প্ৰব্ৰজন বিৰোধী প্ৰতিবাদক কেন্দ্ৰ কৰি ব্ৰিটেইনত এক অদ্ভুত পৰিস্থিতিৰ সৃষ্টি হৈছে। শৰণাৰ্থী বুলি ভুল কৰি পাকিস্তানৰ ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট দলৰ সদস্যসকলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আন্দোলনকাৰীয়ে।
মঙলবাৰে সন্ধিয়া দক্ষিণ ইংলেণ্ডৰ পৰ্টছমাউথৰ এখন হোটেলৰ বাহিৰত সংঘটিত হয় এই ঘটনা। পিছত গম পোৱা গ’ল যে যাৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰা হৈছে তেওঁলোক দৰাচলতে পাকিস্তানৰ কিশোৰ ক্ৰিকেটাৰ।
মঙলবাৰে সন্ধিয়া পাকিস্তানৰ ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট দলটোৱে পৰ্টছমাউথৰ ক’ছাম অঞ্চলৰ মেৰিয়েট হোটেলত উপস্থিত হৈছিল। সেই সময়ত এখন বাছত হোটেলখনৰ সন্মুখত কেইজনমান এছিয়ান যুৱকক দেখা গৈছিল।
সেই ছবি বা বাতৰি ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ পিছত একাংশ অনুপ্ৰৱেশ বিৰোধী প্ৰতিবাদকাৰীয়ে তেওঁলোকক শৰণাৰ্থী বুলি ভুল কৰে। ইয়াৰ পিছতে হোটেলখনৰ সন্মুখত প্ৰায় ৩০ জন লোক সমবেত হৈ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। পৰিস্থিতিৰ খবৰ লাভ কৰাৰ পিছতে হেম্পশ্বাৰ আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়।
আৰক্ষীয়ে জনোৱা মতে, এখন বাছক কেন্দ্ৰ কৰি একাংশ লোকৰ মাজত উদ্বেগ প্ৰকাশ পাইছিল। আৰক্ষীয়ে তেওঁলোকৰ লগত গৈ কথা পাতে আৰু তেওঁলোকৰ আশংকা ভিত্তিহীন বুলি জনায়। কিছুসময়ৰ পাছত প্ৰতিবাদকাৰীসকল গুচি যায়। এই ঘটনাত কোনো ধৰণৰ অপৰাধমূলক অভিযোগ দাখিল কৰা হোৱা নাই।
ব্ৰিটিছ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ঘটনাস্থলীত উপস্থিত হয় প্ৰব্ৰজন বিৰোধী গোট ৰিফৰ্ম ইউ কেৰ এগৰাকী কাউন্সিলাৰ। তেওঁ পৰিস্থিতিৰ বিষয়ে সোধা-পোছা কৰি গম পায় যে হোটেলখনত থকা যুৱকসকল শৰণাৰ্থী নহয়, পাকিস্তানৰ ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট দলৰ সদস্যহে। ইয়াৰ পিছতে প্ৰতিবাদকাৰীসকলক আঁতৰি যাবলৈ কোৱা হয়। বিষয়টো পোহৰলৈ অহাৰ পিছতে এই ঘটনা সন্দৰ্ভত ব্ৰিটেইনত নতুন বিতৰ্ক আৰম্ভ হৈছে।
ব্ৰিটেইনৰ অনুপ্ৰৱেশ আৰু শৰণাৰ্থী বিষয়টো এতিয়া অতি স্পৰ্শকাতৰ ৰাজনৈতিক বিষয়। প্ৰতি বছৰে বহু লোকে সৰু সৰু নাৱেৰে ইংলিছ চেনেল পাৰ হৈ মূল ইউৰোপৰ পৰা ব্ৰিটেইনত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। এই বিষয়টোক লৈ যোৱা কেইবছৰমানৰ পৰা কেইবাবাৰো প্ৰতিবাদৰ সৃষ্টি হৈছে। বহু ক্ষেত্ৰত প্ৰতিবাদে হিংসাত্মক ৰূপো ধাৰণ কৰিছে।
মাত্ৰ দুদিন পূৰ্বে অনুপ্ৰৱেশ বিৰোধী প্ৰতিবাদৰ বাবে পৰ্টছমাউথৰ পৰিস্থিতিও উত্তপ্ত হৈ পৰিছিল। প্ৰতিবাদকাৰীয়ে বন্দৰ এলেকাৰ সমীপত কেইবা ডজন প্ৰব্ৰজনকাৰীক জাহাজৰ পৰা নামি অহাত বাধা দিবলৈ চেষ্টা চলাইছিল। আৰক্ষীৰ সৈতে সংঘৰ্ষৰো সৃষ্টি হয়। এই ঘটনাৰ ৪৮ ঘণ্টাৰ ভিতৰতে ক্ৰিকেটাৰসকলক লৈ এক ভুল বুজাবুজি পোহৰলৈ আহে।
এই ঘটনাক গৰিহণা দিয়ে বৰ্ণবাদ বিৰোধী সংস্থা ষ্টেণ্ড আপ টু ৰেচিজমে। সংস্থাটোৰ ৰাষ্ট্ৰীয় সংগঠক মাইকেল ব্ৰেডলিয়ে কয় যে এই কাণ্ডই দেখুৱাইছে যে শৰণাৰ্থী আৰু প্ৰব্ৰজনকাৰীক লৈ মানুহৰ মাজত যি ধৰণৰ ভয় আৰু সন্দেহৰ সৃষ্টি হৈছে সেয়া কিমান বিপজ্জনক।
তেওঁ দাবী কৰে যে যদি পাকিস্তানৰ ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট দলৰ দৰে দল এটাক কেৱল চেহেৰা বা পৰিচয়ৰ ওপৰত ভিত্তি কৰি শৰণাৰ্থী বুলি ধৰা হয়, তেন্তে যিকোনো কৃষ্ণাংগ বা এছিয়ান ব্যক্তিয়ে উগ্ৰ সোঁপন্থীৰ সম্ভাৱ্য লক্ষ্য হ’ব পাৰে। তেওঁ লগতে উদ্বেগ প্ৰকাশ কৰে যে এনে পৰিস্থিতিয়ে ভৱিষ্যতে বৰ্ণবাদী আক্ৰমণ আৰু অধিক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।
এই ঘটনাৰ আন এটা দিশো পোহৰলৈ আহিছে। পাকিস্তানৰ ১৯ বছৰ অনুৰ্ধ দলৰ লগতে পাকিস্তানৰ চিনিয়ৰ পুৰুষ ক্ৰিকেট দলটোও বৰ্তমান ইংলেণ্ডত আছে। এজবাষ্টনত তৃতীয়খন টেষ্ট খেলিছে। ফলত পাকিস্তানী ক্ৰিকেটাৰৰ এটা দলক লৈ যি ভুল বুজাবুজিৰ বিষয়টো অধিক তাৎপৰ্যপূৰ্ণ হৈ পৰিছে।
আৰক্ষীৰ মতে, পৰ্টছমাউথৰ কাণ্ডত কোনো আইন উলংঘা হোৱা নাছিল আৰু ইয়াৰ কিছু সময়ৰ পিছতে প্ৰতিবাদকাৰীসকল গুচি যায়। কিন্তু এই ঘটনাই ব্ৰিটেইনৰ সাম্প্ৰতিক সামাজিক আৰু ৰাজনৈতিক পৰিৱেশক লৈ নতুন প্ৰশ্নৰ উত্থাপন কৰিছে।
কেৱল বাছত মানুহক দেখি আৰু শৰণাৰ্থী বুলি ধৰি লৈ প্ৰতিবাদ আৰম্ভ হোৱাটোৱে প্ৰমাণ কৰে যে অনুপ্ৰৱেশৰ বিষয়টো কিমান স্পৰ্শকাতৰ হৈ পৰিছে। আৰু সেই আৱেগে নিৰীহ লোককো ভুল পৰিচয়ক কেন্দ্ৰ কৰি প্ৰতিবাদৰ সন্মুখলৈ ঠেলি দিব পাৰে।
পাকিস্তানৰ যুৱ ক্ৰিকেটাৰক কেন্দ্ৰ কৰি পৰ্টছমাউথৰ ঘটনাটো সেয়েহে কেৱল ভুল বুজাবুজিৰ কাহিনী নহয়। ব্ৰিটেইনত প্ৰব্ৰজন বিৰোধী ৰাজনীতি, সামাজিক বিভাজন আৰু বৰ্ণবিদ্বেষৰ আশংকা-এই তিনিওটাকে নতুনকৈ চৰ্চালৈ আনিছে।





