যন্তৰ মন্তৰ প্ৰতিবাদ কাণ্ডৰ তদন্তই এক নতুন মোৰ লৈছে। পুনৰ বিপদত পৰিছে চিজেপিৰ দুই নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা। এইবাৰ তেওঁলোকক তলব কৰিছে দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে। প্ৰতিবাদক কেন্দ্ৰ কৰি দাখিল কৰা গোচৰত তেওঁলোকৰ বক্তব্য লিপিবদ্ধ কৰা হ’ব।
জানিব পৰা মতে, এই ঘটনাত অজিংক্য শিণ্ডেকো তলব কৰা হৈছে। সৌৰভ আৰু আশুতোষক বৃহস্পতিবাৰে দুপৰীয়া ১২ বজাত ৰাজৌৰী গাৰ্ডেনৰ ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছে।
উল্লেখ্য যে ৭ দিন ন্যায়িক জিম্মাত থকা চিজেপি নেতা দুগৰাকীক কালি তিহাৰ জেলৰ পৰা মুকলি কৰি দিয়া হয়। বিশেষ কাৰ্যবাহী দণ্ডাধীশে দিল্লী আৰক্ষীৰ জিম্মা আৰু তিনিদিনৰ বাবে বৃদ্ধিৰ বাবে কৰা আবেদন নাকচ কৰে। ব্যক্তিগত বণ্ড আৰু ৫০ হাজাৰ টকাৰ জামিন জমা দিয়াৰ লগতে তেওঁলোকে শান্তি বজাই ৰখাৰ লিখিত প্ৰতিশ্ৰুতি দিছে।
১৩ অক্টোবৰৰ কাণ্ডত পঞ্জীয়ন হোৱা দুটা গোচৰৰ তদন্ত ক্ৰাইম ব্ৰাঞ্চক অৰ্পণ কৰিছে দিল্লী আৰক্ষীয়ে। এটা গোচৰ কন’ট প্লেচ থানাত, আনটো পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট থানাত ৰুজু হৈছিল।
আৰক্ষীয়ে অভিযোগ কৰে যে যন্তৰ মন্তৰক নিৰ্দিষ্ট প্ৰতিবাদস্থলীৰ তালিকাৰ পৰা বাদ দিয়া হৈছিল যদিও চিজেপিৰ সদস্যসকলে তাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকৰ বিৰুদ্ধে বেৰিকেড পাৰ হৈ ব্যক্তিগত প্ৰতিষ্ঠান এটাৰ ভিতৰেৰে প্ৰৱেশ কৰাৰ অভিযোগো উত্থাপন হৈছে।
প্ৰথমটো গোচৰত কোৱা হৈছে যে চৰকাৰী কৰ্মচাৰীৰ নিৰ্দেশ অমান্য কৰা, অতিক্ৰম কৰা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছে। দ্বিতীয়টো গোচৰত চৰকাৰী কৰ্মচাৰীৰ কামত বাধা, তেওঁলোকৰ ওপৰত আক্ৰমণ আৰু আৰক্ষী জোৱানক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
চিজেপি নেতাসকলে এছ আই আৰত অনিয়ম আৰু ভোটাৰৰ নাম বাদ দিয়াৰ অভিযোগ উত্থাপন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত আন্দোলন আৰম্ভ কৰিছিল। ১০ অক্টোবৰত বিমানবন্দৰত বন্দী হৈ থকাৰ পিছত শান্তি বজাই ৰখাৰ বণ্ডত মুকলি কৰি দিয়া হয়।
যোৱা ১৪ অক্টোবৰত তেওঁলোকক পুনৰ আটক কৰা হয়। কালি মুক্তি পোৱাৰ পিছত এইবাৰ চিজেপিৰ নেতাসকলে ক্ৰাইম ব্ৰাঞ্চৰ সন্মুখীন হ’বলগীয়া হ’ল। অপৰাধ শাখাৰ পৰা অহা এই চমনক কেন্দ্ৰ কৰি তদন্ত কোন দিশে আগবাঢ়িব সেই পিনেই এতিয়া দৃষ্টি ৰখা হৈছে।





