হুকাত মাত্ৰ এক টান মাৰিলেই ৰোগৰ পৰা মুক্তি। চৰ্দি-কাহও চিৰদিনৰ বাবে নাইকিয়া হৈ যাব! এইটো যিকোনো সাধাৰণ হুকা নহয়। এইটো হৈছে ‘আয়ুৰ্বেদিক হুকা’। সেইটোৱেই এইবাৰ বজাৰলৈ আনিছে বাবা ৰামদেৱে। তেওঁৰ দাবী যে এই ‘আয়ুৰ্বেদিক হুকা’ত এক টান দিলেই চৰ্দি-কাহৰ সমস্যা নিমিষতে নাইকিয়া হৈ যাব!
শেহতীয়াকৈ বাবা ৰামদেৱৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ৰামদেৱেও এক্স হেণ্ডেলত সেই হুকাটোৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে। সেই ভিডিঅ’টোত দেখা গৈছে যে তেওঁ এগৰাকী মহিলাৰ বাবে কিছু বিশেষ সামগ্ৰীৰে এই ‘আয়ুৰ্বেদিক হুকা’ প্ৰস্তুত কৰি দিছে। ইয়াৰ সমান্তৰালকৈ বাবা ৰামদেৱেও এই বিশেষ হুকাটোৰ গুণৰ বৰ্ণনা কৰি গৈছে। অৱশ্যে এই ভিডিঅ’টোৰ সত্যতা স্বতন্ত্ৰভাৱে পৰীক্ষা কৰা হোৱা নাই।
ভিডিঅ’টোত বাবা ৰামদেৱে কয় যে এই ‘আয়ুৰ্বেদিক হুকা’ যষ্টিমধু, হালধী, সৰিয়হ, গৰুৰ গাখীৰৰ ঘিউ, কেঁকোৰাৰ শিং আৰু দেশীয় কৰ্পূৰ আদি সামগ্ৰীৰে তৈয়াৰ কৰা হৈছে। তেওঁ কয় যে এই হুকাৰ ধোঁৱাৰ শ্বাস ল’ব লাগে। ইয়াক ব্যৱহাৰ কৰিলে নাক বন্ধ হোৱা আৰু চৰ্দি-কাহৰ সমস্যা ৰাতিটোৰ ভিতৰতে নোহোৱা হ’ব।
বাবা ৰামদেৱে লগতে কয় যে নিয়মিতভাৱে এই ‘আয়ুৰ্বেদিক হুকা’ত টান দিলে শৰীৰত বাত, পিত্ত আৰু কফৰ ভাৰসাম্য ৰক্ষা হয়।
বাবা ৰামদেৱে পোষ্ট কৰা ভিডিঅ’টোত দেখা গৈছে যে যষ্টিমধু গুড়ি কৰি ঘিউৰ লগত মিহলাই লোৱা হৈছে। তাৰ পিছত সেই মিশ্ৰণত হালধী আৰু সৰিয়হৰ গুটি মিহলাই লোৱা হয়। হুকাৰ প্লেটত কৰ্পূৰ ৰখা হৈছিল। তাৰ পিছত মিশ্ৰণটো গৰম কৰি লোৱা হয়। বাবা ৰামদেৱে সেই ‘আয়ুৰ্বেদিক হুকাহ’টো এগৰাকী মহিলাই ধ্যান কৰি থকাৰ সময়তে প্ৰস্তুত কৰি দিয়ে।
वात-पित्त-कफ़ त्रिदोष व सभी जेनेटिक डिजीज को जड़ से कैसे मिटाएं?#Smoke #nasya #BP #Asthama #basti #jalneti pic.twitter.com/1L2u4fwQbW
— स्वामी रामदेव (@yogrishiramdev) September 11, 2026
ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে নেটিজেনসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। একাংশই দাবী কৰে যে এনে হুকাৰ ধোঁৱা শৰীৰত প্ৰৱেশ কৰিলে অধিক ক্ষতি হয়। শ্বাস-প্ৰশ্বাসজনিত সমস্যাও বৃদ্ধি পাব পাৰে।





