• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 24, 2026 10:10 am
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সময় তেতিয়া পুৱতি নিশা। চলন্ত বাছৰ ভিতৰত গভীৰ নিদ্ৰাত মগ্ন আছিল পৰ্যটকসকল। তেনে সময়তে সংঘটিত হ’ল এক ভয়ংকৰ অঘটন। চলন্ত বাছখনত হঠাতে দাওদাওকৈ জুই জ্বলি উঠে আৰু বাছৰ ভিতৰত আৱদ্ধ হৈ থকা অৱস্থাতে একেৰাহে কেইবাজনো পৰ্যটক জীৱন্তে অগ্নিদগ্ধ হয়। এই ভয়াবহ অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Apply Now

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰে জানিব পৰা মতে, এই শোকাবহ দুৰ্ঘটনাটো উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত সংঘটিত হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে পুৱতি নিশা যমুনা এক্সপ্ৰেছৱেত পৰ্যটক কঢ়িয়াই নিয়া এখন শ্লীপাৰ বাছত ভয়ংকৰভাৱে জুই বিয়পি পৰে। নিমিষতে সমগ্ৰ বাছখন জুইৰ লেলিহান শিখাই আৱৰি ধৰাৰ ফলত বহুকেইজন পৰ্যটক বাছখনৰ ভিতৰতে আৱদ্ধ হৈ পৰে।

এই ভয়াবহ অগ্নিকাণ্ডৰ ফলত কমেও নজন পৰ্যটকৰ কৰুণ মৃত্যু ঘটিছে। নিহতসকলৰ ভিতৰত এগৰাকী মহিলাও আছে। ইয়াৰ উপৰিও আন বহুতো যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। আৰক্ষীৰ তথ্য অনুসৰি, বাছখনত মুঠ চৌত্ৰিছজন যাত্ৰী আছিল। বাছখন নয়ডাৰ পৰা উত্তৰ প্ৰদেশৰ মাহোবা অভিমুখে গৈ আছিল। চলন্ত বাছখনত কেনেকৈ জুই লাগিল আৰু এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ কি, সেই বিষয়ে এতিয়ালৈকে কোনো সুনিৰ্দিষ্ট তথ্য পোহৰলৈ অহা নাই। দুৰ্ঘটনাৰ সময়ত বাছখনৰ প্ৰায় সকলো যাত্ৰীয়েই টোপনিত আছিল।

বাছখনত হঠাতে জুই বিয়পি পৰাৰ লগে লগে যাত্ৰীসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হয়। প্ৰাণ বচাবলৈ বহু যাত্ৰীয়ে বাছৰ খিৰিকীৰে জপিয়াই পৰাৰ চেষ্টা কৰে যদিও সকলোৱে পলাই সাৰিবলৈ সক্ষম নহ’ল। অগ্নিকাণ্ডৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত বিশাল আৰক্ষী বাহিনী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী উপস্থিত হয় আৰু কেইবাঘণ্টাৰ অহোপুৰুষাৰ্থৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই শোকাৱহ দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ আহতসকলৰ উন্নত চিকিৎসাৰ বাবে প্ৰশাসনক কঠোৰ নিৰ্দেশ দিয়াৰ লগতে নিহত পৰ্যটকসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ কাষত থিয় দিয়াৰ আশ্বাস প্ৰদান কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

September 24, 2026 10:32 am
পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

September 24, 2026 10:10 am
নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

September 24, 2026 9:20 am
মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

September 24, 2026 8:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

September 24, 2026 10:32 am
পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

September 24, 2026 10:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd