আদালতৰ ভুৱা নিৰ্দেশ, ভুৱা ছীল তথা ভুৱা স্বাক্ষৰ! আৰু সেই নথি-পত্ৰৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰৰ টেলিকম বিভাগৰ নিৰ্দেশত ১২৯ টা ৱেবছাইট বন্ধ হৈ পৰিল। সমগ্ৰ ঘটনাটোত পোহৰলৈ আহিছে প্ৰৱঞ্চনাৰ এক চাঞ্চল্যকৰ ছবি।
আটাইতকৈ চিন্তনীয় কথাটো হ’ল যে প্ৰৱঞ্চকসকলে কেৱল আদালতৰ নাম ব্যৱহাৰ কৰাতেই থমকি ৰোৱা নাই, বৰঞ্চ প্ৰকৃত আদালতৰ নিৰ্দেশৰ দৰে নথি-পত্ৰ সৃষ্টি কৰি চৰকাৰী বিভাগকো বিপথে পৰিচালিত কৰিছে। ঘটনা পোহৰলৈ অহাৰ লগে লগে দেশৰ ন্যায়পালিকা আৰু চৰকাৰী প্ৰশাসনৰ নথি পৰীক্ষণ প্ৰক্ৰিয়াক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিছে।
ৰাজস্থান উচ্চ ন্যায়ালয় আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নামত দুটা ভুৱা নিৰ্দেশ প্ৰস্তুত কৰি টেলিকম বিভাগলৈ প্ৰেৰণ কৰা বুলি ৰয়টাৰৰ অনুসন্ধানমূলক প্ৰতিবেদনত প্ৰকাশ পাইছে। সেই নথি-পত্ৰসমূহ প্ৰকৃত বুলি বিশ্বাস কৰি কেন্দ্ৰীয় দূৰসংযোগ বিভাগ বা ডিপাৰ্টমেন্ট অফ টেলিকমিউনিকেশ্যনে (DoT) ইণ্টাৰনেট সেৱা প্ৰদানকাৰীসকলক ১২৯টা ৱেবছাইট বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। এই ৱেবছাইটসমূহৰ অধিকাংশই অনলাইন পণ আৰু জুৱাৰ সৈতে জড়িত বুলি জনা যায়।
প্ৰথম ঘটনাটো ৰাজস্থান উচ্চ ন্যায়ালয়ক কেন্দ্ৰ কৰি ঘটিছে। অভিযোগ অনুসৰি ১৯ জুলাইৰ নিশা ৮:৫৯ বজাত আদালতৰ নিৰ্দেশ বুলি কোৱা এখন নথি ইমেইলৰ জৰিয়তে টেলিকম বিভাগলৈ প্ৰেৰণ কৰা হয়। তাতে ‘আৰিয়ান চৌধুৰী’ নামৰ এজন ব্যক্তিয়ে নিজকে এডভোকেট-অন-ৰেকৰ্ড বুলি পৰিচয় দিছিল। নথিখনত আদালতৰ নীলা ৰঙৰ ছীল আৰু ৰাষ্ট্ৰীয় প্ৰতীকও ব্যৱহাৰ কৰা হৈছিল।
এই নিৰ্দেশ অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত ৩৪টা বেটিং ৱেবছাইট বন্ধ কৰাৰ কথা কোৱা হৈছিল। সেই নথিৰ ভিত্তিত টেলিকম বিভাগে ২১ জুলাইত সংশ্লিষ্ট ৱেবছাইটসমূহ বন্ধ কৰাৰ নিৰ্দেশ দিছিল। পিছত ৰাজস্থান উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ আদালতৰ পৰা এই নিৰ্দেশ জাৰি কৰা হোৱা নাই। আদালতৰ চাৰ্ভাৰতো এনে কোনো নিৰ্দেশৰ অস্তিত্ব নাই।
দ্বিতীয়টো ঘটনা অধিক গুৰুতৰ। এইবাৰ প্ৰৱঞ্চকৰ লক্ষ্য হৈছে এলাহাবাদ উচ্চ ন্যায়ালয়। ১৪ আগষ্ট, ২০২৬ তাৰিখৰ এটা ভুৱা নিৰ্দেশ প্ৰস্তুত কৰা হয়। তাত ন্যায়াধীশ গৰিমা প্ৰসাদৰ নাম ব্যৱহাৰ কৰি ৯৫টা ৱেবছাইট বন্ধ কৰাৰ নিৰ্দেশ দিয়া হয়। ‘কাৰ্তিকেয় পাণ্ডে’ নামৰ এজন ব্যক্তিয়ে নিজকে অধিবক্তাৰ পৰিচয় দি ২২ আগষ্টত নথিখন চৰকাৰী বিষয়ালৈ প্ৰেৰণ কৰে।তাৰ পিছত ২ ছেপ্টেম্বৰত টেলিকম বিভাগে ৯৫টা ৱেবছাইট বন্ধ কৰাৰ নিৰ্দেশ দিয়ে।
ৰয়টাৰৰ সাংবাদিকৰ তদন্তৰ অন্তত এই বিষয়টো পোহৰলৈ আহে। ৩০ অক্টোবৰত এই নিৰ্দেশৰ সত্যতা পৰীক্ষা কৰিবলৈ এলাহাবাদ উচ্চ ন্যায়ালয় প্ৰশাসনলৈ প্ৰশ্ন প্ৰেৰণ কৰা হৈছিল। তাৰ পাছত আদালতৰ মুখ্য ন্যায়াধীশৰ নিৰ্দেশত নথিৰ সত্যতাৰ পৰীক্ষণ আৰম্ভ হ’ল। আদালতৰ কম্পিউটাৰ বিভাগ আৰু ডিজিটেল ৰেকৰ্ড পৰীক্ষা কৰাৰ পিছত দেখা গ’ল যে আদালতৰ ৰেকৰ্ডত নিৰ্দেশত উল্লেখ কৰা ৩০৪৮০/২০২৬ নম্বৰৰ ৰিট আবেদনৰ কোনো অস্তিত্বই নাই। দৰাচলতে ১৪ আগষ্টত গোচৰটোত কোনো নিৰ্দেশ জাৰি কৰা হোৱা নাছিল। সংশ্লিষ্ট ন্যায়াধীশগৰাকীৰ ব্যক্তিগত সচিবেও নিশ্চিত কৰে যে ন্যায়াধীশগৰাকীয়ে এনে কোনো আদেশ দিয়া নাই।
ইয়াৰ পিছত ৫ নৱেম্বৰত আদালতে আৰক্ষীৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। ৬ নৱেম্বৰত প্ৰয়াগৰাজৰ কেণ্ট থানাত অজ্ঞাত পৰিচয়ৰ ব্যক্তিৰ বিৰুদ্ধে প্ৰতাৰণা, জালিয়াতি আৰু ভুৱা নথি-পত্ৰ ব্যৱহাৰৰ অভিযোগত এফআইআৰ দাখিল কৰা হয়। ভাৰতীয় ন্যায় সংহিতাৰ লগতে তথ্য প্ৰযুক্তি আইনৰ কেইবাটাও ধাৰাত তদন্ত আৰম্ভ কৰা হৈছে। এতিয়া আৰক্ষীয়ে ব্যৱহৃত ইমেইল, আই পি ঠিকনা আৰু কম্পিউটাৰ চিষ্টেমৰ ভিত্তিত অভিযুক্তক বিচাৰিছে। মুঠতে দুখন ভুৱা আদালতৰ নিৰ্দেশত মুঠ ১২৯টা ৱেবছাইট বন্ধ হোৱাৰ ফলত প্ৰশাসনিক নিৰাপত্তাৰ ওপৰত ডাঙৰ প্ৰশ্নৰ উত্থাপন হৈছে।
এই প্ৰৱঞ্চনাৰ আঁৰত কোন বা কি আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এই ঘটনাত কৃত্ৰিম বুদ্ধিমত্তা বা AI ব্যৱহাৰ কৰা হৈছে নে নাই তাৰো কোনো নিশ্চিত প্ৰমাণ পোৱা হোৱা নাই। কিন্তু আদালতৰ ছীল আৰু ন্যায়াধীশৰ নাম জাল কৰি চৰকাৰী ব্যৱস্থাক বিপথে পৰিচালিত কৰাৰ ঘটনাক দেশৰ চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট উদ্বেগজনক বুলি সংশ্লিষ্ট মহলে বিবেচনা কৰে।





