আমেৰিকাৰ মাটিত সংঘটিত মানৱ ইতিহাসৰ অন্যতম ভয়ংকৰ ৯/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ ২৫ বছৰ সম্পূৰ্ণ হৈছে। ২০০১ চনৰ ১১ ছেপ্টেম্বৰৰ সেই ভয়াবহ আক্ৰমণত প্ৰাণ হেৰুওৱা অসংখ্য নিৰীহ লোকক সমগ্ৰ বিশ্বই শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এই বিশেষ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আক্ৰমণত নিহত লোকসকলক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
শুকুৰবাৰে ‘এক্স’ত এক বাৰ্তাযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভয়ংকৰ ৯/১১ আক্ৰমণৰ ২৫ বছৰ পাৰ হৈছে। সেই মৰ্মান্তিক ঘটনাত প্ৰাণ হেৰুওৱা সকলো নিৰীহ লোকক তেওঁ গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে। লগতে সেই ভয়াবহ দিনটোৰ পাছত যিসকল পৰিয়ালৰ জীৱন চিৰদিনৰ বাবে সলনি হৈ গৈছিল, তেওঁলোকৰ প্ৰতি ভাৰতৰ সমবেদনা আৰু সহমৰ্মিতা আজিও অটুট বুলি উল্লেখ কৰে।
বিশ্বজুৰি সন্ত্ৰাসবাদৰ ভয়াৱহতা সন্দৰ্ভতো কঠোৰ বাৰ্তা দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, সন্ত্ৰাসবাদে পৃথিৱীৰ বিভিন্ন প্ৰান্তত অসংখ্য নিৰীহ লোকৰ প্ৰাণ কাঢ়ি নিছে। এই ভয়ংকৰ ভাবুকিৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁ পুনৰ দোহাৰে।
সীমান্ত পাৰ হৈ অহা সন্ত্ৰাসবাদৰ প্ৰত্যক্ষ ক্ষতি ভোগ কৰা দেশ হিচাপে ভাৰত বিগত কেইবাদশক ধৰি এই যুঁজৰ অগ্ৰভাগত আছে বুলি মোদীয়ে উল্লেখ কৰে। সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু হিংস্ৰ মতাদৰ্শৰ বিৰুদ্ধে ভাৰত সদায় দৃঢ়ভাৱে থিয় দি আহিছে বুলিও তেওঁ স্পষ্ট কৰে।
৯/১১ আক্ৰমণৰ ২৫ বছৰীয়া স্মৃতিৰ দিনটোত মোদীৰ এই বাৰ্তাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বজোৰা ঐক্য আৰু কঠোৰ পদক্ষেপৰ প্ৰয়োজনীয়তাক পুনৰ আগলৈ আনিছে। নিৰীহ লোকৰ ওপৰত হিংসা আৰু আতংক সৃষ্টি কৰা যিকোনো শক্তিৰ বিৰুদ্ধে ভাৰত আগন্তুক দিনতো সন্মুখৰ শাৰীত থাকিব বুলি বাৰ্তাটোত স্পষ্ট ইংগিত পোৱা যায়।




