• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, November 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অধিনায়ক হিচাপে বিশ্বকাপ জিকাইও দলৰ পৰা বাহিৰ! নিৰাশাৰ অন্ধকাৰৰ পৰা কেনেকৈ ঘূৰি আহিল সূৰ্যকুমাৰ যাদৱ?

ভাৰতক টি-২০ বিশ্বকাপৰ খিতাপ উপহাৰ দিয়াৰ পাছতো ৰাষ্ট্ৰীয় দলৰ পৰা বাদ পৰিছিল সূৰ্যকুমাৰ যাদৱ। কেইবামাহো ধৰি হতাশাৰ মাজত কটোৱা প্ৰাক্তন অধিনায়কগৰাকীয়ে এতিয়া পুনৰ ক্ৰিকেটৰ প্ৰতি নিজৰ প্ৰেম আৰু আগ্ৰহ ঘূৰাই পাইছে আৰু আগন্তুক চৈয়দ মুস্তাক আলী ট্ৰফীত মুম্বাই দলক নেতৃত্ব দিবলৈ সাজু হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2026 8:34 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতক টি-২০ বিশ্বকাপত সফলতাৰে নেতৃত্ব দিয়াৰ পাছতো ৰাষ্ট্ৰীয় দলৰ পৰা বাদ পৰাৰ বেদনাৰ পৰা ক্ৰমান্বয়ে মুক্ত হৈছে সূৰ্যকুমাৰ যাদৱ। দীৰ্ঘদিন ধৰি বেট হাতত লৈ বিফল হোৱাৰ ফলস্বৰূপে ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে তেওঁক দলৰ পৰা বাদ দি শ্ৰেয়স আয়াৰক অধিনায়কৰ দায়িত্ব অৰ্পণ কৰিছিল। বিশ্বকাপ জয়ী অধিনায়ক হোৱাৰ পাছতো হঠাৎ দলৰ পৰা বাহিৰ হোৱাৰ এই ঘটনাই যাদৱক হতাশ কৰিছিল যদিও এতিয়া তেওঁ পুনৰ নিজৰ ছন্দ ঘূৰাই পাবলৈ সক্ষম হৈছে। মুম্বাইত অনুষ্ঠিত এখন সংবাদমেলত প্ৰাক্তন অধিনায়কগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁ পুনৰ ক্ৰিকেটৰ প্ৰতি পূৰ্বৰ আগ্ৰহ আৰু প্ৰেম ঘূৰাই পাইছে আৰু আগন্তুক চৈয়দ মুস্তাক আলী ট্ৰফীত মুম্বাই দলক নেতৃত্ব দিবলৈ সাজু হৈছে।

 

Apply Now

‘টি-২০ মুম্বাই লীগ চেলেব্ৰেটিং দ্য চেম্পিয়নছ’ শীৰ্ষক অনুষ্ঠানত সংবাদ মাধ্যমৰ আগত সূৰ্যকুমাৰে কয় যে, “টি-২০ বিশ্বকাপ জয়ৰ পাছৰ সময়খিনি মোৰ বাবে যথেষ্ট কঠিন আছিল। মই এই সত্যটোৰ পৰা আঁতৰি থাকিব নিবিচাৰোঁ। যদি আপুনি নিজৰ প্ৰতি সঁচা নহয়, তেন্তে এটা সুখী জীৱন নিৰ্বাহ কৰাটো অতি কঠিন।” অৱশ্যে, ক্ৰিকেট পথাৰৰ বাহিৰত তেওঁৰ ব্যক্তিগত জীৱনলৈ অহা এক নতুন পৰিৱৰ্তনে তেওঁক এই হতাশাৰ পৰা ওলাই অহাত সহায় কৰে। যোৱা মে’ মাহত আইপিএল চলি থকাৰ সময়তে তেওঁ এটি কন্যা সন্তানৰ পিতৃ হয় আৰু ইয়াৰ পাছৰ পৰাই তেওঁৰ মনোযোগ কন্যাগৰাকীৰ ওপৰতে নিৱদ্ধ হৈ পৰে।

 

ভাৰতীয় দলৰ হৈ ১১৩ খন টি-২০ মেচ খেলা বেটাৰগৰাকীয়ে কয় যে প্ৰথম দুমাহ তেওঁৰ বাবে অতি কঠিন আছিল। কিন্তু পাছত তেওঁ চিন্তা কৰিবলৈ ধৰিলে যে ১৫ বছৰ বয়সত তেওঁ ক্ৰিকেটৰ প্ৰতি যিদৰে আকৰ্ষিত আছিল আৰু মুম্বাইৰ হৈ খেলিবলৈ যি সপোন দেখিছিল, সেই আগ্ৰহটো পুনৰ কিয় ঘূৰাই আনিব নোৱাৰি! এই ক্ষেত্ৰত পত্নী দেৱীশা শেট্টীৰ পৰামৰ্শই তেওঁৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পত্নীয়ে তেওঁক ১৫ বছৰীয়া ল’ৰা এটাৰ দৰে একেই ক্ৰিকেটৰ প্ৰতি থকা আগ্ৰহ আৰু প্ৰেম ঘূৰাই আনিবলৈ উপদেশ দিছিল।

 

জীৱনৰ কঠিন সময়খিনি পাৰ কৰি পত্নীৰ পৰামৰ্শক্ৰমে ৩৬ বছৰীয়া সূৰ্যকুমাৰে পুনৰ ক্ৰিকেট পথাৰত ঘাম সৰাবলৈ আৰম্ভ কৰিছে। নিজৰ লক্ষ্য সম্পৰ্কে স্পষ্ট কৰি তেওঁ কয়, “পৰিস্থিতি এতিয়া সম্পূৰ্ণ স্বাভাৱিক। ১০-১৫ বছৰ আগতে মই যিদৰে খেলিছিলোঁ, এতিয়াও একেই ধৰণে আগবাঢ়িছোঁ। মুম্বাইৰ হৈ খিতাপ জয় কৰাই বৰ্তমান মোৰ একমাত্ৰ লক্ষ্য।” আগন্তুক চৈয়দ মুস্তাক আলী ঘৰুৱা টি-২০ প্ৰতিযোগিতাখনত এক শক্তিশালী প্ৰদৰ্শনেৰে ৰাষ্ট্ৰীয় দলৰ নিৰ্বাচকসকলক পুনৰবাৰ আকৰ্ষিত কৰিবলৈ তেওঁ দৃঢ়প্ৰতিজ্ঞ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অধিনায়ক হিচাপে বিশ্বকাপ জিকাইও দলৰ পৰা বাহিৰ! নিৰাশাৰ অন্ধকাৰৰ পৰা কেনেকৈ ঘূৰি আহিল সূৰ্যকুমাৰ যাদৱ?

অধিনায়ক হিচাপে বিশ্বকাপ জিকাইও দলৰ পৰা বাহিৰ! নিৰাশাৰ অন্ধকাৰৰ পৰা কেনেকৈ ঘূৰি আহিল সূৰ্যকুমাৰ যাদৱ?

November 11, 2026 8:34 am
নোটবন্দীৰ ১০ বছৰৰ পাছত দেশত কিমান বাঢ়িল নগদ ধনৰ প্ৰচলন? আৰবিআইৰ তথ্য দেখিলে চকু কপালত উঠিব আপোনাৰো!

নোটবন্দীৰ ১০ বছৰৰ পাছত দেশত কিমান বাঢ়িল নগদ ধনৰ প্ৰচলন? আৰবিআইৰ তথ্য দেখিলে চকু কপালত উঠিব আপোনাৰো!

November 11, 2026 7:15 am
স্তন কৰ্কটৰ পিছত অগ্ন্যাশয়ত টিউমাৰ! প্ৰথমবাৰৰ বাবে জীৱনৰ কঠিন অধ্যায়ৰ কথা প্ৰকাশ কৰিলে ছোনীয়া গান্ধীয়ে!

স্তন কৰ্কটৰ পিছত অগ্ন্যাশয়ত টিউমাৰ! প্ৰথমবাৰৰ বাবে জীৱনৰ কঠিন অধ্যায়ৰ কথা প্ৰকাশ কৰিলে ছোনীয়া গান্ধীয়ে!

November 10, 2026 10:00 pm
ইজৰাইল আৰু আমেৰিকাৰ নিৰ্বাচনে গণতন্ত্ৰৰ বিষয়ে কি কয়?

ইজৰাইল আৰু আমেৰিকাৰ নিৰ্বাচনে গণতন্ত্ৰৰ বিষয়ে কি কয়?

November 10, 2026 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অধিনায়ক হিচাপে বিশ্বকাপ জিকাইও দলৰ পৰা বাহিৰ! নিৰাশাৰ অন্ধকাৰৰ পৰা কেনেকৈ ঘূৰি আহিল সূৰ্যকুমাৰ যাদৱ?

অধিনায়ক হিচাপে বিশ্বকাপ জিকাইও দলৰ পৰা বাহিৰ! নিৰাশাৰ অন্ধকাৰৰ পৰা কেনেকৈ ঘূৰি আহিল সূৰ্যকুমাৰ যাদৱ?

November 11, 2026 8:34 am
নোটবন্দীৰ ১০ বছৰৰ পাছত দেশত কিমান বাঢ়িল নগদ ধনৰ প্ৰচলন? আৰবিআইৰ তথ্য দেখিলে চকু কপালত উঠিব আপোনাৰো!

নোটবন্দীৰ ১০ বছৰৰ পাছত দেশত কিমান বাঢ়িল নগদ ধনৰ প্ৰচলন? আৰবিআইৰ তথ্য দেখিলে চকু কপালত উঠিব আপোনাৰো!

November 11, 2026 7:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd