ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ক ‘পুৰুষ-প্ৰধান আৰু সংবিধানবিৰোধী’ সংগঠন বুলি অভিহিত কৰি তীব্ৰ সমালোচনা কৰিছে লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। তেওঁৰ এই মন্তব্যৰ পিছতে বিজেপিৰ নেতাসকলেও প্ৰত্যুত্তৰ দি কংগ্ৰেছৰ ভিতৰত মহিলাৰ প্ৰতিনিধিত্ব, মহিলা সংৰক্ষণ আৰু ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
মঙলবাৰে (২০ অক্টোবৰ) সামাজিক মাধ্যমৰ মঞ্চ এক্সত কৰা এটা পোষ্টত ৰাহুল গান্ধীয়ে আৰ এছ এছক ‘পুৰুষ-প্ৰধান আৰু সংবিধানবিৰোধী গোট’ বুলি অভিহিত কৰে। তেওঁৰ অভিযোগ, সংগঠনটোৱে মহিলাক পুৰুষৰ সম্পত্তি হিচাপে গণ্য কৰে।
পোষ্টটোত ৰাহুল গান্ধীয়ে লিখিছিল যে তেওঁ শিৱ-শক্তিত বিশ্বাস কৰে আৰু সেইবাবেই আৰ এছ এছৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁ আনন্দ অনুভৱ কৰে। লগতে, সংগঠনটোৰ সৈতে জড়িত বহু মহিলাইও তেওঁৰ এই যুঁজত সমৰ্থন আগবঢ়োৱা বুলি দাবী কৰে।
ৰাহুল গান্ধীৰ মন্তব্যৰ পিছতে বিজেপিৰ নেতাসকলে তেওঁৰ সমালোচনাত সৰৱ হৈ পৰে। মহাৰাষ্ট্ৰৰ বিজেপি বিধায়ক ৰাম কদমে কংগ্ৰেছ নেতাগৰাকীৰ বক্তব্যক অপৰিপক্ব আখ্যা দি আৰ এছ এছৰ বিষয়ে ভালদৰে অধ্যয়ন কৰি মন্তব্য কৰিবলৈ পৰামৰ্শ দিয়ে।
কদমৰ দাবী, আৰ এছ এছৰ মহিলাসকলৰ বাবেও পৃথক শাখা আছে আৰু দেশৰ বিভিন্ন প্ৰান্তত এই শাখাৰ সদস্যসকলে কাম কৰি আহিছে। সেয়ে সংগঠনটোৰ বিষয়ে সম্পূৰ্ণ তথ্য নজনাকৈ এনে মন্তব্য কৰাটো লোকসভাৰ বিৰোধী দলপতিৰ পদমৰ্যাদাৰ সৈতে খাপ নাখায় বুলিও তেওঁ মন্তব্য কৰে।
আনহাতে, তেলেংগানা বিজেপিৰ সভাপতি এন ৰামচন্দৰ ৰাৱে ৰাহুল গান্ধীৰ বক্তব্যৰ প্ৰত্যুত্তৰ দি কংগ্ৰেছৰ ভিতৰত মহিলাৰ প্ৰতিনিধিত্বক লৈ প্ৰশ্ন তোলে। কংগ্ৰেছে শাসন কৰা ৰাজ্যসমূহত কিমানগৰাকী মহিলা মুখ্যমন্ত্ৰী আছে, সেই প্ৰশ্নৰ উত্তৰ ৰাহুল গান্ধীয়ে দিয়া উচিত বুলি তেওঁ মন্তব্য কৰে।
ইয়াৰ উপৰি, লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ বিষয়টো উত্থাপন কৰি ৰাৱে কংগ্ৰেছৰ স্থিতিক লৈ প্ৰশ্ন কৰে। তেওঁৰ অভিযোগ, মহিলা সবলীকৰণৰ কথা কোৱা কংগ্ৰেছে মহিলা সংৰক্ষণৰ বিষয়ত নিজৰ স্থিতি স্পষ্ট কৰা উচিত।
ইফালে, বিজেপি সাংসদ প্ৰবীণ খণ্ডেলৱালেও ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ ৰাহুল গান্ধীৰ ভিয়েটনাম ভ্ৰমণৰ প্ৰসংগ টানি বিগত দুই-তিনি বছৰত কৰা বিদেশ ভ্ৰমণৰ উদ্দেশ্য, সেই সময়ছোৱাত কাক কাক সাক্ষাৎ কৰিছিল আৰু ভ্ৰমণৰ ব্যয় কোনে বহন কৰিছিল, সেই সন্দৰ্ভত সবিশেষ ৰাজহুৱা কৰিবলৈ দাবী জনায়। খণ্ডেলৱালে অভিযোগ কৰে যে এই ভ্ৰমণসমূহৰ উদ্দেশ্য আৰু তাত হোৱা সাক্ষাৎকাৰসমূহৰ বিষয়ে জনসাধাৰণৰ ওচৰত পৰ্যাপ্ত তথ্য নাই।
উল্লেখ্য যে, আৰ এছ এছৰ আদৰ্শ, মহিলা অধিকাৰ আৰু লিংগ সমতাৰ প্ৰশ্নত ৰাহুল গান্ধীয়ে পূৰ্বেও বিজেপি আৰু সংঘক সমালোচনা কৰি আহিছে। শেহতীয়া মন্তব্যক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু বিজেপিৰ মাজত পুনৰ ৰাজনৈতিক বাকযুদ্ধ আৰম্ভ হৈছে। মহিলাৰ ৰাজনৈতিক প্ৰতিনিধিত্ব, সংৰক্ষণ আৰু অধিকাৰক লৈ দুয়োটা পক্ষৰ মাজত চলা এই মতবিৰোধে ৰাষ্ট্ৰীয় ৰাজনীতিত নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।





