• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

এই সমগ্ৰ পৰীক্ষাৰ মূলতে আছে প্লাজমা। ই পদাৰ্থৰ এক অতি উত্তপ্ত আৰু বৈদ্যুতিক আধানযুক্ত অৱস্থা। এই প্লাজমাক অভাৱনীয় উষ্ণতালৈ গৰম কৰাটোৱেই বিজ্ঞানীসকলৰ প্ৰধান কাম।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2026 8:42 am
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ এটা পৰীক্ষাগাৰত প্ৰকৃতিৰ অন্যতম শক্তিশালী এক প্ৰক্ৰিয়াক কৃত্ৰিমভাৱে সৃষ্টিৰ কাম চলি আছে। লক্ষ্য হৈছে পৃথিৱীৰ পৰাই নক্ষত্ৰৰ শক্তি ধৰি ৰখা। ভাৰতৰ ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ সপোন এতিয়া বাস্তৱৰ পথত আৰু এঢাপ ওচৰ চাপিছে। ইনষ্টিটিউট ফৰ প্লাজমা ৰিচাৰ্চৰ এছ এছ টি-১ টোকামাক (SST-1 Tokamak) যন্ত্ৰত এটা শক্তিশালী জাইৰ’ট্ৰন সফলতাৰে স্থাপন কৰা হৈছে। ইয়াৰ ক্ষমতা ৮২.৬ গিগাহাৰ্টজ আৰু ৪০০ কিলোৱাট।

এছ এছ টি-১ বা ষ্টেডি ষ্টেট ছুপাৰকন্ডাক্টিং টোকামাক হৈছে ভাৰতৰ পৰীক্ষামূলক সংযোজন যন্ত্ৰ। ইয়াৰ লক্ষ্য সাধাৰণ বিদ্যুৎ কেন্দ্ৰৰ দৰে ইন্ধন জ্বলাই শক্তি উৎপাদন কৰা নহয়। অতি উত্তাপ আৰু চাপত পাতল পৰমাণুৰ নিউক্লিয়াছ একত্ৰিত কৰি শক্তি উৎপন্ন কৰা প্ৰক্ৰিয়াটোক সংযোজন (Nuclear Fusion)বোলা হয়। যি প্ৰক্ৰিয়াৰ দ্বাৰা সূৰ্য্য আৰু অন্যান্য নক্ষত্ৰবোৰে পোহৰ বিকিৰণ কৰে।

এই সমগ্ৰ পৰীক্ষাৰ মূলতে আছে প্লাজমা। ই পদাৰ্থৰ এক অতি উত্তপ্ত আৰু বৈদ্যুতিক আধানযুক্ত অৱস্থা। এই প্লাজমাক অভাৱনীয় উষ্ণতালৈ গৰম কৰাটোৱেই বিজ্ঞানীসকলৰ প্ৰধান কাম। তাৰ পিছত, শক্তিশালী চুম্বকীয় ক্ষেত্ৰৰ সহায়ত ডোনাট আকৃতিৰ টোকামাকৰ ভিতৰত আৱদ্ধ কৰি ৰখা।

Apply Now

ভাৰতীয় সংযোজন পৰীক্ষাত প্লাজমাৰ উষ্ণতা ইতিমধ্যে ২০ কোটি ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে। এই উষ্ণতা সূৰ্য্যৰ কেন্দ্ৰত থকা উষ্ণতাতকৈ প্ৰায় ২০ গুণ বেছি! কিন্তু উষ্ণতা বৃদ্ধি কৰাটোৱে শেষ কথা নহয়। আচল প্ৰত্যাহ্বানটো আন ঠাইত নিহিত হৈ আছে।

এই অতি উত্তপ্ত প্লাজমাক দীৰ্ঘক্ষণ স্থিৰ আৰু ধৰি ৰখাটোৱে আটাইতকৈ কঠিন কাম । সামান্য অস্থিৰতাইও সংযোজন বা ফিউজনৰ বাবে প্ৰয়োজনীয় সুক্ষ্ম পৰিৱেশ ধ্বংস কৰিব পাৰে। আৰু ঠিক এইখিনিতে নতুন জাইৰ’ট্ৰন কামত আহিব।

জাইৰ’ট্ৰন আচলতে এটা শক্তিশালী যন্ত্ৰ যিয়ে উচ্চ কম্পাঙ্ক মাইক্ৰৱেভ শক্তি উৎপন্ন কৰে। নতুন ব্যৱস্থাটোৱে এই শক্তি এছ এছ টি-১ৰ ভিতৰৰ প্লাজমাত সুমুৱাই দিয়ে। ফলত চৰম উষ্ণতাত প্লাজমা দীৰ্ঘক্ষণ ধৰি স্থিৰ হৈ থাকে। পূৰ্বৰ ৪২ গিগাহাৰ্টজ ব্যৱস্থাৰ তুলনাত এই নতুন ৮২.৬ গিগাহাৰ্টজ আৰু ৪০০ কিলোৱাট ডিভাইচটো বহুত বেছি আধুনিক।

সূৰ্য্যৰ ক্ষেত্ৰত ইয়াৰ নিজস্ব বিশাল মহাকৰ্ষণ শক্তিয়ে প্লাজমাক ধৰি ৰাখে। কিন্তু পৃথিৱীত তেনে উপায় নাই। সেয়েহে বিজ্ঞানীসকলে এক জটিল চুম্বকীয় ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। সাৱধান হ’ব লাগিব যাতে প্লাজমাই ৰিয়েক্টৰৰ বেৰবোৰ কোনো ধৰণে স্পৰ্শ নকৰে।

বিজ্ঞানৰ জগতখনত সংযোজনক স্বচ্ছ শক্তিৰ (Clean Energy)চূড়ান্ত সপোন বুলি কোৱা হয়। ইয়াৰ ইন্ধন পৃথিৱীত প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ উপৰিও ইয়াৰ তেজস্ক্রিয় আৱৰ্জনাও সাধাৰণ পাৰমাণৱিক ফিউজনতকৈ বহু কম। নতুন জাইৰ’ট্ৰন স্থাপনৰ অৰ্থ এইটো নহয় যে কাইলৈৰ পৰাই বিদ্যুৎ উৎপাদন আৰম্ভ হ’ব।

ভাৰতৰ কৃত্ৰিম সূৰ্য্যই এতিয়াও বিদ্যুৎ উৎপাদন কৰা নাই। কিন্তু অত্যন্ত গৰম প্লাজমা দীৰ্ঘক্ষণ ধৰি ৰখাৰ এই ক্ষমতা ভৱিষ্যতৰ বাবে এক বৃহৎ মাইলৰ খুঁটি। অভিলেখ উষ্ণতা সৃষ্টি আৰু নিয়ন্ত্ৰণ কৰাৰ মাজৰ এইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যায়। অদূৰ ভৱিষ্যতে হয়তো এই নক্ষত্ৰৰ শক্তিয়ে সমগ্ৰ গ্ৰহটোৰ আন্ধাৰ দূৰ কৰিবলৈ সক্ষম হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

September 15, 2026 9:36 am
ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

September 15, 2026 8:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd