দেশজুৰি প্ৰায় ৩ কোটি ৫০ লাখ নকল ২০ টকীয়া মুদ্ৰা প্ৰস্তুত কৰি বজাৰত মেলি দিয়া এটা আন্তঃৰাজ্যিক জালিয়াতি চক্ৰক আৰক্ষীয়ে উৎখাত কৰিছে। হাৰিয়ানা, দিল্লী, পঞ্জাব, উত্তৰ প্ৰদেশ, বিহাৰ আৰু ঝাড়খণ্ডকে ধৰি মুঠ ছখন ৰাজ্যৰ পৰা এই চক্ৰটোৱে সমগ্ৰ দেশত ৭০ কোটি টকাৰো অধিক মূল্যৰ নকল মুদ্ৰা বিয়পাই দিছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ছজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে মুদ্ৰা তৈয়াৰ কৰা ছটা বিশাল যন্ত্ৰ জব্দ কৰিছে।
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, হাৰিয়ানাৰ ছোনিপত জিলাত বিগত ১০ মাহ ধৰি ন’ট-বল্টু নিৰ্মাণৰ আঁৰত এই চক্ৰটোৱে নকল মুদ্ৰা প্ৰস্তুত কৰি আছিল। দিল্লী আৰক্ষীয়ে চক্ৰটোৰ এজন সদস্যক পূৰ্বে গ্ৰেপ্তাৰ কৰাৰ পাছত ছোনিপতত অভিযান চলাৰ আশংকাত দলটোৱে যন্ত্ৰপাতিসমূহ লৈ উত্তৰ প্ৰদেশলৈ পলায়নৰ চেষ্টা কৰিছিল। গোপন সূত্ৰৰ পম খেদি যোৱা ১৩ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰ থানাৰ আৰক্ষীয়ে ৫০০ বৰ্গফুটৰ স্থান বিচাৰি থকা অৱস্থাত উপকাৰ লুথৰা ওৰফে অভয়প্ৰতাপ সিং, হিমাংশু ওৰফে গুল্লু আৰু কুলদীপক আটক কৰে। তেওঁলোকক জেৰা চলাই লাভ কৰা তথ্যৰ ভিত্তিত সমীপৰে এটা স্থানত বাহন লৈ অপেক্ষা কৰি থকা আন দুজন সহযোগী ক্ৰমে সন্তোষ চৌৰাছিয়া ওৰফে জনাৰ্দন আৰু অনুৰাগ পাল ওৰফে লংকেশক গ্ৰেপ্তাৰ কৰা হয়। বাহনখনৰ পৰা গধুৰ যন্ত্ৰপাতি আৰু ১ লাখ ২৮ হাজাৰ টকা মূল্যৰ ৬,৪০০টা নকল ২০ টকীয়া মুদ্ৰাসহ মুঠ ৫ লাখ টকাৰ অসম্পূৰ্ণ মুদ্ৰা জব্দ কৰা হয়। পৰৱৰ্তী সময়ত বিহাৰ আৰক্ষীৰ সৈতে চলোৱা এক যুটীয়া অভিযানত মধুবনীৰ পৰা সন্তোষৰ ভ্ৰাতৃ তথা চক্ৰটোক কেঁচামাল যোগান ধৰা মিথিলেশ চৌৰাছিয়াকো গ্ৰেপ্তাৰ কৰা হয়।
তদন্তকাৰী আৰক্ষী বিষয়া ৰাজীৱ কুমাৰ কৌশিকে জানিবলৈ দিয়া মতে, এই চক্ৰটোৰ মূল অভিযুক্ত উপকাৰ লুথৰা পূৰ্বে এজন স্বৰ্ণকাৰ আছিল আৰু ইয়াৰ আগতেও নকল মুদ্ৰা প্ৰস্তুত কৰা অপৰাধত শাস্তি ভুগিছিল। তিহাৰ কাৰাগাৰত থকা অৱস্থাতে উপকাৰে হিমাংশুৰ সৈতে মিলি এই জালিয়াতিৰ পৰিকল্পনা কৰিছিল আৰু অন্যান্য কাৰাগাৰৰ পৰা বাকী সদস্যসকল এই চক্ৰত চামিল হৈছিল। জেৰাত প্ৰকাশ পোৱা তথ্য অনুসৰি, প্ৰথমে দিল্লীৰ এটা কাৰখানাত এলুমিনিয়াম, তাম আৰু নিকেলৰ সংমিশ্ৰণেৰে মুদ্ৰাৰ আকাৰৰ ধাতুৰ পাত তৈয়াৰ কৰা হৈছিল। আন এটা কাৰখানাত আচল ২০ টকীয়া মুদ্ৰাৰ নক্সা নকল কৰি বিশেষ ছাঁচ বনাই শক্তিশালী যন্ত্ৰৰ সহায়ত ধাতুৰ পাতসমূহত চাপ দি মুদ্ৰাৰ আকৃতি দিয়া হৈছিল। ইয়াৰ পাছত কইন-পলিছিং মেচিন, গ্ৰাইণ্ডিং ষ্ট’ন আৰু ডাই আদি যন্ত্ৰপাতিৰে মুদ্ৰাসমূহ নিখুঁত আৰু চকচকীয়া কৰি তোলা হৈছিল। প্ৰতিটো নকল ২০ টকীয়া মুদ্ৰা তৈয়াৰ কৰোঁতে চক্ৰটোৰ ৫ৰ পৰা ৬ টকা খৰচ হৈছিল আৰু দৈনিক প্ৰায় ১০ৰ পৰা ১২ হাজাৰ নকল মুদ্ৰা প্ৰস্তুত কৰা হৈছিল।
ছাহাৰানপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিনন্দনে জনোৱা মতে, চক্ৰটোৱে ১০০টা নকল মুদ্ৰাৰ একোটা পেকেট যাৰ মূল মূল্য ২,০০০ টকা, দালালসকলক ১,৬০০ টকাত বিক্ৰী কৰিছিল। মূলতঃ নিবনুৱা যুৱকসকলক দালাল হিচাপে ব্যৱহাৰ কৰি সৰু চহৰ, সুৰাৰ বিপণী আৰু গ্ৰামাঞ্চলৰ দোকানসমূহত এই মুদ্ৰাবোৰ বিয়পাই দিয়া হৈছিল যদিও মুদ্ৰাসমূহ নকল বুলি দালালসকল অৱগত নাছিল। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১৬ চনৰ অক্টোবৰ মাহত দিল্লী আৰু হাৰিয়ানাৰ তিনিটা কাৰখানাত অভিযান চলাই আৰক্ষীয়ে ১২ লাখ ২৪ হাজাৰ টকাৰ নকল মুদ্ৰা জব্দ কৰাৰ লগতে মূল অভিযুক্ত উপকাৰ আৰু তেওঁৰ ভ্ৰাতৃ স্বীকাৰ লুথৰাক গ্ৰেপ্তাৰ কৰিছিল। আনহাতে, ২০১৯ চনৰ মে’ মাহতো ফৰিদাবাদ আৰক্ষীয়ে আন এটা চক্ৰৰ পৰা ৫০ হাজাৰটা নকল পাঁচ টকীয়া মুদ্ৰা উদ্ধাৰ কৰিছিল।





