শেহতীয়া প্ৰায় কেইবাটাও দিন ধৰি চচিয়েল মিডিয়াৰ বহুকেইখন প্লেটফৰ্মৰ যোগেদি অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ উন্নয়ণত মোডী ডাঙৰীয়াৰ অৰিহনাক ধন্যবাদ জনাই চাকি জ্বলাই শুভেচ্ছা দিয়াৰ আহ্বান জনাইছিল । মুখ্যমন্ত্রীৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ নেতৃত্বত গোলাঘাট জিলা সমিতিয়ে গোলাঘাটস্থিত শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই প্ৰধানমন্ত্রীক শুভেচ্ছা জনোৱা লগতে দীৰ্ঘকালে শীতলীকৰণ ভঁৰালটো পুনৰ কাৰ্যক্ষম কৰিবলৈ জনাই অহা দীৰ্ঘদিনীয়া দাবীক পুনৰ বাৰ অভিনৱ ধৰণেৰে চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ যত্ন কৰিলে ।
এই সন্দৰ্ভত কৃষক নেতা গৰাকীয়ে কয় যে, আমি সকলোৱে জানো যে আমাৰ গোলাঘাটৰ প্ৰায় ৯০% লোক প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে কৃষিৰ লগত জড়িত । কৃষিৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ গৰিষ্ঠ সংখ্যকৰ ভূমিৰ পট্টা নাই, খেতি কৰিবলৈ জলসিঞ্চনৰ অভাৱ, সাৰৰ অভাৱ তথাপি কৃষকসকলে ধাৰ ঋণ কৰি হলেও বহু কষ্টৰ বিনিময়ত শস্য উৎপাদক কৰি আহিছে । প্ৰায় প্ৰত্যকে বছৰেই কম বেছি পৰিমাণে হাজাৰ কুইণ্টৰ ঘৰত বিলাহী, জলকীয়া আদি শস্য শীতলীকৰণ ভঁৰালৰ অভাৱত পেলাই দিব লগা হয় । ২০১০ চনতে প্ৰতিষ্ঠা এই শীতলীকৰণ ভঁৰালটো কেইটামান বছৰ চলোৱাৰ পাছত কৃষি বিভাগ, বিষয়া, চৰকাৰ ৰ অকমণ্যতাৰ বাবে তলা লগাই দিব লগা হোৱাৰ পাছত কৃষকসকলৰ মূৰে কপালে হাত দিব লগা অৱস্থা ।
এনে পৰিস্থিতি প্ৰায় শেষৰ বহু কেইটা বছৰত আমি বাৰম্বাৰ প্ৰশাসন, বিভাগীয় মন্ত্রীক পুনৰ শীতলীকৰণ ভঁৰালটো কাৰ্যক্ষম কৰিবলৈ প্ৰচেষ্টা হাতত লবলৈ অনুৰোধ জনোৱাৰ পাছত আজিলৈ গা লৰাব নোৱাৰাত আজি প্ৰধানমন্ত্রী ডাঙৰীয়াৰ শুভ জন্মদিনৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী ডাঙৰীয়াই জনোৱা আহ্বানৰ সুবিধাতে এই শীতলীকৰণ ভৱনৰ সমুখত চাকি জ্বলাই পুনৰ চৰকাৰৰ দৃষ্টি গোচৰ কৰাৰ এই ধৰণৰ প্ৰচেষ্টা হাতত লয় ।
নেতা গৰাকীৰ ভাষ্য, আমাৰ প্ৰতিবাদ, ৰাইজৰ প্ৰয়োজন আদি সহজে চকুত নপৰে চৰকাৰৰ। কিন্তু আজি প্ৰধান মন্ত্ৰীক শুভেচ্ছা জনাই ক’ত ক’ত চাকি জ্বলাইছে নিশ্চয় চৰকাৰৰ মানুহে নিশা উজাগৰে থাকি ফেচবুক, টিভিত চাব। গতিকে চাকি চাওঁতে আমাৰ পৰিত্যক্ত শীতল ভঁৰাল টোতও কিজানি চকুত পৰে আশা কৰি তাতে এগছি বন্তি জ্বলাই শুভেচ্ছাটো দিলোঁ । দৃষ্টি পৰিলে কৃপা হ’ব কৃষকসকলৰ ।





