নন্দীগ্ৰাম উপনিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী মিলন প্ৰধানক গ্ৰেপ্তাৰ কৰা হৈছে! পুৰণি হত্যাকাণ্ডৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ হৈছে। তাৎপৰ্যপূৰ্ণভাৱে শুকুৰবাৰে মমতা বেনাৰ্জীৰ নন্দীগ্ৰামৰ প্ৰাৰ্থী সঞ্চিতা প্ৰধানে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পিছত নেত্ৰীগৰাকীয়ে সংবাদমেল অনুষ্ঠিত কৰি সেই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীক সমৰ্থন কৰিব বুলি ঘোষণা কৰে। তেওঁৰ ঘোষণাৰ পিছতে এই গ্ৰেপ্তাৰ হৈছে।
শুকুৰবাৰে তেওঁ সংবাদমেলত এই বৃহৎ ৰাজনৈতিক সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল। মমতাই স্পষ্টকৈ উল্লেখ কৰে যে এই পদক্ষেপ দেশৰ বৃহত্তৰ স্বাৰ্থত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ‘INDIA’ মিত্ৰতা আৰু অধিক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা হৈছে। দেখা গ’ল যে সেই ঘোষণাৰ কিছু সময়ৰ পাছতেই নন্দীগ্ৰামৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক পুৰণি হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। শনিবাৰে হালদিয়া আদালতত হাজিৰ কৰা হ’ব মিলন প্ৰধানক।
সূত্ৰ অনুসৰি এই হত্যাকাণ্ডৰ গোচৰত নন্দীগ্ৰামৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানাও জাৰি কৰা হৈছিল। শনিবাৰে উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰাৰ অন্তিম দিন। তাৰ ঠিক আগতেই গ্ৰেপ্তাৰ কৰা হৈছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক।
ৰাজনৈতিক মহলে অনুমান কৰে যে যেনেকৈ এদিন পূৰ্বে মমতাৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ ফলত তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ আৰু সময় বা সুযোগ নাই, তেনেকৈয়ে কংগ্ৰেছ প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰাৰ পিছত সেই সমষ্টিত দলটোৱে প্ৰাৰ্থী সলনি কৰাৰো আৰু কোনো সুযোগ নাথাকিল। মুঠতে উপ-নিৰ্বাচনৰ পূৰ্বে নন্দীগ্ৰামত এটাৰ পিছত এটাকৈ ডাঙৰ ঘটনা সংঘটিত হৈ আছে।
৬ অক্টোবৰত নন্দীগ্ৰাম আৰু ৰেজিনগৰত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। শনিবাৰে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম দিন। তাৰ ঠিক আগতেই কালিঘাট সমৰ্থক তৃণমূল প্ৰাৰ্থী সঞ্চিতা প্ৰধানে ৰাজ্যৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক সাক্ষাৎ কৰিবলৈ গৈছিল। জানিব পৰা মতে আগন্তুক উপ-নিৰ্বাচনৰ বাবে তেওঁ মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ বিচাৰি গৈছিল। কিন্তু পিছত দেখা গ’ল যে তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে।
অৱশ্যে মমতা বেনাৰ্জীয়ে সঞ্চিতা প্ৰধানৰ বিষয়ে কিছু বিস্ফোৰক তথ্য সন্মুখলৈ আনিছে। সঞ্চিতাৰ মাতৃক বিভিন্ন ধৰণে ভাবুকি আৰু ভয় দেখুৱাইছিল বুলি তেওঁ দাবী কৰে। আনকি প্ৰাৰ্থীগৰাকীৰ সন্তানক উঠাই নিয়াৰ দৰে গুৰুতৰ ভাবুকি দিয়া বুলিও অভিযোগ উত্থাপন কৰে মমতাই।
নন্দীগ্ৰাম আসনখন ৰাজনৈতিকভাৱে অতি তাৎপৰ্যপূৰ্ণ আৰু মৰ্যাদাৰ যুঁজ। বিগত সময়ত এই আসনৰ পৰাই ৰাজ্যত ৰাজনৈতিক পৰিস্থিতি সলনিৰ সূচনা হৈছিল। কিন্তু বিগত দুটা বিধানসভা নিৰ্বাচনত এই আসনখন তৃণমূলৰ হাতৰ পৰা ওলাই গৈছিল আৰু তাৰ পৰাই বিজেপি নেতা শুভেন্দু অধিকাৰী জয়ী হৈছিল।
২০২৬ চনৰ বিধানসভা নিৰ্বাচনত নন্দীগ্ৰাম আৰু ভৱানীপুৰৰ দুখন আসনৰ পৰা শুভেন্দু অধিকাৰীয়ে জয়লাভ কৰে। কিন্তু পিছত যেতিয়া তেওঁ নিজৰ পুৰণি দুৰ্গ নন্দীগ্ৰাম এৰি দিয়াত আসনখন বিধায়কশূন্য হৈ পৰিল আৰু তাত উপ-নিৰ্বাচনৰ প্ৰয়োজন হ’ল। তদুপৰি হুমায়ুন কবীৰে এৰি দিয়া ৰেজিনগৰৰ আসনখনতো উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে।





