এটি ১১ মহীয়া কেঁচুৱাক কুকুৰৰ সঁজাত ভৰাই জীৱন্তে পুতি থোৱা হৈছিল! প্ৰায় ২৪ ঘণ্টা ধৰি মাটিৰ তলত আবদ্ধ হৈ থকাৰ পিছতো অলৌকিকভাৱে ৰক্ষা পৰে কণমানি ক’য়া শ্বাৰ্প। আমেৰিকাৰ দক্ষিণ কেৰ’লিনাৰ লেক্সিংটন কাউন্টিত সংঘটিত এই ৰোমহৰ্ষক কাণ্ডত স্তম্ভিত হৈ পৰিছে সমগ্ৰ বিশ্ব। মঙলবাৰে অনুসন্ধানৰ সময়ত হাবিৰ ভিতৰত সদ্য খন্দা মাটিৰ তলৰ পৰা কেঁচুৱাটোৰ কান্দোন শুনি আৰক্ষী আৰু উদ্ধাৰকাৰীয়ে শিশুটিক উদ্ধাৰ কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি সোমবাৰে আইতাকৰ লগত আছিল কেঁচুৱাটো। সেই সময়ত শিশুটিৰ ২৫ বছৰীয়া পিতৃ মাইকেল কোমাৰ তাত উপস্থিত হৈছিল। আন এগৰাকী পৰিচাৰিকা অহাৰ কথা থকাত আইতাকে কেঁচুৱাটোক দেউতাকৰ তত্বাৱধানত কিছুসময় এৰি থৈ গ’ল। কিন্তু কিছুসময়ৰ পাছত ঘৰলৈ আহি পৰিচাৰিকাজনীয়ে দেখিলে যে মাইকেল আৰু কেঁচুৱাটো দুয়োজনৰে সন্ধান নাই। দুপৰীয়ালৈকে এই খবৰটো আৰক্ষীৰ ওচৰ পোৱাৰ লগে লগে পিতৃ-পুত্ৰৰ সন্ধানত ব্যাপক অনুসন্ধান আৰম্ভ হ’ল।
তদন্তৰ সময়ত আৰক্ষীয়ে মাইকেলৰ পিতৃৰ ঘৰলৈ গৈ দুৱাৰখন খোলা আৰু ঘৰৰ ভিতৰত শিশুটিৰ সামগ্ৰী সিঁচৰতি হৈ থকা দেখা পায় যদিও তেওঁলোকৰ কোনো সন্ধান নাপালে। অঞ্চলটোৰ চিচিটিভিৰ ফুটেজ নিৰীক্ষণ কৰাৰ পিছত আৰক্ষীয়ে গম পায় যে মাইকেলক কেইবাটাও স্থানত দেখা গৈছে যদিও শিশুটি তেওঁৰ লগত নাছিল। ইয়াৰ ফলত আৰক্ষীৰ উদ্বেগ বৃদ্ধি পালে। অৱশেষত বেটছবাৰ্গ অঞ্চলৰ এটা ঘৰৰ বাহিৰৰ পৰা মাইকেলক অনুপ্ৰৱেশ আৰু আৰক্ষীৰ কামত বাধা দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় যদিও তেতিয়াও শিশুটিক তেওঁৰ লগত পোৱা নগ’ল।
তাৰ পাছত মঙলবাৰে প্ৰায় ১০০ আৰক্ষীকৰ্মীয়ে শিশুটিৰ সন্ধান অব্যাহত ৰাখিলে। তালাচীৰ সময়ত এটা দলে মাইকেলৰ পিতৃৰ ঘৰৰ পৰা প্ৰায় ৫০ গজ দূৰৈৰ হাবিত থকা পাইন গছৰ তলত সদ্য খন্দা মাটিৰ থূপ এটা দেখা পায়। সন্দেহ হোৱাৰ লগে লগে তেওঁলোকে তাত মাটি খান্দিবলৈ ধৰিলে আৰু ভিতৰৰ পৰা কেঁচুৱা এটাৰ কান্দোনৰ শব্দ শুনিলে।
লেক্সিংটন কাউন্টিৰ শ্বেৰিফ জে কুনে সাংবাদিকৰ আগত কয়, “আমি কান্দোনৰ শব্দ শুনাৰ লগে লগে সকলোৱে মাটি খান্দি কেঁচুৱাটোক উলিয়াই আনিবলৈ লৰালৰি কৰিলে। কেঁচুৱা এটাৰ কান্দোনৰ শব্দ যে ইমান আনন্দদায়ক হ’ব পাৰে শব্দৰে ইয়াক প্ৰকাশ কৰিব নোৱাৰি।”
উদ্ধাৰকাৰীয়ে মাটিৰ তলৰ পৰা কুকুৰ ৰখা তাঁৰৰ সঁজা এটা উলিয়াই আনে, যাৰ ভিতৰত টাৱেলত মেৰিয়াই থোৱা ১১ মহীয়া ক’য়া আছিল। ততাতৈয়াকৈ তাক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
আৰক্ষীৰ অনুমান অনুসৰি প্ৰায় ২৪ ঘণ্টা ধৰি মাটিৰ তলত সেই অৱস্থাত আছিল শিশুটি। পিঞ্জৰাটোৰ চাৰিওফালে মেৰিয়াই থোৱা টাৱেলখনে এটা সৰু এয়াৰ পকেটৰ সৃষ্টি কৰিলে আৰু তাৰ বাবেই কোয়া মৃত্যুৰ মুখৰ পৰা উভতি আহিল। প্ৰশাসনে অভিযুক্ত পিতৃৰ বিৰুদ্ধে হত্যাৰ চেষ্টাকে ধৰি একাধিক কঠোৰ ধাৰাত গোচৰ ৰুজু কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।





