আমেৰিকাৰ ওহাইঅ’ প্ৰদেশৰ গ্ৰেটাৰ ক্লিভলেণ্ড এলেকাত থকা এটা মন্দিৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। আমেৰিকা ভিত্তিক এক হিন্দু অধিকাৰ সংগঠনে জানিবলৈ দিয়া মতে, দুৰ্বৃত্তই ইটা নিক্ষেপ কৰি মন্দিৰ আৰু অট্টালিকাটোৰ খিৰিকীৰ কাঁচ ভাঙি চূৰমাৰ কৰে। সংগঠনটোৱে দাবী কৰা অনুসৰি, শুকুৰবাৰে দুপৰীয়া ৰিচমণ্ড হাইটছৰ স্বামী নাৰায়ণ মন্দিৰত এই ঘটনা ঘটে। আক্ৰমণৰ সময়ত মন্দিৰৰ ভিতৰত পুৰোহিত আৰু কেইবাজনো ভক্ত উপস্থিত আছিল বুলি জানিব পৰা গৈছে।
অৱশ্যে এই ঘটনাত কোনো লোক আহত হৈছে নে নাই সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। উত্তৰ আমেৰিকাৰ হিন্দু সংগঠনসমূহে এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছে। ৰিচমণ্ড হাইটছৰ মেয়ৰ কিম থমাছ আৰু স্থানীয় প্ৰশাসনৰ ওচৰত ঘটনাৰ অভিযোগ দাখিল কৰাৰ লগতে অভিযুক্তৰ বিৰুদ্ধে ক্ষিপ্ৰ আৰক্ষীৰ পদক্ষেপৰ দাবী জনোৱা হৈছে। এক্স হেণ্ডেলত এটা পোষ্ট কৰি সংগঠনটোৰ তৰফৰ পৰা জনোৱা হৈছে যে এই ধৰণৰ বিদ্বেষমূলক ঘটনাৰ বিৰুদ্ধে মেয়ৰ আৰু স্থানীয় প্ৰশাসনে স্পষ্ট অৱস্থান গ্ৰহণ কৰা প্ৰয়োজন।
একে সময়তে অভিযুক্তক অতি সোনকালে চিনাক্ত কৰি কঠোৰ ব্যৱস্থা লোৱাৰো দাবী জনোৱা হৈছে। হিন্দু আমেৰিকান ফাউণ্ডেচনেও এই ঘটনাৰ গৰিহণা দিছে। তেওঁলোকৰ বক্তব্য অনুসৰি, আমেৰিকাৰ হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে বিদ্বেষ আৰু ঘৃণা বিয়পোৱা বক্তব্যৰ ঘটনা বৰ্তমান এক নজিৰবিহীন পৰ্যায়ত উপনীত হৈছে। দেশৰ নিৰ্বাচিত জনপ্ৰতিনিধি আৰু চৰকাৰী সংস্থাসমূহকো এই ঘটনাৰ গৰিহণা দিবলৈ হিন্দু সংগঠনটোৱে আহ্বান জনাইছে।
হিন্দু আমেৰিকান ফাউণ্ডেচনৰ কাৰ্যবাহী সঞ্চালক সুহাগ শুক্লায়ো ঘটনাটোক গৰিহণা দি ক্ষিপ্ৰতাৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে। তেওঁৰ মতে, অনলাইনত বিয়পি পৰা বিদ্বেষ এতিয়া বাস্তৱ জগতৰ আক্ৰমণলৈ পৰিণত হৈছে। মন্দিৰত চলোৱা আক্ৰমণৰ ভিডিঅ’ পৰীক্ষা কৰি অভিযুক্তক শীঘ্ৰে আটক কৰাৰ দাবী জনাইছে শুক্লায়।
উল্লেখ্য যে এই আক্ৰমণৰ ঘটনা এনে এক সময়ত ঘটিছে, যি সময়ত ওহাইঅ’ৰ ভাৰতীয়-আমেৰিকান সম্প্ৰদায়ে নৱৰাত্ৰি উদযাপনৰ বাবে প্ৰস্তুতি চলাই আছে। অহা কেইদিনমানৰ ভিতৰতে নৱৰাত্ৰি আৰম্ভ হোৱাৰ কথা। এনে পৱিত্ৰ সময়ৰ ঠিক আগে আগে হোৱা এই আক্ৰমণে স্থানীয় হিন্দু সমাজক চিন্তিত কৰি তুলিছে।
আমেৰিকাত হিন্দু ধৰ্মীয় স্থানসমূহত আক্ৰমণ আৰু লণ্ডভণ্ড কৰাৰ ঘটনা ইয়াৰ পূৰ্বেও পোহৰলৈ আহিছে। তথ্য অনুসৰি, ২০২২ চনৰ আগষ্ট মাহত নিউয়ৰ্কৰ কুইন্সত থকা তুলসী মন্দিৰত মহাত্মা গান্ধীৰ মূৰ্তি লণ্ডভণ্ড কৰা হৈছিল। ২০২৩ চনৰ ডিচেম্বৰ মাহত কেলিফৰ্নিয়াৰ নিউয়ৰ্কত থকা স্বামীনাৰায়ণ মন্দিৰত আপত্তিজনক গ্ৰাফিটি অঁকাৰ অভিযোগ উঠিছিল। ইয়াৰ উপৰিও ২০২৪ চনত নিউয়ৰ্ক আৰু কেলিফৰ্নিয়াত একাধিক মন্দিৰত আক্ৰমণৰ অভিযোগ উত্থাপন হৈছিল।





