এগৰাকী ২২ বছৰীয়া বিবাহিত যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগত অভিযুক্ত বিজেপি নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন বিধায়ক নৰেন্দ্ৰ পাৱাৰ আৰু তেওঁৰ সহযোগী প্ৰাক্তন আৰক্ষী বিষয়া শৈলেশ পাটিল ‘পলাতক’ হৈ আছে।
আৰক্ষীয়ে তিনিটা দল গঠন কৰি বিভিন্ন স্থানত তালাচী চলাইছে। তদন্তকাৰী দল মুম্বাই বিমানবন্দৰলৈও গৈছে। তেওঁলোকে তাত থকা অভিবাসন কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি অভিযুক্তসকলে কোনো ধৰণে দেশ এৰি পলায়ন কৰিছে নেকি সেয়া নিশ্চিত কৰিব বিচাৰিছে।
আনহাতে, থানেৰ পাধঘাত বিজেপি নেতাগৰাকীয়ে যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হোৱা ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ আৰু ডিজিটেল ভিডিঅ’ ৰেকৰ্ডাৰো অন্তৰ্ধান হৈছে। কেৱল সেয়াই নহয়, ভুক্তভোগীক ঘৰলৈ লৈ যোৱা ফাৰ্ম হাউছৰ তত্ত্বাৱধায়কজনো সন্ধানহীন বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।
থানে গ্ৰাম্য উপ-আৰক্ষী অধীক্ষক ৰাহুল জাল্টে কয় যে, “ঘটনাৰ দুদিন পিছতে যুৱতীগৰাকীয়ে থানাত এজাহাৰ দাখিল কৰিছিল। ইয়াৰ পিছত অভিযুক্তই ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ আঁতৰাই পেলোৱাৰ সম্ভাৱনা আছে। আমি অভিযুক্তক বিচাৰি উলিয়াবলৈ তিনিটা দলত তালাচী চলাই আছো। আমি মুম্বাই বিমানবন্দৰ আৰু অভিবাসন কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিছো।”
যোৱা ১৩ ছেপ্টেম্বৰত বৈবাহিক বিবাদত জুৰুলা যুৱতীগৰাকীয়ে বিজেপি নেতা নৰেন্দ্ৰৰ কাষ চাপিছিল। অভিযোগ অনুসৰি সেই সময়ত নৰেন্দ্ৰই তেওঁক পাধঘাৰ এটা ফাৰ্ম হাউচলৈ লৈ গৈছিল। ইয়াৰ পিছতে বিজেপি নেতা তথা প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীয়ে তাতেই যুৱতীগৰাকীক ধৰ্ষণ কৰে। কেৱল সেয়াই নহয়, যুৱতীগৰাকীৰ মূৰত বন্দুক লগাই হত্যাৰ ভাবুকিও দিয়া বুলি অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে কংগ্ৰেছ নেতা কাঞ্চন কুলকাৰ্ণীৰ সহায়ত ছোৱালীজনীয়ে আৰক্ষীক এজাহাৰ দাখিল কৰে।
ধৰ্ষণৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে বহু লোকে শৈলেশৰ বিৰুদ্ধে সৰৱ হ’বলৈ আৰম্ভ কৰে। শেহতীয়াকৈ পাটিলৰ সহযোগী যোগেশ হাৰাদৰ বিৰুদ্ধে এজন প্ৰমোটাৰক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছিল।
অভিযোগকাৰী ৰোহিত দীক্ষিতে কয়, “শৈলেশ পাটিলে দীৰ্ঘদিন ধৰি মোক ভাবুকি দি আহিছে। মই তেওঁৰ বিৰুদ্ধে কেইবাবাৰো অভিযোগ দিছো, কিন্তু একো হোৱা নাই। শুকুৰবাৰে মোক ভাবুকি দিয়া হৈছিল আৰু তেওঁৰ সহযোগী যোগেশ হাৰাদৰ হোৱাটছএপ কলৰ জৰিয়তে সকলো অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ কোৱা হৈছিল।”
তেওঁ লগতে অভিযোগ কৰে যে পাটিল এটা কল চেণ্টাৰ চক্ৰৰ সৈতে জড়িত আছিল। আবু চেলেম আৰু সুভাষ ঠাকুৰ গেঙৰ দৰে অপৰাধী চক্ৰৰ সৈতেও তেওঁৰ সম্পৰ্ক আছে।
আৰক্ষীৰ সূত্ৰই এই কথাও প্ৰকাশ কৰিছে যে ২০১০ চনত চিবিআইয়ে আয়কৰ ঘূৰাই দিয়া কেলেংকাৰীত জড়িত থকা পাটিলক গ্ৰেপ্তাৰ কৰিছিল। ২০১৫ চনত দক্ষিণ আফ্ৰিকাৰ এজন নাগৰিকক নিৰ্যাতন চলোৱাৰ গোচৰতো তেওঁৰ নাম জড়িত আছিল। পাটিলে মাতৃক হত্যাৰ ভাবুকি দিয়াৰ লগতে মাটি দখল কৰাৰ অভিযোগো উত্থাপন হৈছে।
ইয়াৰ পিছত ২০২০ চনত তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। ২০২৬ চনত পাটিলৰ মাতৃয়ে প্ৰধানমন্ত্ৰী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এখন চিঠি লিখিছিল। চিঠিখনত তেওঁ উল্লেখ কৰিছে যে পাটিলৰ হাতত অবৈধ আগ্নেয়াস্ত্ৰ আছে। তেওঁৰ অপৰাধমূলক কাৰ্যৰ ফলত হোৱা চৰম মানসিক যন্ত্ৰণাতে তেওঁৰ স্বামীৰ মৃত্যু হৈছে।





