“মানুহ যদিহে নহয় মানুহ, দানব কাহানিও নহয় মানুহ’-সুধাকণ্ঠ ভূপেন হাজৰিকাৰ এই গীতৰ কথাখিনিয়ে যিকোনো হৃদয়বান মানুহৰে অন্তৰ স্পৰ্শ কৰি যায়। কিন্তু মানুহ হোৱাৰ গল্প যেন লাহে লাহে অতীত হ’বলৈ আগবাঢ়িছে। ৰাজস্থানৰ জয়পুৰত সংঘটিত এক নৃশংস হত্যাকাণ্ডৰ ঘটনাই মানৱতাৰ চৰম স্খলনৰ কথাকে আঙুলিয়াই দিয়ে।
পাৰিবাৰিক অশান্তিৰ বাবে ইটাৰে মূৰ থেতেলিয়াই শুই থকা পত্নী আৰু ৩ গৰাকী কন্যাক হত্যা! এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল ৰাজস্থানৰ জয়পুৰত। শুকুৰবাৰে পুৱা এই ঘটনা পোহৰলৈ অহাৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। আৰক্ষীয়ে গৈ সেই স্থানৰ পৰা ৪ জনৰ মৃতদেহ উদ্ধাৰ কৰে। ইফালে হত্যাকাণ্ডৰ পিছত পলাতক হৈ থকা অভিযুক্ত ব্যক্তিৰ সন্ধানত ৰাজস্থান আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱা আৰক্ষীয়ে গৈ ৪জন লোকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। নিহত কেইজন হৈছে ৪০ বছৰীয়া গীতা ঝা আৰু তিনিগৰাকী কন্যা নন্দিনী, গিৰিসা আৰু ৰাধিকা। এই তিনিজনৰ বয়স ১৭ৰ পৰা ২৩ বছৰৰ ভিতৰত।
চুবুৰীয়াই দাবী কৰিছে যে বৃহস্পতিবাৰে নিশা ঘৰটোৰ পৰা চিঞৰ-বাখৰ ভাহি আহিছিল। শুকুৰবাৰে পৰিয়ালৰ পৰা কোনো সঁহাৰি নোপোৱাত তেওঁলোকৰ সন্দেহ হৈ পৰে। কেইবাজনো মানুহ ঘৰৰ সন্মুখত গৈ মাত দিলে। কোনো সঁহাৰি নোপোৱাত ঘৰত প্ৰৱেশ কৰি স্তম্ভিত হৈ পৰিল। তেওঁলোকে ৪ জনৰ মৃতদেহ পৰি থকা দেখা পায়।
আৰক্ষীক খবৰ দিয়াৰ লগে লগে তদন্তকাৰীয়ে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয়। একে সময়তে ফৰেনছিক টিম আৰু ডগ স্কোয়াড তাত উপস্থিত হয়। আৰক্ষীৰ দাবী, পত্নী আৰু কন্যাক নিশা শুই থকা অৱস্থাত ইটাৰে আক্ৰমণ কৰা হয়। এই আক্ৰমণত ব্যৱহৃত ইটাটো আৰক্ষীয়ে জিম্মাত লৈছে। সন্দেহযুক্ত হত্যাকাৰী ৰাহুল ঝাক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে এটা দল গঠন কৰিছে।
আৰক্ষীয়ে জনোৱা মতে, হত্যাকাণ্ডৰ কাৰণ জানিবলৈ চেষ্টা অব্যাহত আছে। চুবুৰীয়াক সোধা-পোছা কৰা হৈছে। পৰিয়ালৰ ৪ জন সদস্যক হত্যা কৰি ৰাহুলে পলায়ন কৰে যদিও ঘৰত আছিল ৮৫ বছৰীয়া পিতৃ। তেওঁকো সোধা-পোছা কৰা হৈছে।

