিক্ৰম সিঙক একাংশ লোকে মৰিয়াই হত্যা কৰা ঘটনাক তীব্ৰ গৰিহণা দিয়ে। এক্স (X) হেণ্ডেলত প্ৰকাশ কৰা এক পোষ্টত কংগ্ৰেছ নেতাজনে দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ বিৰুদ্ধে বৃদ্ধি পোৱা অপৰাধ ৰোধ কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দিল্লী আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰিছে, সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।
গান্ধীয়ে নিজৰ পোষ্টটোত লিখে, “মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী চাংথাম বিক্ৰম সিং জীয়ে নিজৰ ঘৰৰ বাহিৰত একাংশ লোকক চিঞৰ-বাখৰ কমাবলৈ অনুৰোধ কৰিবলৈ তললৈ গৈছিল। ইয়াৰ বাবেই তেওঁক মৰিয়াই হত্যা কৰা হ’ল। নিজৰ ঘৰৰ বাহিৰত, নিজৰ দেশৰ ৰাজধানীতেই এজন পিতৃক হত্যা কৰা হ’ল। এনে ধৰণৰ বহুতো ঘটনাৰ পাছত, দিল্লীত থকা উত্তৰ-পূবৰ প্ৰতিটো পৰিয়ালে আজি একেটাই প্ৰশ্ন সুধিছে— আমি ইয়াত সুৰক্ষিত নে?”
অপৰাধীৰ ক্ষিপ্ৰ তদন্ত আৰু কঠোৰ শাস্তিৰ দাবী জনাই তেওঁ লগতে কয়, “বিশেষকৈ উত্তৰ-পূবৰ লোকসকলৰ বিৰুদ্ধে বৃদ্ধি পোৱা এনে আইনশৃংখলাহীনতা ৰোধ কৰিবলৈ শ্বাহৰ গৃহ মন্ত্ৰালয় আৰু দিল্লী আৰক্ষীয়ে কি কৰিছে? ইয়াৰ ক্ষিপ্ৰ তদন্ত হ’ব লাগে আৰু দোষীক আইনৰ কাঠগৰালৈ আনিব লাগে। বিক্ৰম জীৰ পৰিয়াললৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।”





