বৈবাহিক ধৰ্ষণক অপৰাধ হিচাপে গণ্য কৰা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে বুধবাৰে উচ্চতম ন্যায়ালয়ত স্পষ্ট কৰি দিয়ে যে এই সিদ্ধান্ত গ্ৰহণ কৰাটো কেৱল সংসদ আৰু কাৰ্যপালিকাৰহে এক্তিয়াৰৰ ভিতৰত পৰে, ন্যায়ালয়ৰ নহয়। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে তিনি সপ্তাহৰ পাছৰ পৰা প্ৰতি বুধবাৰে আৰু বৃহস্পতিবাৰে এই স্পৰ্শকাতৰ গোচৰটোৰ চূড়ান্ত শুনানি গ্ৰহণ কৰিব।
কেন্দ্ৰৰ হৈ আদালতত হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি দৰ্শায় যে বৈবাহিক ধৰ্ষণক অপৰাধ হিচাপে ঘোষণা কৰিলে বিবাহ নামৰ সামাজিক প্ৰতিষ্ঠানটোৰ স্থায়িত্বলৈ ভাবুকি আহিব পাৰে। চৰকাৰৰ মতে, বৈবাহিক সম্পৰ্কৰ ভিতৰত হোৱা যৌন সম্পৰ্কৰ বিবাদসমূহ সাধাৰণ ধৰ্ষণৰ সমপৰ্যায়ত ৰখাৰ পৰিৱৰ্তে বৰ্তমানৰ আন আইনী ব্যৱস্থাৰে মোকাবিলা কৰা উচিত।
মহিলাৰ নিৰাপত্তাক এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে অভিহিত কৰি ন্যায়াধীশ জয়মাল্য বাগচীয় স্পষ্টভাৱে কয় যে বিবাহৰ অৰ্থ কেতিয়াও এগৰাকী মহিলাৰ স্বতন্ত্ৰতা বা অধিকাৰৰ বিলুপ্তি হ’ব নোৱাৰে। বিবাহৰ ভিতৰত অনিচ্ছাকৃত যৌন সম্পৰ্কৰ বলি হোৱা এগৰাকী মহিলা নিশ্চিতভাৱে এগৰাকী ভুক্তভোগী বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰ সমৰ্থনত আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা কৰুণা নন্দীয়ে যুক্তি দৰ্শায় যে বৈবাহিক সম্পৰ্কই কোনো ব্যক্তিক পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন কাৰ্য কৰা বা শাৰীৰিক নিৰ্যাতন চলোৱাৰ অনুজ্ঞাপত্ৰ প্ৰদান নকৰে।
নতুনকৈ প্ৰৱৰ্তন কৰা ভাৰতীয় ন্যায় সংহিতাৰ ৬৩ নং ধাৰাৰ ২ নং ব্যতিক্ৰমটোৱেই হৈছে এই সমগ্ৰ বিতৰ্কৰ মূল কেন্দ্ৰবিন্দু। পূৰ্বৰ ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ নং ধাৰাৰ দৰেই ইয়াতো স্পষ্টকৈ উল্লেখ আছে যে যদি পত্নীৰ বয়স ১৮ বছৰৰ ঊৰ্ধ্বৰ হয়, তেন্তে স্বামীয়ে বলপূৰ্বক স্থাপন কৰা যৌন সম্পৰ্কও ধৰ্ষণৰ পৰ্যায়ত নপৰিব। ২০২২ চনত দিল্লী উচ্চ ন্যায়ালয়ে এই স্পৰ্শকাতৰ বিষয়টোক লৈ এক খণ্ডিত ৰায় প্ৰদান কৰাৰ পাছতেই ই উচ্চতম ন্যায়ালয়ৰ মজিয়া পায়হি। পৰৱৰ্তী শুনানিত সৰ্বোচ্চ ন্যায়ালয়ে মূলতঃ দুটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ বিচাৰিব প্ৰথমটো হ’ল এই আইনী ব্যতিক্ৰমৰ সাংবিধানিক বৈধতা আছেনে নাই, আৰু দ্বিতীয়টো হ’ল এই ব্যতিক্ৰম বাহাল থকাৰ পাছতো স্বামীৰ বিৰুদ্ধে গোচৰ চলোৱা সম্ভৱ হ’বনে নহয়।





