ভাৰতীয় ৰে’লৱে ট্ৰেফিক ছাৰ্ভিচৰ জ্যেষ্ঠ বিষয়া তথা অসম সন্তান লক্ষেশ্বৰ শইকীয়াই উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰধান মুখ্য পৰিচালন প্ৰবন্ধক হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। এই গুৰুত্বপূৰ্ণ পদত এগৰাকী অসমীয়া বিষয়া অধিষ্ঠিত হোৱাত অসম ৰে’লযাত্ৰী সংস্থাই গভীৰ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে তেওঁলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।
উল্লেখ্য যে, কৃষি বিজ্ঞানত স্নাতক ডিগ্ৰীধাৰী লক্ষেশ্বৰ শইকীয়াই প্ৰথম অৱস্থাত অসম অসামৰিক সেৱাত কিছুদিন কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ত ১৯৯৩ চনৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ জৰিয়তে তেওঁ ভাৰতীয় ৰে’লৱে সেৱাত যোগদান কৰে। প্ৰকল্প আৰু নেতৃত্ব ব্যৱস্থাপনা বিষয়ত এম বি এ ডিগ্ৰী লাভ কৰা শইকীয়াই দেশ-বিদেশৰ কেইবাখনো আগশাৰীৰ প্ৰতিষ্ঠানত প্ৰশিক্ষণ গ্ৰহণ কৰিছে। এগৰাকী উচ্চ প্ৰশাসনিক গ্ৰেডৰ বিষয়া হিচাপে তেওঁ ৰে’লৱেৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰাৰ অভিজ্ঞতা আছে।
বৰ্তমানৰ দায়িত্ব গ্ৰহণৰ পূৰ্বে তেওঁ কলকাতা মেট্ৰ’ ৰে’লৱেৰ প্ৰধান মুখ্য পৰিচালন প্ৰবন্ধক হিচাপে দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰি সুনাম অৰ্জন কৰিছিল। তদুপৰি, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ পৰিচালন আৰু বাণিজ্যিক বিভাগৰ কেইবাটাও উচ্চপদস্থ পদত তেওঁ সেৱা আগবঢ়াইছে। প্ৰায় সাত বছৰীয়া প্ৰতিনিযুক্তিৰ (Deputation) কাৰ্যকালত তেওঁ কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ সঞ্চালক, ভাৰতীয় খাদ্য নিগমৰ অসম অঞ্চলৰ মহাপ্ৰবন্ধক আৰু আই আৰ চি টি চিৰ (IRCTC) মুখ্য আঞ্চলিক প্ৰবন্ধক হিচাপেও সফলতাৰে দায়িত্ব পালন কৰিছিল।
অসম ৰে’লযাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই এক অভিনন্দন বাৰ্তাত কয় যে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এই গুৰুত্বপূৰ্ণ পদত এগৰাকী অসমীয়া অধিষ্ঠিত হোৱাটো ৰাজ্যবাসীৰ বাবে অত্যন্ত আনন্দ আৰু গৌৰৱৰ বিষয়। অসমৰ ভৌগোলিক অৱস্থা আৰু ৰে’লযাত্ৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সৈতে পৰিচিত এগৰাকী বিষয়াই এই দায়িত্ব লাভ কৰাত ৰাজ্যখনৰ ৰে’ল সেৱাৰ বহু অমীমাংসিত সমস্যা সমাধানৰ ক্ষেত্ৰত নতুন আশাৰ সঞ্চাৰ হৈছে বুলি তেওঁ মন্তব্য কৰে।
সংস্থাটোৱে লগতে উল্লেখ কৰে যে বহু আগতেই এই শীৰ্ষ পদৰ বাবে যোগ্যতা অৰ্জন কৰা সত্ত্বেও লক্ষেশ্বৰ শইকীয়াক কলকাতা মেট্ৰ’ ৰে’লৱেৰ দায়িত্বহে অৰ্পণ কৰা হৈছিল। অৱশ্যে প্ৰায় এবছৰ পূৰ্বে তেওঁ পুনৰ মালিগাঁৱলৈ বদলি হৈ আহে আৰু অৱশেষত অসমৰ ৰে’ল পৰিচালন ব্যৱস্থাক প্ৰত্যক্ষ নেতৃত্ব প্ৰদান কৰিব পৰা এই গুৰুত্বপূৰ্ণ পদটো লাভ কৰিবলৈ সক্ষম হয়। এতিয়া ৰাজ্যবাসীয়ে আশা কৰিছে যে তেওঁৰ বলিষ্ঠ নেতৃত্ব আৰু সুদীৰ্ঘ অভিজ্ঞতাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল যোগাযোগ ব্যৱস্থাই এক নতুন গতি লাভ কৰিব।





