• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2026 6:32 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পত্নীক নিষ্ঠুৰভাৱে হত্যা কৰাৰ অভিযোগত বৰ্তমান আৰক্ষীৰ জিম্মাত থকা ৰামানুজ গোস্বামীৰ এক মন্তব্যই সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মঙলবাৰে আদালতলৈ নি থকাৰ সময়ত সংবাদ মাধ্যমৰ আগত ৰামানুজে মুকলিকৈ স্বীকাৰ কৰে যে তেওঁ নিজৰ পত্নী ৰিয়া তালুকদাৰক হত্যা কৰিছে। ইয়াৰ উপৰিও তেওঁ এক ভয়ংকৰ ভাবুকি দি কয় যে কাৰাগাৰৰ পৰা ওলাই আহি তেওঁ পত্নীৰ ‘ছুগাৰ ডেডী’কো হত্যা কৰিব।

মঙলবাৰে আদালতলৈ নিয়াৰ পথত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ৰামানুজে এই চাঞ্চল্যকৰ মন্তব্য কৰে। সাংবাদিকসকলে বাৰে বাৰে সেই ‘ছুগাৰ ডেডী’জনৰ পৰিচয় জানিবলৈ বিচৰাত তেওঁ খঙত অগ্নিশৰ্মা হৈ পৰে আৰু সকলোৰে সৈতে বেয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। আটাইতকৈ আচৰিত কথাটো হ’ল, নিজৰ পত্নীক ইমান নৃশংসভাৱে হত্যা কৰাৰ পাছতো তেওঁৰ মনত অকণো অনুশোচনা নাই বুলি তেওঁ নিজেই স্পষ্ট কৰি দিয়ে।

Apply Now

 

পঁচিশ বছৰীয়া ৰিয়া তালুকদাৰক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে দেওবাৰে নিশা ৰামানুজক গ্ৰেপ্তাৰ কৰে। ঘটনাৰ পাছৰে পৰা প্ৰায় দুদিন ধৰি তেওঁ ঘৰৰ পৰা পলাতক অৱস্থাত আছিল। অৱশেষত দেওবাৰে নিশা তেওঁ নিজেই গৈ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। সোমবাৰে আদালতত হাজিৰ কৰোৱাৰ পাছত ন্যায়ালয়ে তেওঁক অধিক জেৰাৰ বাবে সাত দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

এই সমগ্ৰ ভয়ংকৰ ঘটনাটো পোহৰলৈ আহে যোৱা ছয় ছেপ্টেম্বৰ তাৰিখে। গুৱাহাটীৰ এটা আৱাসিক ফ্লেটৰ পৰা তীব্ৰ দুৰ্গন্ধ ওলোৱাত ওচৰ-চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে। স্থানীয় লোকে আৰক্ষীক জনোৱা মতে, মাত্ৰ কেইমাহমানৰ আগতে বিবাহপাশত আৱদ্ধ হোৱা এই দম্পতীহালক প্ৰায় দুদিন ধৰি কোনেও দেখা নাছিল আৰু তেওঁলোক দুয়োৰে মোবাইল ফোনো বন্ধ আছিল।

ইয়াৰ পিছত আৰক্ষীয়ে ফ্লেটৰ দৰ্জা ভাঙি ভিতৰত প্ৰৱেশ কৰি ৰিয়াৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহটোত ইতিমধ্যে পচিবলৈ আৰম্ভ কৰিছিল আৰু দেহটোৰ কেইটামান আঙুলিও আংশিকভাৱে কটা অৱস্থাত আছিল। আটাইতকৈ ভয়ংকৰ দৃশ্যটো আছিল যে ঘটনাস্থলীত ৰিয়াৰ মূৰটো নাছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে ফ্লেটটোত তন্ন তন্নকৈ তালাচী চলোৱাত ফ্ৰীজৰ ভিতৰত পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত ৰিয়াৰ কটা মূৰটো উদ্ধাৰ কৰে। ইতিমধ্যে মৃতদেহ আৰু মূৰটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

আৰক্ষীৰ প্ৰাথমিক অনুমান অনুসৰি, কোনো ঘৰুৱা বিবাদৰ পৰিণতিতেই ৰিয়াৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰা হৈছে। কিন্তু এই হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। আদালতলৈ যোৱাৰ পথত ৰামানুজে কৰা ‘ছুগাৰ ডেডী’ সম্পৰ্কীয় মন্তব্যই এতিয়া তদন্তৰ দিশ সলনি কৰি পেলাইছে আৰু বহুতো নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছে।

এই ‘ছুগাৰ ডেডী’জন প্ৰকৃততে কোন, ৰিয়াৰ সৈতে তেওঁৰ কিবা সম্পৰ্ক আছিল নেকি আৰু এই সমগ্ৰ হত্যাকাণ্ডৰ আঁৰত এই লোকজনৰ কিবা হাত আছে নেকি, সেই সকলোবোৰ দিশ এতিয়া আৰক্ষীয়ে অতি গুৰুত্বসহকাৰে পৰীক্ষা কৰি আছে। ইপিনে, নিজৰ পত্নীক হত্যা কৰিও অভিযুক্তৰ মনত ক্ষমা খুজিবলৈ কোনো আক্ষেপ নথকা বিষয়টোৱে সকলোকে আচৰিত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 8, 2026 7:23 pm
“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

September 8, 2026 6:32 pm
নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

September 8, 2026 5:02 pm
লোভেই পাপ, পাপেই মৃত্যু! অত্যধিক ভাড়াৰ লালসাত অতিৰিক্ত মহলা সজাৰ বাবেই হ’ল দিল্লীৰ কৰুণ দুৰ্ঘটনা

লোভেই পাপ, পাপেই মৃত্যু! অত্যধিক ভাড়াৰ লালসাত অতিৰিক্ত মহলা সজাৰ বাবেই হ’ল দিল্লীৰ কৰুণ দুৰ্ঘটনা

September 8, 2026 3:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 8, 2026 7:23 pm
“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

September 8, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd