অন্ধ্ৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী তথা অভিনেতা পৱন কল্যাণ আৰু তেওঁৰ পত্নী আন্না ক’নিডেলাই ১৩ বছৰীয়া বৈবাহিক সম্পৰ্কৰ অন্ত পেলাইছে। সোমবাৰে নিশা পৱন কল্যাণৰ ইনষ্টাগ্ৰাম পৃষ্ঠাত প্ৰকাশিত এক যুটীয়া বিবৃতিত এই কথা সদৰী কৰা হয়। বিবৃতিটোত দম্পতীহালে উল্লেখ কৰে যে পাৰস্পৰিক বুজাবুজি আৰু শ্ৰদ্ধাৰে তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিচ্ছেদৰ লগে লগে পৱন কল্যাণৰ তৃতীয়খন বিবাহৰো অন্ত পৰিল।
যুটীয়া বিবৃতিটোত পৱন কল্যাণ আৰু আন্নাই কয়, “যদিও আমাৰ বৈবাহিক জীৱনৰ অন্ত পৰিছে, আমি ভাল বন্ধু আৰু আমাৰ সন্তান দুগৰাকীৰ প্ৰতি সমৰ্পিত পিতৃ-মাতৃ হৈয়েই থাকিম। তেওঁলোকৰ সুখ আৰু মংগল সদায় আমাৰ উমৈহতীয়া অগ্ৰাধিকাৰ হৈ ৰ’ব।” লগতে, জীৱনৰ এই পৰিৱৰ্তনৰ সময়ছোৱাত তেওঁলোকৰ ব্যক্তিগত গোপনীয়তাক সন্মান জনাবলৈও শুভাকাংক্ষীসকলৰ প্ৰতি অনুৰোধ জনাইছে। তেওঁলোকে বিবৃতিটোত কয়, “এই ব্যক্তিগত পৰিৱৰ্তনৰ সময়ত আমি আপোনালোকৰ বুজাবুজি, দয়া আৰু আমাৰ গোপনীয়তাৰ প্ৰতি সন্মান বিচাৰিছোঁ। এই যাত্ৰাত আমাৰ কাষত থিয় দিয়া সকলোলৈকে আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”
পৱন কল্যাণে ২০১৩ চনত ৰাছিয়াৰ নাগৰিক আন্নাক বিয়া কৰাইছিল। তেওঁলোকৰ দুগৰাকী সন্তান আছে, ক্ৰমে প’লেনা অঞ্জনা পৱনোভা আৰু মাৰ্ক শংকৰ পৱনোভিচ। আন্না আছিল অভিনেতাগৰাকীৰ তৃতীয় পত্নী। ইয়াৰ পূৰ্বে ১৯৯৭ চনত তেওঁ নন্দিনীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল যদিও ১৯৯৯ চনত দুয়োৰে বিচ্ছেদ ঘটে। পৰৱৰ্তী সময়ত, ২০০৯ চনত কল্যাণে অভিনেত্ৰী ৰেণু দেশাইক বিয়া কৰায় আৰু তেওঁলোকৰ এটি পুত্ৰ আৰু এজনী কন্যা সন্তান জন্ম হয়। ২০১২ চনত ৰেণু দেশাইৰ সৈতেও তেওঁৰ বিবাহ বিচ্ছেদ হৈছিল।
জনপ্ৰিয় অভিনেতা চিৰঞ্জীৱী আৰু নগেন্দ্ৰ বাবুৰ ভাতৃ পৱন কল্যাণে ১৯৯৬ চনত ‘আক্কাডা আম্মায়ি ইক্কাডা আব্বায়ি’ ছবিৰে অভিনয় জগতত প্ৰৱেশ কৰিছিল। পৰৱৰ্তী সময়ত ২০০৮ চনত তেওঁ জ্যেষ্ঠ ভাতৃ চিৰঞ্জীৱীয়ে প্ৰতিষ্ঠা কৰা প্ৰজা ৰাজ্যম পাৰ্টিৰ (PRP) যুৱ শাখা ‘যুৱৰাজ্যম’ৰ সভাপতি হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰে। অৱশ্যে, ২০১১ চনত পিআৰপি কংগ্ৰেছৰ সৈতে চামিল হোৱাৰ পাছত তেওঁ ৰাজনীতিৰ পৰা বিৰতি লয়। ২০১৪ চনৰ মাৰ্চ মাহত কল্যাণে ‘জন সেনা পাৰ্টি’ গঠন কৰি পুনৰ ৰাজনীতিত সক্ৰিয় হৈ পৰে। ২০১৯ চনৰ নিৰ্বাচনত তেওঁ দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল যদিও দলটোৱে এখন আসন লাভ কৰিবলৈ সক্ষম হয়।
শেহতীয়া ২০২৪ চনৰ সাধাৰণ আৰু বিধানসভা নিৰ্বাচনত পৱন কল্যাণে জন সেনা পাৰ্টি, তেলেগু দেশম পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁট গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই নিৰ্বাচনত মিত্ৰজোঁটে বিপুল জয়লাভ কৰাৰ লগতে জন সেনা পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰা আটাইকেইখন আসনতে জয়ী হ’বলৈ সক্ষম হয়। ইয়াৰ পাছতে ২০২৪ চনৰ ১৪ জুনত পৱন কল্যাণে অন্ধ্ৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বৰ্তমান ৰাজ্যখনৰ এগৰাকী গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে তেওঁৰ এই ব্যক্তিগত জীৱনৰ সিদ্ধান্তই চৰ্চা লাভ কৰিছে।





