যোৱা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে বিজেপিয়ে চাকি প্ৰজ্বলন কাৰ্যসূচীৰ পৰিকল্পনা কৰিছিল, য’ত বিভিন্ন শিক্ষানুষ্ঠানেও অংশগ্ৰহণ কৰিছিল। আই আই এম জম্মুত ছাত্ৰ-ছাত্ৰীসকলকো কেম্পাছত চাকি প্ৰজ্বলন কাৰ্যসূচীত যোগদান কৰিবলৈ কোৱা হৈছিল।
অনুষ্ঠানত উপস্থিত থকাটো বাধ্যতামূলক বুলি প্ৰতিষ্ঠানটোৱে কয় যদিও বহু ছাত্ৰ-ছাত্ৰী উপস্থিত নাছিল। আই আই এম জম্মুয়ে তেওঁলোকক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি ৫০০ টকা জৰিমনা বিহাৰ সকীয়নি দি বিতৰ্কৰ সন্মুখীন হ’বলগীয়া হৈছে।
আই আই এম জম্মু ছাত্ৰ পৰিষদে এক জাননী জাৰি কৰি কয় যে, ‘২০২৬ চনৰ ১৭ ছেপ্টেম্বৰত কেম্পাছত চাকি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো বাধ্যতামূলক আছিল, তাৰ পিছতো যিসকলে অনুপস্থিত আছিল তেওঁলোকে ১৮ ছেপ্টেম্বৰৰ ভিতৰত কাৰ্যসূচীত অংশগ্ৰহণ নকৰাৰ লিখিত কাৰণ দাখিল কৰিব লাগিব। একমাত্ৰ চিকিৎসাৰ ভিত্তিত ৰেহাই দিয়া হ’ব পাৰে, কিন্তু তাৰ বাবে সঞ্জীৱনী (কেম্পাছ ডিচপেনচাৰী)ৰ পৰা আনুষ্ঠানিক পৰামৰ্শ আনিব লাগিব, য’ত উল্লেখ থাকিব লাগিব যে সংশ্লিষ্ট ছাত্ৰজনক সেই সময়ছোৱাত বেডৰেষ্টত থাকিবলৈ পৰামৰ্শ দিয়া হৈছিল। ১৮ ছেপ্টেম্বৰৰ ভিতৰত কোনো ব্যাখ্যা নিদিলে ৫০০ টকা জৰিমনা বিহা হ’ব।’
এই জাননী ভাইৰেল হোৱাৰ লগে লগে আৰম্ভ হয় বিতৰ্ক। কংগ্ৰেছৰ জম্মু-কাশ্মীৰৰ প্ৰভাৰী চৈয়দ নাছিৰ হুছেইনে এক্স হেণ্ডেলত লিখিছে, ‘মোডীৰ জন্মদিন উদযাপনত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি কিয় বাধ্যতামূলক কৰা হ’ব? আই আই এম জম্মু মোডীৰ প্ৰচাৰত ব্যস্ত নেকি? শিক্ষানুষ্ঠানসমূহে নিৰপেক্ষ, স্বতন্ত্ৰ চিন্তাধাৰাক উৎসাহিত কৰা উচিত। তাৰ সলনি কোনো ৰাজনৈতিক নেতাৰ অনুষ্ঠানলৈ আহিবলৈ ছাত্ৰ-ছাত্ৰী বাধ্য কৰা হৈছে, নহ’লে জৰিমনা ভৰিব লাগিব! এইটো গ্ৰহণযোগ্য নহয়।’
অৱশ্যে আই আই এম জম্মুৰ এগৰাকী মুখপাত্ৰই দাবী কৰে যে, “এনে পাঠ্যক্ৰমৰ বাহিৰৰ কাম-কাজে ছাত্ৰ-ছাত্ৰীৰ বিকাশত সহায় কৰে। সেইবাবেই এই অনুষ্ঠানত উপস্থিত থকাটো বাধ্যতামূলক কৰা হৈছিল। অৱশ্যে অনুপস্থিতিৰ বাবে কোনো জৰিমনা বিহা হোৱা নাই। বিষয়টোক অপ্ৰয়োজনীয়ভাৱে ৰাজনীতিকৰণ কৰা হৈছে।”


