নিৰ্বাচন আয়োগে নিৰ্বাচনী তালিকাৰ বিশেষ ব্যাপক সংশোধন (SIR) সম্পূৰ্ণ হোৱা ৰাজ্যসমূহত বাদ পৰা ভোটাৰৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আয়োগৰ এই সিদ্ধান্তক নিৰ্বাচনী আইনৰ অধীনত অবৈধ আৰু গুৰুতৰ অপৰাধ বুলি অভিহিত কৰিছে প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেশ্বীয়ে।
তেওঁ কয় যে এই নিৰ্দেশনা দিয়া আৰু নিৰ্দেশনা কাৰ্যকৰী কৰাসকল তেওঁলোক সকলোৱে আইনৰ দৃষ্টিত এবছৰৰ কাৰাদণ্ডৰ সমতুল্য অপৰাধক অভিযুক্ত হ’ব।
এছ আই আৰক লৈ বিতৰ্ক আৰু বৈধ ভোটাৰৰ নাম বাদ দিয়াৰ অভিযোগৰ সন্মুখত আয়োগে বুথ পৰ্যায়ৰ বিষয়াসকলক ঘৰে ঘৰে গৈ পূৰ্বৰ -এছআইআৰ আৰু এছআইআৰৰ পিছৰ তালিকা পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে। বাদ পৰা ভোটাৰৰ মাজত যদি বৈধ নাগৰিক আছে তেন্তে তেওঁলোকক প্ৰ-পত্ৰ-৬ পূৰণ কৰি নাম অন্তৰ্ভুক্ত কৰিবলৈ কোৱা হৈছে।
কুৰেশ্বীয়ে কয় যে ফৰ্ম-৬ কেৱল নতুন ভোটাৰৰ বাবেহে ব্যৱহাৰ কৰিব পাৰি। এছ আই আৰ প্ৰক্ৰিয়াৰ সময়ত তালিকাৰ পৰা নাম বাদ পৰা ভোটাৰসকল নতুন ভোটাৰ নহয়। ইতিমধ্যে তেওঁলোকৰ নাম তালিকাত আছিল। আয়োগৰ ভুলৰ বাবে যদি তেওঁলোকৰ নাম বাদ পৰিছে, তেন্তে তেওঁলোকক পুনৰ অন্তৰ্ভুক্ত কৰিবলৈ প্ৰপত্ৰ-৬ ব্যৱহাৰ কৰিব নোৱাৰি।
উল্লেখ্য যে প্ৰাক্তন নিৰ্বাচন আয়ুক্তসকলৰ ভিতৰত কুৰেশ্বীয়ে আৰম্ভণিৰে পৰাই এছ আই আৰত পদ্ধতিগত ভুলৰ কথা কৈ আহিছে। অৱশ্যে জ্ঞানেশ কুমাৰৰ নেতৃত্বত বৰ্তমানৰ আয়োগে এইগৰাকী প্ৰাক্তন আয়ুক্তৰ কথালৈ কোনো গুৰুত্ব নিদিলে।
কুৰেশ্বীৰ মতে, আয়োগৰ ভুলৰ বাবে যদি বৈধ ভোটাৰৰ নাম বাদ পৰিছে, তেন্তে নিৰ্বাচন আয়োগে নিজেই সেইবোৰ অন্তৰ্ভুক্ত কৰিব লাগিব। ইয়াৰ বাবে তেওঁলোকক নতুনকৈ ফৰ্ম-৬ পূৰণ কৰিবলৈ কোৱাটো এটা গুৰুতৰ অপৰাধ।


