• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2026 9:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ জনতাৰ নাগৰিক অধিকাৰ, ভূমি-জীৱিকা আৰু গণতান্ত্ৰিক অধিকাৰৰ ক্ৰমবৰ্দ্ধমান সংকটৰ পৰিপ্ৰেক্ষিতত এক ৰাজ্যব্যাপী গণতান্ত্ৰিক প্ৰতিৰোধৰ কেন্দ্ৰ গঢ়ি তোলাৰ লক্ষ্যৰে অহা ২০ ছেপ্টেম্বৰত গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত এখন নাগৰিক অভিৱৰ্তন অনুষ্ঠিত হ’ব। পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই অভিৱৰ্তন খন ফ’ৰাম ফৰ ছ’চিয়েল হাৰমনীৰ উদ্যোগত আয়োজন কৰা হৈছে।

লক্ষ্মী নাথ তামুলী, ড° আব্দুল মান্নান, মনোৰম গগৈ, সঞ্জয় কুমাৰ তাঁতী, মুনীন বায়ন, ড° পদ্মপাণি, নীলিম কুমাৰ, হিমাংশু প্ৰসাদ দাস, ড° ঘনশ্যাম নাথ, নীলিম দত্ত, ড° কমল কুমাৰ তাঁতী, মৃণাল কুমাৰ চৌধুৰী, শৰৎ নেওগ, পদ্মলোচন নাথ, মিন্নাতুল ইছলাম, মুবিনা আখতাৰ, শান্তনু বৰঠাকুৰ আদিকে ধৰি প্ৰায় ১৫০গৰাকী বিশিষ্ট নাগৰিক, সমাজকৰ্মী আৰু শ্ৰমিক-কৃষক সংগঠনৰ প্ৰতিনিধিয়ে এই অভিৱৰ্তনৰ আহ্বান জনাইছে।

Apply Now

এই প্ৰসংগত আহ্বায়কসকলে এটা বিবৃতিত কয় যে অসমত নাগৰিকত্ব আৰু নথি-পত্ৰৰ নামত অনিশ্চয়তা, উচ্ছেদ আৰু বুলড’জাৰ অভিযান, ভূমি অধিকাৰৰ সংকট, গণতান্ত্ৰিক প্ৰতিবাদৰ ওপৰত দমন, কৰ্মসংস্থাপনৰ অভাৱ, অসমৰ পৰা বাহিৰলৈ যোৱা প্ৰব্ৰজিত শ্ৰমিকৰ অনিশ্চিত জীৱন আৰু ভয়াৱহভাৱে পৰিৱেশ ধ্বংসৰ ফলত প্ৰলয়ংকৰী বান-খহনীয়া — এই সকলোবোৰ কাৰকে মিলি এক গভীৰ সামগ্ৰিক নাগৰিক অধিকাৰৰ সংকট সৃষ্টি কৰিছে।

নাগৰিক অভিৱৰ্তনৰ আহ্বায়কবৃন্দই স্পষ্টভাৱে দাবী কৰে—এন আৰ চি বা নাগৰিক পঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়া পূৰ্ণতা নিদিয়াকৈ অনিৰ্দিষ্টকাললৈ ওলমাই ৰখা নচলিব। একে সময়তে, বিতৰ্কিত আৰু অসাংবিধানিক এছ আই আৰ অসমবাসীৰ ওপৰত জাপি দিয়াৰ যিকোনো অপচেষ্টা কোনো কাৰণতেই গ্ৰহণযোগ্য নহয়।  লগতে বহু স্হানৰ মানুহক জোৰ-জুলুমকৈ উচ্ছেদ কৰাটো বন্ধ কৰি ভূমি অধিকাৰ আৰু পুনৰ সংস্থাপন নিশ্চিত কৰা, উজনি অসমৰ বানত ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ আৰু পুনৰ্বাসন দিয়া, অসমৰ প্ৰাকৃতিক সম্পদৰ কৰ্প’ৰেট লুণ্ঠন বন্ধ কৰা আৰু কাজিৰঙাকে ধৰি সংবেদনশীল পৰিৱেশতন্ত্ৰ ধ্বংসৰ চেষ্টা ৰোধ কৰিবলৈ দাবী জনোৱা হৈছে।

অভিৱৰ্তনত‌ এন আৰ চি-এছ আই আৰ আৰু নাগৰিকত্ব, উচ্ছেদ আৰু ভূমি অধিকাৰ, খাদ্য-বস্ত্ৰ-বাসস্থান আৰু জীৱিকাৰ অধিকাৰ, প্ৰব্ৰজিত শ্ৰমিকৰ অধিকাৰ, বান-খহনীয়া আৰু পৰিৱেশ, কৰ্মসংস্থাপন, শ্ৰমিক-কৃষকৰ অধিকাৰ, চৰকাৰী শিক্ষা আৰু ভাষিক অধিকাৰ, মত প্ৰকাশৰ স্বাধীনতা আৰু গণতান্ত্ৰিক প্ৰতিবাদৰ অধিকাৰ আদি বিষয়ত আলোচনা হ’ব।

আহ্বায়কসকলে কয় যে এই সংকট কোনো এটা জনগোষ্ঠী, ধৰ্ম, ভাষা বা অঞ্চলৰ সংকট নহয়। নাগৰিক অধিকাৰ সংকুচিত হ’লে গণতন্ত্ৰই সংকুচিত হয়। সেয়ে জাতি, ধৰ্ম, ভাষা, বৰ্ণ আৰু অঞ্চলৰ বিভাজন অতিক্ৰম কৰি সকলো নাগৰিকৰ অধিকাৰ সুৰক্ষাৰ বাবে এক ঐক্যবদ্ধ গণতান্ত্ৰিক মঞ্চ গঢ়ি তোলাৰ প্ৰয়োজন।

অভিৱৰ্তনৰ মূল উদ্দেশ্য কেৱল সমস্যাসমূহ আলোচনা কৰা নহয়; অসমৰ বিভিন্ন প্ৰান্তৰ নাগৰিক আৰু গণতান্ত্ৰিক শক্তিক একত্ৰিত কৰি এখন ৰাজ্যব্যাপী যৌথ নাগৰিক মঞ্চ আৰু গণতান্ত্ৰিক প্ৰতিৰোধৰ কেন্দ্ৰ গঢ়ি তোলাৰ বাবে পৰৱৰ্তী কৰ্মপন্থাও নিৰ্ধাৰণ কৰা।

উদ্যোক্তাসকলে অসমৰ সকলো গণতান্ত্ৰিক, সামাজিক, শ্ৰমিক-কৃষক সংগঠন আৰু সচেতন নাগৰিকক ২০ ছেপ্টেম্বৰৰ নাগৰিক অভিৱৰ্তনত অংশগ্ৰহণ কৰি নাগৰিক অধিকাৰ ৰক্ষাৰ ঐক্যবদ্ধ সংগ্ৰাম শক্তিশালী কৰাৰ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd