• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

নিৰুদ্দেশ হোৱাৰ ২৪ ঘণ্টাৰো অধিক সময়ৰ পাছত ২৮ অক্টোবৰত উদ্ধাৰ হোৱা তেওঁৰ অস্বাভাৱিক মৃত্যুৰ ৰহস্য ক্ৰমান্বয়ে ঘণীভূত হৈ পৰিছে। পৰিয়ালে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2026 11:22 am
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৪ চনৰ ৫ আগষ্টত ছাত্ৰ বিদ্ৰোহৰ সন্মুখীন হৈ পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰাৰ সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই হেলিকপ্টাৰত উঠাৰ বহু চৰ্চিত ভিডিঅ’ ৰেকৰ্ডিং কৰা অন্যতম ব্যক্তি হিচাপে পৰিচিত আছিল বাংলাদেশৰ প্ৰাক্তন বায়ুসেনাৰ বিষয়া কে এম তাহছিফ ছাওৰী। ঢাকাৰ তুৰাগ নদীৰ পৰা উদ্ধাৰ হৈছে ২৮ বছৰীয়া প্ৰাক্তন ফ্লাইট লেফটেনেন্টগৰাকীৰ মৃতদেহ।

নিৰুদ্দেশ হোৱাৰ ২৪ ঘণ্টাৰো অধিক সময়ৰ পাছত ২৮ অক্টোবৰত উদ্ধাৰ হোৱা তেওঁৰ অস্বাভাৱিক মৃত্যুৰ ৰহস্য ক্ৰমান্বয়ে ঘণীভূত হৈ পৰিছে। পৰিয়ালে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে।

উত্তৰাত পৰিয়ালৰ সৈতে থকা তাহছিফে ২৭ অক্টোবৰৰ সন্ধিয়া বন্ধুৰ সৈতে মটৰবাইক মেৰামতি কৰিবলৈ ঘৰৰ পৰা ওলাই যায়। পুৱা প্ৰায় ১:৩০ বজাত তেওঁ ঘৰলৈ উভতি অহাৰ কথা মেছেজ যোগে মাকক জনাইছিল যদিও তাৰ পিছৰ পৰা তেওঁৰ কোনো সন্ধান পোৱা নাছিল।

Apply Now

অৱশেষত পিছদিনা দুপৰীয়া স্থানীয় ৰাইজে তেওঁৰ মৃতদেহ উত্তৰখানৰ ৰজাবাৰী ঘাটৰ সমীপৰ তুৰাগ নদীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে আৰু খবৰ পোৱাৰ পিছত নৌসেনা আৰক্ষীয়ে উদ্ধাৰ কৰে। পকেটত থকা আইফোন আৰু হাতঘড়ীটো চাই তেওঁৰ পৰিচয় নিশ্চিত কৰা হয়। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্বহীদ সুহৰাৱাৰ্ডি মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

আৰক্ষীয়ে জনোৱা মতে, মৃতদেহত কোনো ধৰণৰ আঘাতৰ লক্ষণ দেখা পোৱা হোৱা নাই আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ নিশ্চিত কৰিব পৰা যাব। তাহছিফৰ মৃত্যুৰ পিছত তেওঁৰ খুড়াকৰ জীয়েক ভগ্নী মুছফিকা জাহানে ছ’চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰি অভিযোগ কৰে যে এয়া স্বাভাৱিক মৃত্যু বা দুৰ্ঘটনা নহয়, পৰিকল্পিত হত্যাহে। তেওঁ নাগৰিক দায়বদ্ধতাৰ বাবে শ্বেখ হাছিনাৰ দেশ এৰি যোৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পিছৰে পৰা তাহছিফক অহৰহ মানসিক নিৰ্যাতন আৰু হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি দাবী কৰে।

আনহাতে, তাহছিফৰ পিতৃ কে এম এনায়েতুল কৰিম হেলালে কয় যে তেওঁৰ পুত্ৰই কেইবামাহো ধৰি তেওঁৰ সুৰক্ষাৰ বাবে অত্যন্ত চিন্তিত হৈ আছিল আৰু প্ৰায়ে তেওঁৰ আশংকাৰ কথা কয় যদিও তেওঁ কিয় ভয়ত আছিল সেই বিষয়ে পৰিয়ালক সঠিকভাৱে কোৱা নাছিল।

হাছিনাৰ দেশ এৰি যোৱাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত অনুশাসন ভংগৰ অভিযোগত তাহছিফক বায়ুসেনাৰ পৰা বৰ্খাস্ত কৰা হৈছিল। যদিও সৰুৰে পৰা পাইলট হোৱাৰ সপোন দেখা আৰু প্ৰায় ২০০ ঘণ্টাৰ সফল বিমান চালনাৰ অভিলেখ থকা তাহছিফৰ পৰিয়ালে এই কাৰণ সম্পূৰ্ণৰূপে মানি ল’ব পৰা নাছিল।

চাকৰি হেৰুৱাৰ পিছত তেওঁ বিচিবি, নেট্ৰ নিউজ আৰু নিজাকৈ নিৰাপত্তা সেৱাৰ ব্যৱসায় কৰি জীৱন-যাপনৰ চেষ্টা কৰিছিল। কিন্তু তেওঁৰ জীৱনত এক নতুন ধুমুহাৰ সৃষ্টি হ’ল যেতিয়া বাংলাদেশৰ এখন বাতৰি কাকতে হাছিনাৰ প্ৰচাৰ কৰা ভিডিঅ’টোৰ আঁৰৰ লোকসকলৰ তদন্তৰ সময়ত ভাৰতীয় চোৰাংচোৱা সংস্থা ‘ৰ’ৰ সৈতে সম্পৰ্ক থকা বুলি দাবী কৰিলে, আৰু তাত তাহছিফৰ নামো সংযোজন কৰা হ’ল। কিন্তু আই এছ পি আৰয়ে এই অভিযোগ শীঘ্ৰে অস্বীকাৰ কৰি কৈছিল যে কোনো বিদেশী সংগঠনৰ সৈতে তেওঁৰ ঘনিষ্ঠতাৰ বাবে তেওঁক আঁতৰাই দিয়া হোৱা নাই।

মৃত্যুৰ কেইমাহমান আগতে জুলাই মাহত এটা জনপ্ৰিয় প’ডকাষ্টত অংশগ্ৰহণ কৰিছিল তাহছিফে। তাত তেওঁ স্পষ্টকৈ উল্লেখ কৰিছিল যে ভাৰতীয় চোৰাংচোৱা এজেণ্ট হিচাপে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু উদ্দেশ্যপ্ৰণোদিত অপপ্ৰচাৰ। অৱশ্যে হাছিনাৰ ভিডিঅ’টোৱে তেওঁৰ চাকৰি কাঢ়ি নিছে নেকি বুলি সোধাত তেওঁ কয় যে, “হ’ব পাৰে”।

একে সময়তে ২০২৫ চনত উত্তৰাৰ মাইলষ্টোন স্কুলত ট্ৰেইনিং যুঁজাৰু বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ তদন্তৰ সন্দৰ্ভতো তেওঁ কিছু অস্বস্তিকৰ প্ৰশ্ন উত্থাপন কৰে, য’ত বহু ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছিল। ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱাৰ লগতে নদীত নিথৰ দেহ উদ্ধাৰ হোৱাৰ ফলত তাহছিফৰ পৰিয়াল আৰু সহকৰ্মীসকলে গভীৰ শোক আৰু বহু উত্তৰবিহীন প্ৰশ্নৰ সন্মুখীন হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিয়াং নদীবান্ধ বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ, আটকাধীন ৬০ৰো অধিক লোকৰ মুক্তিৰ আহ্বান

চিয়াং নদীবান্ধ বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ, আটকাধীন ৬০ৰো অধিক লোকৰ মুক্তিৰ আহ্বান

October 31, 2026 11:45 am
নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

October 31, 2026 11:22 am
ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

October 31, 2026 11:15 am
এইবাৰ নতুন বিপদ লিম্পেট মাইন! হৰমুজত টেংকাৰত বৃহৎ আক্ৰমণ, ভিতৰত ২৭ জন ভাৰতীয় নাৱিক

এইবাৰ নতুন বিপদ লিম্পেট মাইন! হৰমুজত টেংকাৰত বৃহৎ আক্ৰমণ, ভিতৰত ২৭ জন ভাৰতীয় নাৱিক

October 31, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিয়াং নদীবান্ধ বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ, আটকাধীন ৬০ৰো অধিক লোকৰ মুক্তিৰ আহ্বান

চিয়াং নদীবান্ধ বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ, আটকাধীন ৬০ৰো অধিক লোকৰ মুক্তিৰ আহ্বান

October 31, 2026 11:45 am
নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

October 31, 2026 11:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd