• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

বুধবাৰে মাস্কে নিজৰ এক্স হেণ্ডেলত এটা পোষ্ট পোষ্ট কৰে। তেওঁ লিখিছে, ‘দুৰ্ভাগ্যজনকভাৱে ষ্টাৰলিংকক ভাৰতীয় বজাৰত প্ৰৱেশ কৰাত বাধা দিয়া হৈছে। কাৰণ কিছুমান গোষ্ঠীয়ে সেই দেশত নিজৰ একচেটিয়া অধিকাৰ বজাই ৰাখিব বিচাৰে।'

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2026 11:37 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ষ্টাৰলিংকক ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই! বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আমেৰিকাৰ কোটিপতি ইলন মাস্কে। এতিয়া তেওঁ এই প্ৰশ্ন উত্থাপন কৰিছে, ভাৰত দেশখন আম্বানীয়ে চলাইছে নেকি?

মাস্কৰ সেই টুইটৰ প্ৰত্যুত্তৰত লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে  নাম উল্লেখ নকৰাকৈ গৌতম আদানীক টাৰ্গেট কৰিছে। মাস্ক আৰু ৰাহুলৰ এই বাৰ্তালাপক লৈ ইণ্টাৰনেটত তুমুল চৰ্চা চলিছে।

বুধবাৰে মাস্কে নিজৰ এক্স হেণ্ডেলত এটা পোষ্ট পোষ্ট কৰে। তেওঁ লিখিছে, ‘দুৰ্ভাগ্যজনকভাৱে ষ্টাৰলিংকক ভাৰতীয় বজাৰত প্ৰৱেশ কৰাত বাধা দিয়া হৈছে। কাৰণ কিছুমান গোষ্ঠীয়ে সেই দেশত নিজৰ একচেটিয়া অধিকাৰ বজাই ৰাখিব বিচাৰে।’

Apply Now

দ্বিতীয়টো পোষ্টত আমেৰিকাৰ কোটিপতিগৰাকীয়ে কয় যে, ‘ভাৰতৰ যিসকল লোকে উচ্চ মূল্যৰ ইণ্টাৰনেট সেৱাৰ খৰচ বহন কৰিব নোৱাৰে, তেওঁলোকক ষ্টাৰলিংকে দ্ৰুতবেগী আৰু সুলভ মূল্যৰ ইণ্টাৰনেট সংযোগ প্ৰদান কৰিব।’

প্ৰথম কেইটামান পোষ্টত অৱশ্যে টেছলাৰ মুৰব্বীগৰাকীয়ে কোনো গ্ৰুপ বা প্ৰভাৱশালী ব্যক্তিৰ নাম পোনপটীয়াকৈ উল্লেখ কৰা নাছিল।

অৱশ্যে তাৰ পিছত মাস্কে এটা প্ৰতিবেদন ৰিটুইট কৰে। সেই প্ৰতিবেদনৰ বিষয়বস্তু আছিল, ভাৰত চৰকাৰে নাগৰিকতকৈও দুই এজন ব্যৱসায়ীৰ স্বাৰ্থ অধিক সুৰক্ষিত কৰিছে নেকি? ৰিটুইট কৰি মাস্কৰ বক্তব্য, ‘ষ্টাৰলিংকৰ ১৬৫খন দেশত অনুজ্ঞাপত্ৰ আছে। যোৱা পাঁচ বছৰ ধৰি ভাৰত চৰকাৰৰ প্ৰতিটো নিয়ম মানি চলি আহিছে। ইয়াৰ পিছতো আমি কিয় অনুজ্ঞাপত্ৰ নাপালোঁ? তেনেহ’লে আম্বানীয়েই ভাৰতৰ বছ নেকি?’

মাস্কৰ এই টুইটৰ প্ৰতি সঁহাৰি জনাই ৰাহুলে এখন ছবি পোষ্ট কৰে য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৌতম আদানীক একেলগে দেখা গৈছে। কাৰো নাম নোলোৱাকৈ ৰাহুলে লিখিছে, ‘এইবাৰ আন আৰু এজনক বিচাৰি পাব’। অৰ্থাৎ তেওঁ ইংগিত দিলে যে ভাৰতৰ ‘বছ’ আদানীও।

তাৎপৰ্যপূৰ্ণভাৱে ৰাহুলৰ এই টুইটৰ উত্তৰ দিয়ে মাস্কে। তেওঁ লিখিছে, “ধন্যবাদ ৰাহুল। এইটো এটা অতি গুৰুতৰ বিষয়।”

উল্লেখ্য যে ভাৰতে মাস্কৰ এই দাবী নাকচ কৰিছে। যোগাযোগ মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে উপগ্ৰহ যোগাযোগ সেৱাৰ ক্ষেত্ৰত ভাৰতৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰি ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈছে। কিন্তু ভাৰতত উপগ্ৰহ যোগাযোগকে ধৰি সকলো ধৰণৰ দূৰসংযোগ সেৱাৰ বাবে এক ন্যায্য আৰু বৈষম্যহীন আন্তঃগাঁথনি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

October 9, 2026 11:37 am
মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

October 9, 2026 10:45 am
দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

October 9, 2026 9:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

October 9, 2026 11:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd