• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

নীলাই শৈশৱ আহমেদনগৰত কটাইছে। পিছত তেওঁ ছুইডেনলৈ উভতি যায়। তেওঁ ৰাজনৈতিক পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। অৱশ্যে তেওঁৰ পিতৃ অশোক ভিখে পাটিলৰ ৰাজনীতিৰ লগত কোনো সম্পৰ্ক নাই।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 20, 2026 12:12 pm
নীলা ভিখে পাটিল। ফটোঃ সংগ্ৰহীত।

নীলা ভিখে পাটিল। ফটোঃ সংগ্ৰহীত।

14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নীলা ভিখে পাটিলৰ জন্ম ছুইডেনত। কিন্তু তেওঁৰ শিপা আছে মহাৰাষ্ট্ৰতেই। তেওঁ শৈশৱো ইয়াতেই কটাইছিল। এইবাৰ তেওঁ ছুইডেনৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে। গ্ৰীণ পাৰ্টিৰ হৈ ষ্টকহ’ম চিটি চেণ্টাৰৰ পৰা জয়লাভ কৰিছে নীলাই। অৱশ্যে তেওঁ কেৱল ভাৰতীয় মূলৰ হোৱাই নহয়, তেওঁৰ আন এক পৰিচয়ো আছে। নীলা মহাৰাষ্ট্ৰ বিজেপি নেতা তথা জলসম্পদ মন্ত্ৰী ৰাধাকৃষ্ণ ভিখে পাটিলৰ ভতিজী।

নীলাই শৈশৱ আহমেদনগৰত কটাইছে। পিছত তেওঁ ছুইডেনলৈ উভতি যায়। তেওঁ ৰাজনৈতিক পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। অৱশ্যে তেওঁৰ পিতৃ অশোক ভিখে পাটিলৰ ৰাজনীতিৰ লগত কোনো সম্পৰ্ক নাই। তেওঁ মহাৰাষ্ট্ৰৰ শিক্ষাবিদ। কিন্তু নীলাৰ ককাক হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বালাছাহেব ভিখে পাটিল। আৰু খুৰাক ৰাধাকৃষ্ণ ভিখে পাটিল এতিয়া মহাৰাষ্ট্ৰৰ জলসম্পদ মন্ত্ৰী।

নীলাই ছুইডেনৰ গোটেনবাৰ্গ স্কুল অৱ বিজনেছৰ পৰা অৰ্থনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ এম বি এ কৰে। আইনৰ শিক্ষাও লৈছিল। এই সময়ছোৱাতে তেওঁ গ্ৰীণ পাৰ্টিত যোগদান কৰে। পঢ়া-শুনা সমাপ্ত কৰি কেইবাটাও সংগঠনত কাম কৰিছিল। ২০২০ চনত PwC Sweden ত যোগদান কৰে। পাঁচ বছৰৰ পিছত ২০২৫ চনত পাব্লিক একাউণ্টেণ্ট হয়।

Apply Now

নীলাই কেইবাবছৰ ধৰি ছুইডেনৰ ৰাজনীতিত সক্ৰিয় হৈ আছে। কলেজত পঢ়ি থকাৰ সময়তে গ্ৰীণ পাৰ্টি (মিলজোপাৰ্টিয়েট)ত যোগদান কৰে। দলটোৰ যুৱ সংগঠন ছুইডিছ ইয়ং গ্ৰীণছ, গ্ৰীণ পাৰ্টি গোটেনবাৰ্গ, ছুইডেনৰ গ্ৰীণ ষ্টুডেণ্টছৰ বিভিন্ন দায়িত্ব চম্ভালিছে। পিছলৈ দলটোৰ ষ্টকহ’ম শাখাৰ কাৰ্যনিৰ্বাহক সমিতিতো স্থান লাভ কৰে। তেওঁ ষ্টকহোম গ্ৰীণ পাৰ্টিৰ নিৰ্বাচনী সমিতিৰ সদস্যও আছিল।

পিছত তেওঁক ডাঙৰ দায়িত্ব দিয়া হয়। তেওঁ প্ৰধানমন্ত্ৰী ষ্টেফান লফভেনৰ ৰাজনৈতিক উপদেষ্টা হিচাপে যোগদান কৰে। পিছলৈ তেওঁ ষ্টকহোম চহৰ পৰিষদলৈও নিৰ্বাচিত হয়। এইবাৰ গ্ৰীণ পাৰ্টিয়ে ছুইডেনৰ ৰাষ্ট্ৰীয় নিৰ্বাচনত তেওঁক মনোনীত কৰে। ষ্টকহ’মৰ সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হয়। দেশৰ শিশু আৰু পৰিৱেশৰ বাবে কাম কৰিব বিচাৰে নীলাই। তেওঁ কয়, ‘মই ভোট দিব নোৱাৰাসকলৰ হৈ কথা ক’ব বিচাৰো। মই চহৰ আৰু দেশৰ বাবে আৰু অধিক কিবা কৰিব বিচাৰো।’

যদিও ছুইডেনত আছে, ভাৰতৰ সৈতে তেওঁৰ সম্পৰ্ক এতিয়াও অবিচ্ছেদ্য। নীলাই কয়, ‘মই ভাৰতক বৰ ভাল পাওঁ। দেশৰ লগত মোৰ সংযোগ আছে। বহু ভাৰতীয় মোৰ ঘনিষ্ঠ বন্ধু।’

উল্লেখ্য যে ৩৪৯খন আসনৰ ৰাষ্ট্ৰীয় নিৰ্বাচনত ছ’চিয়েল ডেম’ক্ৰেটকে ধৰি চাৰিটা বিৰোধী দলে ১৭৬খন আসন লাভ কৰে। নীলাৰ গ্ৰীণ পাৰ্টিয়ে ২২খন আসনত জয়লাভ কৰে। ছ’চিয়েল ডেম’ক্ৰেট দলে ৯৯খন আসনেৰে সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হঠাৎ ঘূৰিল জাহাজ, আমেৰিকাৰ যুঁজাৰু বিমানৰ সঁজুলি গৈ পৰিল চীনৰ হাতত? তদন্ত আৰম্ভ, ওলাল প্ৰতিবেদন

হঠাৎ ঘূৰিল জাহাজ, আমেৰিকাৰ যুঁজাৰু বিমানৰ সঁজুলি গৈ পৰিল চীনৰ হাতত? তদন্ত আৰম্ভ, ওলাল প্ৰতিবেদন

September 20, 2026 1:05 pm
ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

September 20, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd