• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2026 4:26 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২ হাজাৰ টকাৰ ওপৰৰ নিৰ্দিষ্ট ইউপিআই লেনদেনত মার্চেণ্ট ডিসকাউণ্ট ৰেট বা এম আ ডি আৰোপ কৰাৰ কেন্দ্ৰীয় সিদ্ধান্তত হস্তক্ষেপ নকৰিলে উচ্চতম ন্যায়ালয়ে। এই সিদ্ধান্তৰ বিৰুদ্ধে দাখিল হোৱা গোচৰৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰ, ভাৰতীয় ৰিজাৰ্ভ বেংক, নেচনেল পেমেণ্টছ কৰ্প’ৰেচন অৱ ইণ্ডিয়া আৰু ইউপিআই ষ্টিয়েৰিং কমিটীৰ পৰা উত্তৰ বিচাৰিছে। অৱশ্যে, নতুন মাচুল ব্যৱস্থাৰ ওপৰত এই মুহূৰ্তত কোনো স্থগিতাদেশ জাৰি কৰা হোৱা নাই।

আইনজীৱী অঞ্জন দত্তই এই গোচৰটো দাখিল কৰিছে। ১৪ ছেপ্টেম্বৰত কেন্দ্ৰই জাৰি কৰা জাননী আৰু ১৫ ছেপ্টেম্বৰত ঘোষণা কৰা এম ডি আৰ ব্যৱস্থাৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আবেদনখনত। পৰ্যাপ্ত আইনী সুৰক্ষা, স্পষ্টতা আৰু জনসাধাৰণৰ মতামত গ্ৰহণ নকৰাকৈ এই ধৰণৰ মাচুল আৰোপ কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি আবেদনখনত অভিযোগ কৰা হৈছে।

Apply Now

নতুন ব্যৱস্থা অনুসৰি, ১৫ অক্টোবৰৰ পৰা ২ হাজাৰ টকাৰ অধিক মূল্যৰ নিৰ্দিষ্ট ব্যক্তি-থেকে-বেপাৰী ইউ পি আই লেনদেনত ০.৪ শতাংশ এম আৰ ডি আৰোপ কৰা হ’ব। এই মাচুলৰ দায়িত্ব বেপাৰীৰ ওপৰতে থাকিব। ৭৫ হাজাৰ টকা বা তাতকৈ অধিক লেনদেনৰ ক্ষেত্ৰত এম আ ডিৰ সৰ্বাধিক পৰিমাণ ৩০০ টকা নিৰ্ধাৰণ কৰা হৈছে।

অৱশ্যে, এই নিয়ম সকলো ইউ পি আই লেনদেনৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব। ব্যক্তিৰ পৰা ব্যক্তি ইউ পি আই লেনদেনত কোনো মাচুল নাথাকিব। আনহাতে, ৰে’ল, দূৰভাষ, বীমা, ইন্ধন আৰু কৃষি সামগ্ৰীৰ দৰে নিৰ্দিষ্ট ক্ষেত্ৰত ২ হাজাৰ টকাৰ ওপৰৰ লেনদেনৰ বাবে প্ৰতিটো লেনদেনত ৫ টকা এম আৰ ডি ধাৰ্য কৰা হৈছে।

মিউচুৱেল ফাণ্ড, ছিকিউৰিটিজ আৰু ষ্টক ব্ৰোকাৰ বা ডিলাৰৰ জৰিয়তে হোৱা নিৰ্দিষ্ট লেনদেনৰ ক্ষেত্ৰত MDR ০.০২ শতাংশ হ’ব। এই ক্ষেত্ৰতো সৰ্বাধিক মাচুল ৩০০ টকাতে সীমাবদ্ধ থাকিব।

কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে স্পষ্ট কৰিছে যে নতুন এম আৰ ডি সাধাৰণ গ্ৰাহকৰ পৰা সংগ্ৰহ কৰা নহ’ব। নিৰ্দিষ্ট উচ্চমূল্যৰ বেপাৰী লেনদেনৰ মাচুল বেপাৰীয়েই বহন কৰিব লাগিব বুলি চৰকাৰে কৈছে। সৰু বেপাৰীৰ বাবে ছাড়ৰ ব্যৱস্থাও ৰখা হৈছে। চৰকাৰৰ মতে, প্ৰায় ৯৬ শতাংশ বেপাৰী লেনদেন এই নতুন এম আৰ ডি ব্যৱস্থাৰ বাহিৰত থাকিব।

গোচৰটোৰ শুনানিত কেন্দ্ৰৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল এন ভেংকটৰমণেও কয় যে ইউ পি আই ব্যৱহাৰৰ সৈতে জড়িত প্ৰায় ৯৬ শতাংশ লোক এই মাচুলৰ পৰা বাদ পৰিব। ন্যায়ালয়ৰ বিচাৰপীঠে শুনানিৰ সময়ত বিষয়টো মূলতঃ কেৱল আইনী প্ৰশ্ন নহয়, ইয়াৰ সৈতে প্ৰযুক্তিগত দিশো জড়িত বুলি মন্তব্য কৰে।

আবেদনখনত UPI আৰু RuPay ডেবিট কাৰ্ডৰ ক্ষেত্ৰত পৃথক নিয়ম ৰখাৰ বিষয়টোও উত্থাপন কৰা হৈছে। আবেদনকাৰীৰ মতে, RuPay ডেবিট কাৰ্ডত নিৰ্দিষ্ট ধনৰ সীমা নোহোৱাকৈ মাচুলমুক্ত সুবিধা অব্যাহত ৰখা হৈছে। কিন্তু ইউ পি আইৰ ক্ষেত্ৰত ২ হাজাৰ টকাৰ সীমা ধাৰ্য কৰা হৈছে। এই পৃথক ব্যৱস্থাৰ যুক্তিযুক্ততাক লৈও প্ৰশ্ন তোলা হৈছে।

এতিয়া কেন্দ্ৰীয় চৰকাৰ, RBI আৰু NPCIৰ বক্তব্যৰ পাছতহে নতুন এম আৰ ডি  ব্যৱস্থাৰ আইনী ভিত্তি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী পদক্ষেপ স্পষ্ট হ’ব। অৰ্থাৎ, ১৫ অক্টোবৰৰ পৰা প্ৰস্তাৱিত নতুন মাচুল ব্যৱস্থা এতিয়ালৈ কাৰ্যকৰী হোৱাৰ পথত আছে যদিও ইয়াক লৈ আইনী যুঁজ এতিয়াও অব্যাহত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm
দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

জ্ঞানেশ কুমাৰৰ আগ্ৰাৰ বাসগৃহৰ গেটত ক’লা চিয়াঁহীৰে লিখা হ’ল ‘গদ্দাৰ, ভোট চোৰ’

September 28, 2026 5:15 pm
ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

ইউপিআই লেনদেনত ০.৪ শতাংশ কৰৰ সিদ্ধান্ত চৰকাৰৰ :  স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে

September 28, 2026 4:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd