দক্ষিণ কোৰিয়াৰ সৈতে উত্তেজনাৰ মাজতে উত্তৰ কোৰিয়াই পুনৰ পৰীক্ষা কৰিলে বেলিষ্টিক মিছাইল। দক্ষিণ কোৰিয়াৰ সেনাই জনোৱা মতে, শনিবাৰে পুৱা পূব উপকূলৰ পৰা সাগৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয়। পিছত কিম জং উনৰ ভগ্নী কিম যো জঙে উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যম কেচিএনএৰ জৰিয়তে কয় যে মধ্যম দূৰত্বৰ কৌশলগত ক্ষেপণাস্ত্ৰৰে সামৰিক অনুশীলন চলোৱা হৈছে।
ছেপ্টেম্বৰ মাহত লেণ্ডমাইন বিস্ফোৰণক লৈ দক্ষিণ কোৰিয়াই উত্তৰ কোৰিয়াৰ পৰা ক্ষমা দাবী কৰিছিল। সেই দাবী নাকচ কৰাৰ এদিন পিছতে পিয়ংইয়াঙে নতুনকৈ ক্ষেপণাস্ত্ৰ পৰীক্ষা চলাইছে।
দক্ষিণ কোৰিয়াৰ যুটীয়া মুখ্য সেনাধ্যক্ষই জনোৱা মতে, পূব উপকূলৰ ৱনছান অঞ্চলৰ পৰা এই ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে। ই পূব সাগৰত ৭০০ কিলোমিটাৰতকৈও অধিক দূৰত্ব অতিক্ৰম কৰিছিল। পূব সাগৰক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জাপান সাগৰ বুলিও জনা যায়।
দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ সেনাই যৌথভাৱে ক্ষেপণাস্ত্ৰটোৰ প্ৰকাৰ আৰু অন্যান্য উৰণৰ বৈশিষ্ট্য বিশ্লেষণ কৰি আছে। জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই ক্ষেপণাস্ত্ৰ জাপানৰ বিশেষ অৰ্থনৈতিক অঞ্চলৰ বাহিৰত পৰিছে।
উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ সংস্থা কেচিএনএ-ক উদ্ধৃতিৰে ৰয়টাৰ্ছে জনাইছে, কিম যো জঙে দাবী কৰিছে যে এই অনুশীলনত মধ্যম দূৰত্বৰ কৌশলগত ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰা হৈছে। লগতে দক্ষিণ কোৰিয়া আৰু জাপানে মিছাইলটোৰ উৰণৰ পথ আৰু ৰেঞ্জৰ মূল্যায়নক লৈও প্ৰশ্ন উত্থাপন কৰে। তেওঁ দাবী কৰে যে এই মিছাইলটোত বিশেষ ছুইং ট্ৰেজেক্টৰী বা উৰণৰ পথ ব্যৱহাৰ কৰা হৈছিল যাৰ বাবে ইয়াক ধৰা পেলোৱাটো কঠিন হৈ পৰিছিল।
কিম যো জঙে লগতে দাবী কৰে যে কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তি ব্যৱহাৰ কৰি এই ক্ষেপণাস্ত্ৰই কম উচ্চতাত উৰণৰ পথ সলনি কৰিব পাৰে। তেওঁৰ মতে, যদি এই প্ৰযুক্তি ব্যৱহাৰ কৰা হয়, তেন্তে প্ৰতিপক্ষই ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পৰা হাত সৰাটো কঠিন। কিন্তু উত্তৰ কোৰিয়াৰ এই কাৰিকৰী দাবীসমূহ স্বতন্ত্ৰভাৱে পৰীক্ষা কৰাটো সম্ভৱ হোৱা নাই।
দক্ষিণ কোৰিয়াৰ সেনাই দ্ৰুতগতিত পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে। অধিক সম্ভাৱ্য ক্ষেপণাস্ত্ৰ নিক্ষেপ হোৱাৰ আশংকাত নিৰীক্ষণ আৰু সজাগতা বৃদ্ধি কৰা হৈছে। ক্ষেপণাস্ত্ৰ পৰীক্ষণ সন্দৰ্ভত আমেৰিকা আৰু জাপানৰ সৈতে ঘনিষ্ঠভাৱে তথ্য বিনিময় কৰা হৈছে বুলি দক্ষিণ কোৰিয়াই প্ৰকাশ কৰে।
দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় নিৰাপত্তা কাৰ্যালয়ে উত্তৰ কোৰিয়াক ধাৰাবাহিকভাৱে চলাই থকা বেলিষ্টিক মিছাইল পৰীক্ষা বন্ধ কৰিবলৈ আহ্বান জনাইছে। ছিউলে দাবী কৰে যে এনে উৎক্ষেপণে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ নিষেধাজ্ঞা উলংঘা কৰে আৰু ই বৰ্তমানৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সহায় নকৰে।
আমেৰিকাৰ পেচিফিক কমাণ্ডে কয় যে উত্তৰ কোৰিয়াৰ শেহতীয়া ক্ষেপণাস্ত্ৰ নিক্ষেপে আমেৰিকাৰ সৈন্য, আমেৰিকাৰ ভূখণ্ড বা মিত্ৰশক্তিৰ বাবে তাৎক্ষণিক ভাবুকি কঢ়িয়াই অনা নাই। কিন্তু উত্তৰ কোৰিয়াৰ অবিৰত সামৰিক কাৰ্যকলাপৰ বাবে ৱাশ্বিংটন, ছিউল আৰু টকিঅ’ই পূব এছিয়াৰ নিৰাপত্তা পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে।
নতুন ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ মাত্ৰ কেইদিনমান পূৰ্বে দক্ষিণ কোৰিয়াৰ ক্ষমাপ্ৰাৰ্থনাৰ দাবী নাকচ কৰিছিল কিম যো জঙে। ২১ ছেপ্টেম্বৰত সামৰিক সীমাৰেখাৰ সমীপত লেণ্ডমাইন বিস্ফোৰণত তিনিজন দক্ষিণ কোৰিয়াৰ জোৱান আহত হৈছিল। দক্ষিণ কোৰিয়া আৰু আমেৰিকা নেতৃত্বাধীন ৰাষ্ট্ৰসংঘৰ কমাণ্ডৰ যৌথ তদন্তত উত্তৰ কোৰিয়াই পাতি ৰখা মাইনৰ পৰাই এই বিস্ফোৰণ হোৱা বুলি দাবী কৰা হৈছে। পিছত ৰাষ্ট্ৰসংঘৰ কমাণ্ডে কয় যে উত্তৰ কোৰিয়াই এই কাণ্ডত কোৰিয়া যুদ্ধৰ অন্ত পেলোৱা যুদ্ধবিৰতি চুক্তি উলংঘা কৰিছে।
দক্ষিণ কোৰিয়াই এই কাণ্ডৰ বাবে উত্তৰ কোৰিয়াৰ পৰা ক্ষমা বিচাৰি দাবী জনায় যদিও কিম যো জঙে এই দাবী নাকচ কৰে আৰু ইয়াক “অতি দুৰ্বল আৰু গ্ৰহণযোগ্য নহয়” বুলি কয়। লগতে উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াৰ সৈতে সম্পৰ্ক স্থায়ীভাৱে বিচ্ছিন্ন কৰাৰ দিশত আগবাঢ়িছে বুলিও তেওঁ কয়।





