শুকুৰবাৰে দিল্লীৰ কন’ট প্লেচত ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচীৰ আহ্বান জনাইছে ককৰোচ জনতা পাৰ্টিয়ে। সেই কাৰ্যসূচীক কেন্দ্ৰ কৰি নতুন উত্তেজনা যাতে বিয়পিব নোৱাৰে তাৰ বাবে আগতীয়াকৈ সষ্টম হৈ আছে দিল্লী আৰক্ষী।
বৃহস্পতিবাৰে আৰক্ষীয়ে সাধাৰণ ৰাইজক আহ্বান জনাইছিল যে শুকুৰবাৰে কন’ট প্লেচত যাতে বৃহৎ সংখ্যক লোকৰ সমাগম নহয়। অৱশ্যে একে সময়তে আৰক্ষীয়েও এটা প্ৰস্তাৱ আগবঢ়াইছে।
জানিব পৰা মতে, কন’ট প্লেচৰ চেণ্ট্ৰেল পাৰ্কত উপযুক্ত স্থানত ১১ জনীয়া এটা দলক ৰাষ্ট্ৰীয় পতাকা কঢ়িয়াই জাতীয় সংগীত গোৱাৰ অনুমতি দিয়া হ’ব পাৰে। চিজেপিৰ কাৰ্যসূচীৰ পূৰ্বে আৰক্ষীৰ এই প্ৰস্তাৱক কেন্দ্ৰ কৰি এক নতুন বিতৰ্ক আৰম্ভ হৈছে।
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদী কাৰ্যসূচীৰ বাবে দিল্লীৰ স্বাভাৱিক জনজীৱন ব্যাহত হ’ব পাৰে বুলি আশংকা কৰা হৈছিল। অনিল কুমাৰ গুপ্তা নামৰ এজন ব্যক্তিয়ে এই সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। তেওঁ দাবী কৰে যে চিজেপিৰ এই কাৰ্যসূচীয়ে পুনৰ দিল্লীৰ যাতায়ত আৰু ব্যৱসায়ত প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ উৎসৱৰ বতৰত পথৰ কাষৰ দোকানীসকলৰ ব্যৱসায়ত বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। সেয়ে প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰিবলৈ অনুৰোধ জনাইছিল।
অৱশ্যে সেই আৱেদন নাকচ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। আদালতে কয় যে প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে। গতিকে কাৰ্যসূচী বাতিল কৰা নহ’ব। অৱশ্যে এই সমাৱেশ নিয়ন্ত্ৰণ আৰু আইন-শৃংখলা বজাই ৰখাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিল্লী আৰক্ষীক নিৰ্দেশ দিয়া হৈছে। আৰক্ষীৰ এই নতুন প্ৰস্তাৱ তাৰ কেইঘণ্টামানৰ ভিতৰতে চৰ্চালৈ আহিল।
বৃহস্পতিবাৰে আৰক্ষীয়ে লগতে কয় যে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নং ধাৰাত কন’ট প্লেচ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সেই আদেশ উলংঘা হ’লে সংশ্লিষ্টসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। সেয়েহে শুকুৰবাৰৰ কাৰ্যসূচীত অংশগ্ৰহণ নকৰিবলৈ সাধাৰণ ৰাইজক আহ্বান জনাইছে আৰক্ষীয়ে।
মন কৰিবলগীয়া যে মঙলবাৰে চিজেপিৰ দুই শীৰ্ষ নেতা আশুতোষ ৰাংকা আৰু সৌৰভ দাসে আৰক্ষীৰ নিষেধাজ্ঞা অমান্য কৰি বেৰিকেডত উঠি যন্তৰ মন্তৰত প্ৰৱেশ কৰে। এই ঘটনাত তেওঁলোকক পাঁচ দিনৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছে আদালতে। সম্প্ৰতি তেওঁলোক তিহাৰ কাৰাগাৰত ভৰ্তি হৈ আছে।
চিজেপি নেতা অভিজিত দীপকে এই পদক্ষেপক তীব্ৰ সমালোচনা কৰিছে। তেওঁ দাবী কৰে যে দলৰ নেতাসকলে কোনো ভুল কৰা নাছিল। কেৱল জাতীয় পতাকা উত্তোলন কৰিছিল।
তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘একমাত্ৰ দোষটো হ’ল তেওঁলোকে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে। যদি সাহস আছে মোডীজী, জৰুৰীকালীন অৱস্থা ঘোষণা কৰক।’ ইয়াৰ সমান্তৰালকৈ দীপকেই সকলোকে হাতত জাতীয় পতাকা লৈ শুকুৰবাৰে দিল্লীৰ ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনায়। সেয়েহে আজি এই কাৰ্যসূচীক কেন্দ্ৰ কৰি দিল্লী আৰক্ষীৰ সজাগতা আৰু চিজেপিৰ স্থিতিৰলৈ সকলোৱে দৃষ্টি ৰাখিছে।





