• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত দুৰ্গা পূজাক লৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ, শব্দৰ পৰা নিৰাপত্তালৈ জাৰি একাধিক নিয়ম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2026 4:45 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক দুৰ্গা পূজাক সুৰক্ষিত আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে গুৱাহাটী জিলা প্ৰশাসন আৰু আৰক্ষীয়ে পূজা সমিতিসমূহৰ বাবে একাধিক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। শুকুৰবাৰে আমবাৰীৰ জিলা পুথিভঁৰালত অনুষ্ঠিত এখন বৈঠকত আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াসকলে পূজা সমিতিৰ প্ৰতিনিধিসকলক এই নিৰ্দেশনাসমূহ অৱগত কৰে।

নিৰ্দেশনা অনুসৰি কোনো পূজা সমিতিয়ে আৰক্ষী আৰু অগ্নিনিৰ্বাপণ তথা জৰুৰীকালীন সেৱাৰ পূৰ্বানুমতি অবিহনে পূজা আয়োজন কৰিব নোৱাৰিব। পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ শব্দৰ মাত্ৰা ৫৫ ডেচিবেলৰ ভিতৰত ৰাখিব লাগিব। নিশা ১০ বজাৰ পিছত উচ্চ শব্দৰ ছাউণ্ড ছিষ্টেম ব্যৱহাৰৰ অনুমতি নাথাকিব। অশ্লীল গীত আৰু ‘আইটেম ছং’ বজোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

Apply Now

নিৰাপত্তাৰ বাবে প্ৰতিটো পূজা মণ্ডপত চিচিটিভি কেমেৰা স্থাপন বাধ্যতামূলক কৰা হৈছে। পূজা সমিতিসমূহে স্বেচ্ছাসেৱকসকলৰ নাম-সহ সম্পূৰ্ণ তথ্য আগতীয়াকৈ আৰক্ষীক জমা দিব লাগিব। স্বেচ্ছাসেৱকসকলৰ একাংশই নিশাও মণ্ডপত উপস্থিত থাকি নিৰাপত্তা আৰু ভিৰ নিয়ন্ত্ৰণৰ দায়িত্ব পালন কৰিব লাগিব।

ইয়াৰ উপৰি মণ্ডপত পৃথক প্ৰৱেশ আৰু প্ৰস্থান পথৰ ব্যৱস্থা, পুৰুষ আৰু মহিলাৰ বাবে পৃথক শাৰী আৰু জৰুৰী পৰিস্থিতিত লোকক সুৰক্ষিতভাৱে বাহিৰলৈ উলিয়াই নিয়াৰ ব্যৱস্থা ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰতিটো মণ্ডপতে অভিজ্ঞ ইলেক্ট্ৰিচিয়ান উপস্থিত থকাৰ লগতে অগ্নিনিৰ্বাপণৰ উপযুক্ত ব্যৱস্থা থাকিব লাগিব। বৈদ্যুতিক আৰু অগ্নিনিৰাপত্তাৰ দায়িত্বত থকা কৰ্মীসকলক পূৰ্বেই প্ৰশিক্ষণ দিব লাগিব।

প্ৰতিটো পূজা মণ্ডপতে ‘No Tobacco’ আৰু ‘No Alcohol’ এলেকা বুলি স্পষ্টভাৱে জাননী প্ৰদৰ্শন কৰাটোও বাধ্যতামূলক কৰা হৈছে। পূজা উপলক্ষে শোভাযাত্ৰা উলিয়াবলৈ পূৰ্বানুমতি ল’ব লাগিব। ৰাস্তা বা ৰাজহুৱা যাতায়াতত বাধা সৃষ্টি হোৱাকৈ মণ্ডপ নিৰ্মাণ কৰিব নোৱাৰিব।

প্ৰতিমা বিসৰ্জনৰ ক্ষেত্ৰতো বিশেষ নিয়ম নিৰ্ধাৰণ কৰা হৈছে। প্ৰতিটো পূজা মণ্ডপৰ পৰা সৰ্বাধিক পাঁচগৰাকী লোকেহে প্ৰতিমাৰ সৈতে বিসৰ্জনস্থলীলৈ যাব পাৰিব। এইবাৰ নুনমাটিৰ চুনচালি ঘাটত বিসৰ্জন অনুষ্ঠিত নহ’ব। নাৰেংগী-নুনমাটি পূজা সমিতিয়ে কাচাৰী ঘাটত প্ৰতিমা বিসৰ্জন কৰিব লাগিব বুলি প্ৰশাসনে জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

October 3, 2026 6:09 pm
অসমৰ ‘সম নাগৰিক সংহিতা’ বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে : শীঘ্ৰেই কাৰ্যকৰী হ’ব এই আইন

অসমৰ ‘সম নাগৰিক সংহিতা’ বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে : শীঘ্ৰেই কাৰ্যকৰী হ’ব এই আইন

October 3, 2026 6:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd