• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, November 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

মাত্ৰ ২৪ মিনিটৰ শিলাবৃষ্টিত তচনচ কৃষকৰ সোণগুটি চপোৱাৰ সপোন! বৰদুৱাৰত হাজাৰ হাজাৰ বিঘা ধাননি পথাৰ নষ্ট

কোকিল শইকীয়া by কোকিল শইকীয়া
November 13, 2026 9:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পকিবলৈ ধৰিছিল গাখীৰতি ধান। পথাৰ ভৰি পৰিছিল শস্যৰে। ধান কাটি ঘৰলৈ নিয়াৰ আশাত দিন গণি আছিল কৃষকসকলে। কিন্তু সেই সপোন মুহূৰ্ততে থানবান কৰি দিলে আবতৰীয়া শিলাবৃষ্টিয়ে। মাত্ৰ ২৪ মিনিটৰ শিলাবৃষ্টিতে দক্ষিণ কামৰূপৰ পলাশবাৰীৰ বৃহত্তৰ বৰদুৱাৰ অঞ্চলৰ হাজাৰ হাজাৰ বিঘা ধাননি পথাৰ ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হ’ল। এতিয়া পথাৰত ধানগছ আছে, কিন্তু গছত নাই পকিবলৈ ধৰা ধান। সোণগুটি চপোৱাৰ পৰিৱৰ্তে চকুৰ সন্মুখতে সৰ্বস্ব হেৰুৱাই এতিয়া হাহাকাৰ কৰিছে অঞ্চলটোৰ হাজাৰ হাজাৰ কৃষক পৰিয়ালে।

বৰদুৱাৰৰ জজী, গণকপাৰা, লেংটা আৰু জটীয়া অঞ্চলৰ শেহতীয়া দৃশ্যই কৃষকৰ দুৰৱস্থাৰ ছবিখন স্পষ্ট কৰি তুলিছে। বুধবাৰে নিশা অহা আবতৰীয়া শিলাবৃষ্টিয়ে নিমিষতে তচনচ কৰিলে কৃষকৰ কেইবামাহৰ কঠোৰ পৰিশ্ৰম। পথাৰত পৰি থকা শিলৰ আঘাতত ধানগছৰ পৰা সৰি পৰিল পকিবলৈ ধৰা ধান। শিলাবৃষ্টিৰ ৩৬ ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো অঞ্চলটোৰ বহু ঠাইত বৰফৰ দৰে শিল গলি যোৱা নাই। কিয় এই সময়ত এনেদৰে শিলাবৃষ্টি হ’ল, তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে।

Apply Now

এই প্ৰাকৃতিক দুৰ্যোগৰ পিছত এতিয়া চৰকাৰৰ পৰা ক্ষতিপূৰণ বিচাৰিছে ক্ষতিগ্ৰস্ত কৃষকসকলে। কিন্তু কৃষকসকলৰ অভিযোগ অনুসৰি, তেওঁলোকৰ লোকচানৰ বিপৰীতে তাৎক্ষণিক ক্ষতিপূৰণ দিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কৃষি বিভাগে। বৰঞ্চ পৰৱৰ্তী ৰবি শস্যৰ খেতিৰ বাবে বীজ দিয়াৰ প্ৰতিশ্ৰুতি দিছে কৃষি উন্নয়ন বিষয়াই। কেৱল সেয়াই নহয়, শস্যৰ বীমা নকৰাৰ বাবে কৃষকসকলে ক্ষতিপূৰণ নাপাব বুলি কৈ কৃষকসকলৰ ওপৰতে দায়িত্ব জাপি দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে কৃষি বিভাগৰ বিৰুদ্ধে।

কিন্তু ইয়াতেই উঠিছে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন। কৃষকসকলে যদি শস্যৰ বীমা কৰা নাছিল, তেন্তে তেওঁলোকক আগতীয়াকৈ সজাগ কৰাৰ দায়িত্ব কাৰ আছিল? শস্যৰ বীমাৰ সুবিধা আৰু ইয়াৰ নিয়ম সম্পৰ্কে কৃষি বিভাগে কিয় গাঁৱে গাঁৱে গৈ কৃষকসকলক অৱগত নকৰিলে? চৰকাৰী আঁচনিৰ বিষয়ে নজনাকৈয়ে থাকিল যদি সাধাৰণ কৃষক, তেন্তে ইয়াৰ দায় কোনে ল’ব?

আনহাতে, বৰদুৱাৰ অঞ্চলৰ বহু কৃষকে আনৰ মাটিত আধি খেতি কৰে। বহু কৃষক-শ্ৰমিকে আনৰ পথাৰত কাম কৰি জীৱিকা নিৰ্বাহ কৰে। এনে পৰিস্থিতিত মাটিৰ মালিক নহোৱা আধিয়াৰ কৃষকসকলে বা খেতিত শ্ৰমিক হিচাপে জড়িত লোকসকলে কেনেদৰে শস্যৰ বীমা কৰিব, সেই প্ৰশ্নও উত্থাপন কৰিছে স্থানীয় ৰাইজে। পূৰ্বৰে পৰা কৃষি বিভাগৰ পৰা প্ৰয়োজনীয় সহায়-সহযোগ নোপোৱাৰো অভিযোগ তুলিছে অঞ্চলটোৰ কৃষকসকলে।

কৃষকৰ চিন্তা কেৱল এইবাৰৰ ধাননি পথাৰ নষ্ট হোৱাতে সীমাবদ্ধ নহয়। ক্ষতিপূৰণ নাপালে পৰৱৰ্তী খেতি কৰাৰ আগলৈকে পৰিয়াল চলাব কেনেকৈ, সেই চিন্তাই এতিয়া খেদি ফুৰিছে তেওঁলোকক। কৃষি বিভাগে ৰবি শস্যৰ বীজ দিয়াৰ প্ৰতিশ্ৰুতি দিলেও ধান খেতিত হোৱা বৃহৎ লোকচান সেই শস্যৰ জৰিয়তে পূৰণ কৰাটো সম্ভৱনে? বৰদুৱাৰ অঞ্চলৰ মাটি ৰবি শস্যৰ বাবে কিমান উপযোগী? তাতোকৈ ডাঙৰ কথা, অঞ্চলটোত নাই পৰ্যাপ্ত জলসিঞ্চনৰ ব্যৱস্থা। পানী, সাৰ আৰু কীটনাশক ঔষধৰ পৰ্যাপ্ত সুবিধা অবিহনে কৃষকসকলে ৰবি শস্যৰ খেতি কেনেদৰে কৰিব?

এফালে প্ৰকৃতিৰ ৰোষ, আনফালে চৰকাৰী সহায়ৰ অনিশ্চয়তা। দুয়োফালৰ চাপত এতিয়া দিশহাৰা হৈ পৰিছে বৰদুৱাৰৰ কৃষক পৰিয়ালসমূহ। কৃষকৰ লোকচানৰ হিচাপ লৈ ব্যৱহাৰিক সহায় আগবঢ়োৱাৰ সলনি কেৱল পৰৱৰ্তী খেতিৰ বাবে বীজ দিয়াৰ প্ৰতিশ্ৰুতিৰে কৃষি বিভাগে দায়িত্ব সামৰিব বিচাৰিছে নেকি, সেই প্ৰশ্নও উত্থাপন হৈছে। বছৰটোৰ উপাৰ্জনৰ ভৰসা হিচাপে গঢ়ি তোলা ধাননি পথাৰ এদিনতে নষ্ট হোৱাৰ পিছত এতিয়া চৰকাৰৰ ওচৰত কৃষকসকলৰ এটাই আহ্বান—কেৱল প্ৰতিশ্ৰুতি নহয়, ক্ষতিগ্ৰস্ত খেতিৰ প্ৰকৃত জৰীপ কৰি উপযুক্ত ক্ষতিপূৰণ দিয়ক আৰু এই দুৰ্যোগৰ পৰা কৃষক পৰিয়ালসমূহক উদ্ধাৰ কৰক।

নহ’লে সোণগুটি চপোৱাৰ আশাত কৰা কেইবামাহৰ পৰিশ্ৰমৰ লগতে কৃষক পৰিয়ালসমূহৰ জীৱিকাৰ ভেটিও ভাঙি পৰাৰ আশংকা ঘনীভূত হ’ব।

কোকিল শইকীয়া

কোকিল শইকীয়া

সাংবাদিক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ২৪ মিনিটৰ শিলাবৃষ্টিত তচনচ কৃষকৰ সোণগুটি চপোৱাৰ সপোন! বৰদুৱাৰত হাজাৰ হাজাৰ বিঘা ধাননি পথাৰ নষ্ট

মাত্ৰ ২৪ মিনিটৰ শিলাবৃষ্টিত তচনচ কৃষকৰ সোণগুটি চপোৱাৰ সপোন! বৰদুৱাৰত হাজাৰ হাজাৰ বিঘা ধাননি পথাৰ নষ্ট

November 13, 2026 9:14 pm
অসম এতিয়া আৰক্ষীৰ নহয়, ছিণ্ডিকেট-মাফিয়াৰহে নিয়ন্ত্ৰণত! মুখ্যমন্ত্ৰীক ‘মাফিয়াৰ চৰ্দাৰ’ আখ্যা অখিল গগৈৰ

অসম এতিয়া আৰক্ষীৰ নহয়, ছিণ্ডিকেট-মাফিয়াৰহে নিয়ন্ত্ৰণত! মুখ্যমন্ত্ৰীক ‘মাফিয়াৰ চৰ্দাৰ’ আখ্যা অখিল গগৈৰ

November 13, 2026 8:04 pm
জাকিৰ নায়েকৰ সংস্থা ‘ইছলামিক ৰিছাৰ্চ ফাউণ্ডেচন’ৰ বিৰুদ্ধে কেন্দ্ৰৰ পুনৰ কঠোৰ পদক্ষেপ! আৰু ৫ বছৰৰ বাবে নিষিদ্ধ ঘোষণা

জাকিৰ নায়েকৰ সংস্থা ‘ইছলামিক ৰিছাৰ্চ ফাউণ্ডেচন’ৰ বিৰুদ্ধে কেন্দ্ৰৰ পুনৰ কঠোৰ পদক্ষেপ! আৰু ৫ বছৰৰ বাবে নিষিদ্ধ ঘোষণা

November 13, 2026 6:55 pm
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা! ট্ৰেভেলাৰ-কণ্টেইনাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ২৩ জনতকৈ অধিক লোকৰ মৃত্যু

কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা! ট্ৰেভেলাৰ-কণ্টেইনাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ২৩ জনতকৈ অধিক লোকৰ মৃত্যু

November 13, 2026 5:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২৪ মিনিটৰ শিলাবৃষ্টিত তচনচ কৃষকৰ সোণগুটি চপোৱাৰ সপোন! বৰদুৱাৰত হাজাৰ হাজাৰ বিঘা ধাননি পথাৰ নষ্ট

মাত্ৰ ২৪ মিনিটৰ শিলাবৃষ্টিত তচনচ কৃষকৰ সোণগুটি চপোৱাৰ সপোন! বৰদুৱাৰত হাজাৰ হাজাৰ বিঘা ধাননি পথাৰ নষ্ট

November 13, 2026 9:14 pm
অসম এতিয়া আৰক্ষীৰ নহয়, ছিণ্ডিকেট-মাফিয়াৰহে নিয়ন্ত্ৰণত! মুখ্যমন্ত্ৰীক ‘মাফিয়াৰ চৰ্দাৰ’ আখ্যা অখিল গগৈৰ

অসম এতিয়া আৰক্ষীৰ নহয়, ছিণ্ডিকেট-মাফিয়াৰহে নিয়ন্ত্ৰণত! মুখ্যমন্ত্ৰীক ‘মাফিয়াৰ চৰ্দাৰ’ আখ্যা অখিল গগৈৰ

November 13, 2026 8:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd