নেপাল ইলেকট্ৰিচিটি অথ’ৰিটিয়ে জানিবলৈ দিছে যে নেপাল চৰকাৰে ৪০০ কিলোভল্টৰ বাটৱাল-গোৰখপুৰ আন্তঃসীমা বিদ্যুৎ লাইনৰ প্ৰকল্পৰ পুঁজি যোগান আৰ্হিত অনুমোদন জনাবলৈ আৰু প্ৰকল্পটোৰ কাম খৰতকীয়া কৰিবলৈ ভাৰতক অনুৰোধ কৰিব। অহা ২০-২২ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’ব লগীয়া নেপাল-ভাৰত শক্তিখণ্ডৰ সচিব পৰ্য্যায়ৰ যুটীয়া কৰ্ণধাৰ সমিতিৰ বৈঠকত ভাৰতৰ শক্তিখণ্ডৰ সচিবৰ ওচৰত তেওঁলোকে এই অনুৰোধ কৰিব।
উল্লেখযোগ্য যে যোৱা বছৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা দ্বিতীয়খন যুটীয়া বৈঠকত ১৩৫ কিলোমিটাৰ আন্তঃসীমা বিদ্যুৎ লাইন স্থাপনৰ সিদ্ধান্ত লোৱা হৈছিল। প্ৰস্তাৱিত লাইনটোৰ মুঠ দৈৰ্ঘ্যৰ ১১৫ কিলোমিটাৰ ভাৰতৰ সীমাত পৰে আৰু বাকী ২০ কিলোমিটাৰ নেপালৰ ভিতৰত পৰে। বৈঠকত এটা যুটীয়া কাৰিকৰী গোটে প্ৰস্তুত কৰি উলিওৱা প্ৰকল্পৰ প্ৰতিবেদনখনত অনুমোদন জনাবলৈ দুয়োখন দেশ সন্মত হৈছিল।
নেপালৰ বিষয়াসকলে জনাইছে যে তেওঁলোকে ইতিপূৰ্বে তেওঁলোকৰ ২০ কিলোমিটাৰ লাইনৰ বাবে পুঁজিৰ ব্যৱস্থা কৰিছে। এই পুঁজি তেওঁলোকে আমেৰিকাৰ এটা স্বতন্ত্ৰৰীয়া প্ৰাধিকাৰীক কাম কৰিবৰ বাবে দিব। জানিব পৰা মতে নেপালৰ শক্তি মন্ত্ৰ্যালয়ে এই প্ৰস্তাৱিত বিদুৎ পৰিৱহণ লাইনৰ প্ৰকল্পটোত সৰ্বাধিক গুৰুত্ব দিছে, কাৰণ ই ভাৰতৰ পৰা আমদানি কৰা বিদ্যুৎ ইয়াৰ অতি উচ্চ পৰিমাণে বিদ্যুৎ ব্যৱহাৰ কৰা মহানগৰ, যেনে- ভৈৰৱা, বুটৱাল, পোখাৰা, আৰু নাৰায়ণগড়ত বিতৰণত সুচলতা দিব। তাৰোপৰি এই বিদ্যুৎ লাইনে বৰ্তমান নিৰ্মীয়মাণ অৱস্থাত থকা বুধি গণ্ডকী আৰু মাৰ্চৱাংডি কৰিডৰৰ বিদ্যুৎ প্ৰকল্পত উৎপাদন আৰম্ভ হ’লে ৰাহি হোৱা বিদ্যুৎ সৰবৰাহ কৰাত সুবিধা দিব।