ভাৰতৰ নিৰ্বাচন আয়োগে ৭ ছেপ্টেম্বৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পাছতে নিৰ্বাচনক লৈ তৎপৰ হৈ উঠিছে নগাঁও জিলা প্ৰশাসন। সোমবাৰে দায়িত্ব গ্ৰহণ কৰা নগাঁওৰ উপায়ুক্ত তথা নিৰ্বাচনী ৰিটাৰ্নিং বিষয়া অৰণ্যক শইকীয়াই সেইদিনাই এখন সংবাদমেলত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত অৱগত কৰে। তেওঁ জনায় যে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ লগে লগে জিলাখনত আদৰ্শ আচৰণবিধি কাৰ্যকৰী হৈছে।
নিৰ্বাচন আয়োগৰ নিৰ্ধাৰিত সময়সূচী অনুসৰি, ১৬ ছেপ্টেম্বৰ হ’ব মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। ১৭ ছেপ্টেম্বৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব। আনহাতে, প্ৰাৰ্থীসকলে ১৯ ছেপ্টেম্বৰলৈকে নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। নগাঁও লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৬ অক্টোবৰত আৰু ভোটগণনা কৰা হ’ব ৯ অক্টোবৰত।
উপায়ুক্ত অৰণ্যক শইকীয়াই জানিবলৈ দিয়া মতে, নগাঁও লোকসভা সমষ্টিত মুঠ ১৯ লাখ ৭ হাজাৰ ২০৯গৰাকী ভোটাৰ আছে। এই সমষ্টিৰ অন্তৰ্গত মুঠ আঠটা বিধানসভা সমষ্টি আছে। ইয়াৰে নগাঁও জিলাত পাঁচটা আৰু মৰিগাঁও জিলাত তিনিটা বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈ আছে।
নগাঁও জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহ হৈছে ধিং, ৰূপহীহাট, চামগুৰি, ৰহা আৰু নগাঁও-বটদ্ৰৱা। আনহাতে, মৰিগাঁও জিলাৰ লাহৰীঘাট, জাগীৰোড আৰু মৰিগাঁও বিধানসভা সমষ্টি নগাঁও লোকসভা সমষ্টিৰ অংশ।
সমগ্ৰ লোকসভা সমষ্টিটোত মুঠ ১,৩৩৯টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচনী সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰাৰ লগতে ষ্ট্ৰং ৰুম স্থাপন কৰা হ’ব নগাঁও চহৰৰ নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু ডাওছন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত। এই দুয়োটা স্থানতে ভোটগণনাৰ ব্যৱস্থাও কৰা হ’ব বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।
উপ-নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে এটা নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰিছে। ভোটাৰ আৰু সাধাৰণ ৰাইজে নিৰ্বাচন সম্পৰ্কীয় সহায় বা তথ্যৰ বাবে ০৩৬৭২-২৩৮০০০ নম্বৰত অথবা ১০৭৭ নম্বৰৰ বিনামূলীয়া সেৱাত যোগাযোগ কৰিব পাৰিব।
শান্তিপূৰ্ণ আৰু সুশৃংখলভাৱে উপ-নিৰ্বাচন সম্পন্ন কৰাৰ ক্ষেত্ৰত নগাঁওবাসীৰ সহায়-সহযোগিতা কামনা কৰিছে উপায়ুক্ত তথা নিৰ্বাচনী ৰিটাৰ্নিং বিষয়া অৰণ্যক শইকীয়াই। ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ, নিৰাপত্তা আৰু ভোটগ্ৰহণৰ সকলো ব্যৱস্থা অধিক গতিশীল কৰি তোলাৰ দিশত আগবাঢ়িছে প্ৰশাসন।





