ৰাম মন্দিৰৰ চান্দা চুৰি আৰু অবৈধ ভূমি ক্ৰয়ৰ অভিযোগক কেন্দ্ৰ কৰি শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ প্ৰাক্তন সাধাৰণ সম্পাদক চম্পত ৰায়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে দাখিল হোৱা এখন আৱেদনৰ শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে সন্মতি প্ৰকাশ কৰিছে। অখিল ভাৰত হিন্দু মহাসভাই দাখিল কৰা এই আৱেদনখন কালি ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন বিচাৰপীঠৰ সন্মুখত উত্থাপন কৰা হয়। বিচাৰপীঠখনে অধিবক্তা বৰিন্দৰ কুমাৰ শৰ্মাক আশ্বস্ত কৰে যে এই আৱেদনখন চান্দা চুৰি সন্দৰ্ভত পূৰ্বৰে পৰা বিচাৰাধীন হৈ থকা অন্যান্য গোচৰসমূহৰ সৈতে সংলগ্ন কৰা হ’ব আৰু অহা ২ নৱেম্বৰত একেলগে ইয়াৰ শুনানি গ্ৰহণ কৰা হ’ব।
অখিল ভাৰত হিন্দু মহাসভাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদনখনত অভিযোগ কৰা হৈছে যে ৰাম মন্দিৰৰ পুঁজি আত্মসাৎ আৰু মন্দিৰৰ চৌপাশৰ অবৈধ ভূমি ক্ৰয় প্ৰক্ৰিয়াত চম্পত ৰায় সক্ৰিয়ভাৱে জড়িত আছিল। আৱেদনকাৰীয়ে লগতে অভিযোগ কৰে যে মন্দিৰৰ কাষৰীয়া ভূমিও তেওঁ অবৈধভাৱে দখল কৰিছিল। এই অভিযোগৰ ভিত্তিত হিন্দু মহাসভাই ট্ৰাষ্টী বা তেওঁলোকৰ লোকসকলৰ দখলত থকা সকলো স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি তৎকালীনভাৱে বাজেয়াপ্ত কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰৰ কৰ্তৃপক্ষক নিৰ্দেশ দিবলৈ সৰ্বোচ্চ ন্যায়ালয়ক আহ্বান জনাইছে।
আৱেদনখনত বৰ্তমানৰ ৰাম মন্দিৰ ট্ৰাষ্টখন ভংগ কৰি ইয়াক সম্পূৰ্ণৰূপে পুনৰ্গঠন কৰাৰো দাবী জনোৱা হৈছে। হিন্দু মহাসভাৰ মতে, চান্দা চুৰিৰ কেলেংকাৰী পোহৰলৈ অহাৰ পাছত ট্ৰাষ্টত কেৱল নেতৃত্ব আৰু প্ৰশাসনিক সালসলনিহে কৰা হৈছিল। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে গঠিত এই ট্ৰাষ্টখনে সততাৰে কাম কৰা নাই বুলি অভিযোগ কৰি আৱেদনখনত কোৱা হৈছে যে পুঁজি আত্মসাৎ কৰা বহু লোকৰ বিৰুদ্ধে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই আৰু তেওঁলোকক পদৰ পৰা অপসাৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। ট্ৰাষ্টৰ এনে কাৰ্যকলাপে সমগ্ৰ বিশ্বৰ ৰাম ভক্তসকলৰ বিশ্বাস ভংগ কৰাৰ লগতে তেওঁলোকৰ আস্থাত গভীৰ আঘাত হানিছে বুলিও সংগঠনটোৱে আৱেদনখনত ক্ষোভ প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে ৰাম মন্দিৰৰ চান্দা চুৰিৰ তদন্ত কৰা উত্তৰ প্ৰদেশ ৰাজ্যিক বিশেষ তদন্তকাৰী দলে (এছআইটি) পূৰ্বে চম্পত ৰায়ক ক্লীন চিট প্ৰদান কৰিছিল। বৰ্তমানৰ চাৰ্জশ্বীটত তেওঁক অভিয়োজন পক্ষৰ এগৰাকী মূল সাক্ষী হিচাপেহে অন্তৰ্ভুক্ত কৰা হৈছে। ৰায়ে তদন্তকাৰী বিষয়াসকলক অৱগত কৰিছিল যে ভ্ৰমণৰত অৱস্থাত এটা ফোন কল আৰু ভিডিঅ’ বাৰ্তাৰ জৰিয়তেহে তেওঁ প্ৰথমবাৰৰ বাবে এই খেলিমেলিৰ বিষয়ে জানিব পাৰিছিল। পৰৱৰ্তী সময়ত তেওঁ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আৰক্ষীৰ ওচৰত আনুষ্ঠানিকভাৱে এজাহাৰ দাখিল কৰাৰ পৰামৰ্শ দিছিল। বৰ্তমানৰ চাৰ্জশ্বীটখনত কেৱল গ্ৰেপ্তাৰ হোৱা আঠগৰাকী কাউণ্টিং এজেণ্ট আৰু কৰ্মচাৰীকহে অপৰাধমূলক বিশ্বাসভংগ আৰু দুৰ্নীতিৰ অভিযোগত অভিযুক্ত কৰা হৈছে। চান্দা চুৰি আৰু অবৈধ ভূমি দখলৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছত এতিয়া সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছেগৈ। অহা ২ নৱেম্বৰত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে এই গোচৰটোৰ সৈতে আনুষংগিক অন্যান্য আৱেদনসমূহৰো একেলগে শুনানি গ্ৰহণ কৰিব। এই শুনানিৰ পাছতেই শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্ট আৰু ইয়াৰ প্ৰাক্তন বিষয়ববীয়াসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ আইনী প্ৰক্ৰিয়াটোৱে কি নতুন মোৰ লয়, সেয়া স্পষ্ট হৈ পৰিব।





