• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

বেহাৰবাৰীৰ গেলেক্সী কমপ্লেক্স অধিগ্ৰহণৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুতবৰ্ধনশীল উপভোক্তা বজাৰ দখলৰ লক্ষ্য দেশৰ প্ৰথম তালিকাভুক্ত খুচুৰা ৰিয়েল এষ্টেট বিনিয়োগ সংস্থাৰ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 10, 2026 1:03 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ প্ৰথম তালিকাভুক্ত খুচুৰা ৰিয়েল এষ্টেট ইনভেষ্টমেণ্ট ট্ৰাষ্ট চমুকৈ আৰইআইটি নেক্সাছ চিলেক্ট ট্ৰাষ্টে পূব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুতবৰ্ধনশীল উপভোক্তা বজাৰত নিজৰ উপস্থিতি সম্প্ৰসাৰণৰ লক্ষ্যৰে গুৱাহাটীত বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰতিষ্ঠানটোৱে গুৱাহাটীৰ বেহাৰবাৰীত নিৰ্মাণৰত গেলেক্সী কমপ্লেক্সৰ ১০০ শতাংশ অংশীদাৰিত্ব অধিগ্ৰহণৰ বাবে ১,৬০০ কোটি টকাৰ এক গুৰুত্বপূৰ্ণ চুক্তি বুধবাৰে ঘোষণা কৰে। এই প্ৰকল্পটোৰ অধীনত ৫ লাখ বৰ্গফুটৰ এক গ্ৰেড-এ নগৰীয়া উপভোক্তা কেন্দ্ৰ নেক্সাছ গেলেক্সী মল আৰু ১৬৪টা কোঠাযুক্ত হায়াট ৰিজেন্সী হোটেল অন্তৰ্ভুক্ত থাকিব। গেলেক্সী ইনফা ক্ৰিয়েচনছ প্ৰাইভেট লিমিটেডৰ দ্বাৰা নিৰ্মাণাধীন এই প্ৰকল্পটো নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ লগতে প্ৰয়োজনীয় সকলো চৰকাৰী অনুমোদন লাভ কৰাৰ পাছত নেক্সাছে আনুষ্ঠানিকভাৱে নিজৰ অধীনলৈ আনিব।

 

Apply Now

গুৱাহাটীত এই প্ৰৱেশক নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ এক বহল ৰণনীতিৰ প্ৰথম পদক্ষেপ হিচাপে চিহ্নিত কৰা হৈছে। প্ৰতিষ্ঠানটোৱে গুৱাহাটীৰ উপৰিও কলকাতা, শিলিগুৰি, পাটনা, ভুৱনেশ্বৰ, ৰাঁচী আৰু জামছেদপুৰক মুখ্য উপভোক্তা বজাৰ হিচাপে চিনাক্ত কৰিছে। নেক্সাছৰ মতে, গুৱাহাটী চহৰখনে আঠখন উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যৰ ৫ কোটিতকৈ অধিক জনসংখ্যাৰ বাবে এক বাণিজ্যিক প্ৰৱেশদ্বাৰ হিচাপে কাম কৰে। দ্ৰুত নগৰীকৰণ, পাৰিবাৰিক আয় বৃদ্ধি আৰু সংহত খুচুৰা বজাৰ তথা প্ৰিমিয়াম ব্ৰেণ্ডৰ বৰ্ধিত চাহিদাৰ ফলত গুৱাহাটী সমগ্ৰ অঞ্চলটোৰ এক প্ৰধান বাণিজ্যিক কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। চহৰখনত গ্ৰেড-এ খুচুৰা স্থানৰ নাটনি থকাৰ পৰিপ্ৰেক্ষিতত এনে এক বৃহৎ সংহত বাণিজ্যিক কেন্দ্ৰ গঢ়ি তোলাৰ ব্যাপক সম্ভাৱনা আছে।

 

প্ৰস্তাৱিত প্ৰকল্পটো গুৱাহাটীৰ এক ঘন আৰু সমৃদ্ধ অঞ্চলত অৱস্থিত। প্ৰতিষ্ঠানটোৰ সমীক্ষা অনুসৰি, ২০ লাখতকৈ অধিক জনসংখ্যা আৰু প্ৰায় ৭,০০০ মাৰ্কিন ডলাৰ জনমূৰি আয় থকা গুৱাহাটীয়ে অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ প্ৰায় ৪৫ শতাংশ বহন কৰে। গুৱাহাটীত প্ৰৱেশৰ লগে লগে নেক্সাছৰ পূব ভাৰতৰ দুটা অন্যতম প্ৰধান উপভোক্তা কেন্দ্ৰ কলকাতা আৰু গুৱাহাটীত শক্তিশালী উপস্থিতি গঢ়ি উঠিব। প্ৰতিষ্ঠানটোৱে সমগ্ৰ পূব ভাৰতৰ চাৰিখন গুৰুত্বপূৰ্ণ চহৰত প্ৰায় ৩৬ লাখ বৰ্গফুট আৱৰি থকা ছয়টা গ্ৰেড-এ খুচুৰা সম্পত্তিৰ এক পৰিকল্পনা হাতত লৈছে। এই অঞ্চলৰ পৰা ৬০০ কোটি টকাতকৈ অধিক নিগুট পৰিচালন আয় আহৰণ কৰা আৰু নিজৰ বৰ্তমানৰ পৰ্টফলিঅ’ৰ মুঠ নিগুট পৰিচালন আয়ৰ ২৫ শতাংশতকৈ অধিক অংশীদাৰিত্ব গঢ়ি তোলাটোৱেই নেক্সাছৰ মূল লক্ষ্য।

 

নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ কাৰ্যবাহী সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া দলীপ ছেহগালে প্ৰকাশ কৰা মতে, এই অধিগ্ৰহণে পূব আৰু উত্তৰ-পূৰ্বাঞ্চলক লৈ প্ৰতিষ্ঠানটোৰ দীৰ্ঘদিনীয়া উচ্চাকাংক্ষাক বাস্তৱত ৰূপায়িত কৰিব। তেওঁ উল্লেখ কৰে যে ক্ৰমৱৰ্ধমান উপভোক্তা চাহিদা আৰু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ চাহিদা থকাৰ পাছতো গুৱাহাটীত উন্নত মানৰ আন্তঃগাঁথনিৰ নাটনি আছিল, যাৰ বাবে এই চহৰখন উত্তৰ-পূৰ্বাঞ্চলৰ স্বাভাৱিক প্ৰৱেশদ্বাৰ হিচাপে বিবেচিত হৈছে। ইতিপূৰ্বে কেৱল কাৰ্যক্ষম ব্যৱসায়িক প্ৰকল্প অধিগ্ৰহণ কৰাৰ পৰিৱৰ্তে উচ্চ সম্ভাৱনাপূৰ্ণ বজাৰসমূহত নিৰ্মাণাধীন প্ৰকল্পৰ সুযোগ বিচৰাৰ নতুন ৰণনীতিৰো এয়া এক নিদৰ্শন। বৰ্তমান প্ৰতিষ্ঠানটোৰ ভাৰতৰ ১৫খন চহৰত ১০৭ লাখ বৰ্গফুট এলেকাজোৰা ১৯টা গ্ৰেড-এ নগৰীয়া কেন্দ্ৰ, তিনিখন হোটেল আৰু তিনিটা কাৰ্যালয় চৌহদ আছে, য’ত ৩,২০০তকৈ অধিক বিপণীৰ জৰিয়তে ১,১০০টা দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডে ব্যৱসায় চলাই আছে।

 

বিত্তীয় দিশৰ পৰা চালে, মল আৰু হোটেলখনৰ বাবে মুঠ ১,৬০০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। নেক্সাছৰ মতে, এই লেনদেনত মলটোৰ বাবে অধিগ্ৰহণ কেপ ৰেট ৮.২৫-৮.৫০ শতাংশ আৰু হোটেলখনৰ বাবে ইবিআইটিডিএ গুণক ১১.৫-১২.৫ গুণ নিৰ্ধাৰণ কৰা হৈছে। প্ৰকল্পটোৰ প্ৰায় ৪০ শতাংশ পুঁজি ঋণৰ জৰিয়তে আৰু বাকী অংশ নতুন ইউনিট জাৰি তথা ইউনিট বিনিময়ৰ জৰিয়তে সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰা হৈছে। অধিগ্ৰহণৰ পাছতো ঋণ আৰু সম্পত্তিৰ মূল্যৰ অনুপাত ২০ শতাংশৰ তলত থাকিব, যাৰ ফলত ভৱিষ্যতে পুনৰ সম্প্ৰসাৰণৰ সুযোগ অক্ষুণ্ণ থাকিব। আনহাতে, গেলেক্সী কমপ্লেক্সৰ বিকাশক মনোজ কায়াল আৰু দীপক কায়ালে প্ৰকাশ কৰে যে এই প্ৰকল্পটোত খুচুৰা ব্যৱসায়, আতিথ্য, বাণিজ্যিক আৰু আৱাসিক আন্তঃগাঁথনিৰ সমন্বয় ঘটোৱা হৈছে, য’ত নেক্সাছৰ খুচুৰা পৰিচালনা আৰু হায়াটৰ আন্তঃৰাষ্ট্ৰীয় আতিথ্য সেৱাৰ সংমিশ্ৰণ ঘটিব।

 

উল্লেখ্য যে, তালিকাভুক্ত হোৱাৰ পাছত এয়া নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ দ্বিতীয়টো আৰু উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমটো নিৰ্মাণাধীন প্ৰকল্পৰ অধিগ্ৰহণ লেনদেন। বৰ্তমান নিৰ্মাণকাৰ্য অব্যাহত থকা প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হোৱাৰ লগতে প্ৰয়োজনীয় সকলো আইনী আৰু প্ৰশাসনিক অনুমোদন লাভ কৰাৰ পাছতেই পুঁজি হস্তান্তৰ আৰু সম্পূৰ্ণ মালিকীস্বত্ব হস্তান্তৰ প্ৰক্ৰিয়া সমাপ্ত হ’ব বুলি প্ৰতিষ্ঠানটোৱে স্পষ্ট কৰিছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য়

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য়

September 10, 2026 2:38 pm
পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm
জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য়

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য়

September 10, 2026 2:38 pm
পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd