• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 1, 2026 3:54 pm
https://www.facebook.com/reel/1064181853151566
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিলচৰ পৌৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ ঠিক আগে আগে শাসকীয় দল বিজেপিৰ কেইবাগৰাকী প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা আৰু প্ৰতিশ্ৰুতি পত্ৰৰ তথ্যক লৈ ৰাজ্যজুৰি তীব্ৰ চৰ্চা আৰম্ভ হৈছে। অসম জাতীয় পৰিষদে গুৱাহাটীস্থিত দলীয় কাৰ্য্যালয়ত এক সংবাদ মেল অনুষ্ঠিত কৰি বিজেপিৰ কেইবাজনো প্ৰাৰ্থীৰ শিক্ষাগত প্ৰমাণ পত্ৰত ব্যাপক খেলিমেলি থকাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে। দলটোৰ নেত্ৰী কুনকি চৌধুৰীয়ে স্পষ্টভাৱে কয় যে নিৰ্বাচনী আয়োগক এই সন্দৰ্ভত অভিযোগ জনোৱা স্বত্বেও কৰ্তৃপক্ষই উপযুক্ত তদন্ত বা তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা নাই।

 

Apply Now

সংবাদ মেলত বিশেষভাৱে বৰাক উপত্যকাৰ শিলচৰ পৌৰ নিৰ্বাচনৰ কেইজনমান প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা হয়। ৬নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী কাঞ্চন দেৱৰ নিৰ্বাচনী শপতনামাত তেওঁ ছিকিম ইণ্টাৰনেশ্যনেল বিশ্ববিদ্যালয়ৰ পৰা ২০১৮ চনত স্নাতক ডিগ্ৰী লাভ কৰা বুলি উল্লেখ কৰা হৈছে বুলি দাবী কৰা হয়। কিন্তু জাতীয় পৰিষদৰ হাতত থকা তথ্য অনুসৰি উক্ত বিশ্ববিদ্যালয়খন ২০২১ চনতহে প্ৰতিষ্ঠা হৈছিল, যিয়ে সমগ্ৰ বিষয়টোক সন্দেহৰ আৱৰ্তলৈ ঠেলি দিছে। একেদৰে ১৪নং ৱাৰ্ডৰ প্ৰতীক্ষা দেৱ আৰু ১৫নং ৱাৰ্ডৰ পাপলী কৰ্মকাৰে যোধপুৰ নেচনেল বিশ্ববিদ্যালয়ৰ পৰা ক্ৰমে ২০১৩ আৰু ২০১৯ চনত ডিগ্ৰী লোৱা বুলি উল্লেখ কৰা হৈছে যদিও এই বিশ্ববিদ্যালয়খনৰ পূৰ্বৰ ভুৱা প্ৰমাণ পত্ৰ বিতৰ্কৰ ইতিহাসক লৈও প্ৰশ্ন তোলা হৈছে।

 

বিতৰ্ক কেৱল বিশ্ববিদ্যালয়ৰ বৈধতাতেই সীমাবদ্ধ থকা নাই। ৩৯নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী উত্তম কুমাৰ গোৱালাৰ প্ৰতিশ্ৰুতি পত্ৰৰ তথ্যয়ো সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ ১৯৯৯ চনত মেট্ৰিক উত্তীৰ্ণ হোৱাৰ বিপৰীতে সুদীৰ্ঘ পঁচিশ বছৰৰ মূৰত ২০২৪ চনতহে উচ্চত মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি দেখুওৱা হৈছে। এই দীৰ্ঘদিনীয়া ব্যৱধানক লৈ প্ৰশ্ন উত্থাপন কৰি দলটোৱে মনোনয়ন পত্ৰ পৰীক্ষাৰ সময়ত এইবোৰ বিষয় কিয় ধৰা পৰা নাই বুলি নিৰ্বাচনী বিষয়া ৰাহুল কুমাৰ গুপ্তাৰ কাৰ্যশৈলীৰ ওপৰতো চোকা দৃষ্টি নিক্ষেপ কৰিছে। ইফালে ১৭নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী আতাউৰ ৰহমান লস্কৰৰ শিক্ষাগত অৰ্হতাৰ বিসংগতি সন্দৰ্ভত ইতিমধ্যে আদালতে চমন জাৰি কৰাৰ খবৰে পৰিস্থিতি আৰু অধিক উত্তপ্ত কৰি তুলিছে।

 

শিলচৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হবলগীয়া এই পৌৰ নিৰ্বাচনত মুঠ বিয়াল্লিছটা ৱাৰ্ডৰ ভিতৰত ইতিমধ্যে দুটা ৱাৰ্ডত বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাত বিজয়ী হৈছে আৰু বাকী ৪০টা ৱাৰ্ডত অহা তিন অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হবলৈ গৈ আছে। কিন্তু ভোটদানৰ ঠিক আগে আগে এই শৈক্ষিক প্ৰমাণ পত্ৰৰ বিতৰ্কে নিৰ্বাচনী বতাহ গৰম কৰি তুলিছে। অসম জাতীয় পৰিষদে সকলো প্ৰাৰ্থীৰ জমা দিয়া নথিপত্ৰৰ পুনৰ এক নিকা আৰু স্বচ্ছ তদন্ত দাবী কৰিছে যাতে নিৰ্বাচনৰ পৱিত্ৰতা আৰু জনসাধাৰণৰ বিশ্বাস অক্ষুণ্ণ থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

October 1, 2026 4:00 pm
শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

October 1, 2026 3:54 pm
এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱালে শ্ৰেয়াছ বাহিনীয়ে; ফাইনেলত স্বৰ্ণৰ যুঁজত ভাৰত-পাকিস্তান

এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱালে শ্ৰেয়াছ বাহিনীয়ে; ফাইনেলত স্বৰ্ণৰ যুঁজত ভাৰত-পাকিস্তান

October 1, 2026 2:44 pm
ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

October 1, 2026 1:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

October 1, 2026 4:00 pm
শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

October 1, 2026 3:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd