• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

অৱশ্যে পোহৰৰ এই খেলা ক’ত আৰু কিমান স্পষ্টকৈ দেখা যাব সেয়া সৌৰ ধুমুহাৰ তীব্ৰতা আৰু চুম্বকীয় ক্ষেত্ৰৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰিব বুলি বিশেষজ্ঞসকলে জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2026 3:34 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী। সূৰ্য্যত ইটোৰ পিছত সিটোকৈ শক্তিশালী বিস্ফোৰণ ঘটিছে। সেইবাবেই পৃথিৱীৰ পিনে সৌৰ ধুমুহা আহিব পাৰে। অতি উত্তপ্ত প্লাজমাৰ বিশাল ঢৌ নামি আহিব পাৰে বুলি বিজ্ঞানীসকলে আশংকা কৰিছে। ইয়াক ‘ছলাৰ ছুনামী’ বা সৌৰ ছুনামী বুলি কোৱা হয়।

মহাকাশৰ বতৰৰ এই পৰিৱৰ্তনৰ ফলত পৃথিৱীত মৃদুৰ পৰা প্ৰবল ভূ-চুম্বকীয় ধুমুহা আহিব পাৰে। আনকি এই ছুনামী চকুত দেখা পোৱা যাবও পাৰে। এই ক্ষেত্ৰত সপ্তাহান্তিক দিনত আকাশত অপূৰ্ব মেৰুজ্যোতি বা অৰোৰা দেখা যাব পাৰে।

অৱশ্যে পোহৰৰ এই খেলা ক’ত আৰু কিমান স্পষ্টকৈ দেখা যাব সেয়া সৌৰ ধুমুহাৰ তীব্ৰতা আৰু চুম্বকীয় ক্ষেত্ৰৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰিব বুলি বিশেষজ্ঞসকলে জনাইছে।

Apply Now

মহাকাশৰ বতৰৰ পূৰ্বাভাস অনুসৰি ৯ অক্টোবৰ আৰু ১১ অক্টোবৰত পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰত সৰ্বাধিক তিনিটা ক’ৰ’নেল মাছ ইজেকচনে আঘাত কৰিব পাৰে। এই বিস্ফোৰণৰ ফলত সূৰ্য্যৰ পৰা অহা বৃহৎ পৰিমাণৰ আধানযুক্ত কণা আৰু চুম্বকীয় ক্ষেত্ৰ মহাকাশলৈ বিয়পি পৰে। পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰৰ লগত ইহঁতে পাৰস্পৰিক ক্ৰিয়া কৰিলে ভূ-চুম্বকীয় ধুমুহাৰ সৃষ্টি হ’ব পাৰে।

এই পূৰ্বাভাস অনুসৰি এই ধুমুহাৰ তীব্ৰতা G1 বা মৃদুৰ পৰা G3 বা প্ৰবল হ’ব পাৰে। গতিকে বিশেষজ্ঞসকলে এই বিষয়টোৰ ওপৰত চকু ৰাখিছে।

যদিহে ধুমুহাৰ তীব্ৰতা বেছি হয় তেন্তে অৰোৰা বা ৰঙীন পোহৰৰ খেল দেখাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। অৱশ্যে সেইটো যে দেখাই যাব সেয়া নিশ্চিত নহয়। সৌৰ পদাৰ্থৰ লগত অহা চুম্বকীয় ক্ষেত্ৰৰ শক্তি আৰু দিশৰ ওপৰত বহু কথা নিৰ্ভৰ কৰিব।

৮ অক্টোবৰৰ পৰা হঠাতে সূৰ্য্য সক্ৰিয় হৈ পৰিছে। সিদিনা ছানস্পট ৪৫৪৯ নামেৰে জনাজাত সৌৰকলংক এটাৰ পৰা আন এক বিস্ফোৰণ ঘটিছিল।ইয়াৰ ফলত M6.7 শ্ৰেণীৰ সৌৰজ্বলন (ছলাৰ ফ্লেয়াৰ)ঘটিছিল।

এম শ্ৰেণীৰ সৌৰজ্বলনক মধ্যমীয়া শক্তিশালী বিস্ফোৰণ বুলি গণ্য কৰা হয়। এনে বিস্ফোৰণে ৰেডিঅ’ যোগাযোগৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰিও মহাকাশৰ বতৰৰ ওপৰত অন্যান্য প্ৰভাৱো বৃদ্ধি পাব পাৰে।

এই বিস্ফোৰণৰ ফলত এক বিশাল সৌৰ ছুনামী সমগ্ৰ সূৰ্য্যৰ বায়ুমণ্ডলত বিয়পি পৰে। বৈজ্ঞানিকভাৱে ইয়াক মৰ্টন তৰংগ বোলা হয়। শক্তিশালী সৌৰ বিস্ফোৰণৰ পিছত সূৰ্যৰ বায়ুমণ্ডলত গৰম প্লাজমা আৰু চুম্বকীয় শক্তিৰ এক বিশাল ঢৌ দ্ৰুতগতিত বিয়পি পৰে।

জানি আচৰিত হ’ব যে এই ঢৌৰ আঘাতৰ সন্মুখৰ অংশৰ বিস্তাৰ পৃথিৱীৰ আকাৰতকৈ বহু বেছি হ’ব পাৰে। ইয়াৰ গতিবেগ প্ৰতি ঘণ্টাত ১০ লাখ মাইলতকৈও অধিক হ’ব পাৰে।

আচলতে ঢৌ বিয়পি পৰাৰ সময়ত সূৰ্য্যৰ পৰা ক’ৰ’নেল মাছ ইজেকচন বা চিএমইও নিৰ্গত হয়। পূৰ্বাভাস অনুসৰি এই চিএমই ১১ অক্টোবৰত পৃথিৱীৰ অতি ওচৰেৰে পাৰ হ’ব পাৰে।

সৌৰ বিস্ফোৰণৰ ফলত নিৰ্গত হোৱা চিএমই পৃথিৱীত উপনীত হ’বলৈ কেইঘণ্টামানৰ পৰা কেইদিনমান সময় লাগিব পাৰে। ১১ অক্টোবৰত পৃথিৱীৰ অতি ওচৰেৰে পাৰ হ’ব পাৰে বুলি আশা কৰা হৈছে।

এই সৌৰ বস্তুটো পৃথিৱীৰ কাষ চাপিলে ইয়াৰ চুম্বকীয় ক্ষেত্ৰখনে পৃথিৱীৰ চুম্বকমণ্ডলত বিঘিনি ঘটাব পাৰে। ইয়াৰ ফলত ভূ-চুম্বকীয় ধুমুহা সৃষ্টি হ’ব পাৰে।

এই ধুমুহাৰ সময়ত সূৰ্য্যৰ পৰা অহা আধানযুক্ত কণাবোৰে পৃথিৱীৰ ওপৰৰ বায়ুমণ্ডলত থকা গেছবোৰৰ লগত ক্ৰিয়া কৰে। ফলত আকাশত অৰোৰা বা অপূৰ্ব মেৰুজ্যোতি গঠন হ’ব পাৰে। ধুমুহা যিমানেই প্ৰবল হ’ব সিমানেই দূৰলৈ অৰোৰাবোৰ দেখা যায়। অৱশ্যে এই দৃশ্য যে দেখা যাবই তাৰ কোনো নিশ্চয়তা নাই।

ভূ-চুম্বকীয় ধুমুহাৰ প্ৰভাৱ কেৱল আকাশত পোহৰৰ খেলাতেই সীমাবদ্ধ নহয়। ফলত উপগ্ৰহ, নেভিগেচন ব্যৱস্থা, উচ্চ কম্পাঙ্ক ৰেডিঅ’ যোগাযোগ আৰু অতি প্ৰবল ধুমুহাৰ ক্ষেত্ৰত শক্তি যোগান ব্যৱস্থাও প্ৰভাৱিত হ’ব পাৰে।

এই সময়ছোৱাত মেৰু অঞ্চলৰ পৰা আকাশত অৰোৰা দেখা যায়। কাৰণ অমাৱস্যাৰ ওচৰাওচৰি সময়ত চন্দ্ৰৰ পোহৰ কমি যাব। নিশাৰ আকাশ তুলনামূলকভাৱে ক’লা হ’ব। ফলত অৰোৰাৰ ফটো তোলাৰ বাবে পৰিস্থিতি অনুকূল হ’ব পাৰে।

কিন্তু সৌৰ ধুমুহাটো শেষত কিমান শক্তিশালী হ’ব সেয়া নিৰ্ভৰ কৰিব পৃথিৱীৰ ফালে অহা চিএমইবোৰৰ চুম্বকীয় ক্ষেত্ৰৰ গতি, ঘনত্ব আৰু দিশৰ ওপৰত।

পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰখন কিমান প্ৰভাৱিত হ’ব পাৰে সেই কথা বুজিবলৈ বিজ্ঞানীসকলে সূৰ্য্যৰ কাৰ্যকলাপ আৰু পৃথিৱীৰ ফালে অহা সৌৰ পদাৰ্থৰ গতিবিধি নিৰীক্ষণ কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

October 9, 2026 3:34 pm
মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

October 9, 2026 3:09 pm
দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

October 9, 2026 1:50 pm
চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

October 9, 2026 1:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

October 9, 2026 3:34 pm
মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

October 9, 2026 3:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd