দীপাৱলীৰ ছুটীৰ সময়ত আঢ়ৈ বছৰীয়া কন্যাক লৈ পিতৃৰ ঘৰলৈ গৈছিল। ৩৫ বছৰীয়া বৰ্ষা তুৰ্কাৰে উৎসৱৰ দিনকেইটা পৰিয়ালৰ সৈতে কটাবলৈ পৰিকল্পনা কৰিছিল। কিন্তু সেই আনন্দময় ভ্ৰমণৰ অন্ত পৰিল মৰ্মান্তিক পৰিণতিত।
শনিবাৰে দুপৰীয়া বন্ধু এজনৰ লগত তেওঁ ওলাই গৈছিল। কেইঘণ্টামান পিছত তেওঁৰ বন্ধুৱে ঘৰলৈ ফোন কৰি ক’লে যে মুখা পিন্ধা দুষ্কৃতিকাৰীয়ে তেওঁলোকক আক্ৰমণ কৰিছে। লুটপাত চলোৱা হৈছে। পৰিয়ালটোৱে সেই স্থানত উপস্থিত হোৱাৰ লগে লগে বৰ্ষাক ৰক্তাক্ত অৱস্থাত পৰি থকা দেখে। চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁক বচাব পৰা নগ’ল।
মহাৰাষ্ট্ৰৰ গাণ্ডিয়া জিলাৰ জংঘলত ইণ্ডিগো কৰ্মীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই হত্যাৰ সন্দেহৰ সূচনা কৰিছে। চোকা অস্ত্ৰৰে তেওঁক হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে বৰ্ষাৰ লগত থকা বন্ধু নিতেশ আগৰৱালক আটক কৰি জেৰা কৰিছে আৰক্ষীয়ে।
সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি বৰ্ষাই পুনে বিমানবন্দৰৰ ইণ্ডিগোৰ টিকট কাউণ্টাৰত কাম কৰিছিল। দীপাৱলী উপলক্ষে তেওঁ মধ্যপ্ৰদেশৰ বালাঘাট জিলাৰ পিতৃ ঘৰলৈ যায়। ২০২৪ চনত তেওঁ বিবাহপাশত আবদ্ধ হয়। বৰ্তমান স্বামী ইন্দোৰত থাকে। আঢ়ৈ বছৰীয়া ছোৱালীজনীক লৈ বৰ্ষা পৰিয়ালৰ সৈতে উৎসৱ উদযাপন কৰিবলৈ আহিছিল।
শনিবাৰে (১৪ নৱেম্বৰ) বিয়লি প্ৰায় ৪ বজাত বৰ্ষাই চিনাকি নিতেশ আগৰৱালাৰ সৈতে ঘৰৰ পৰা ওলাই যায়। দুয়োজনে ৱেনগংগা নদীৰ পাৰত খোজ কাঢ়িবলৈ গৈছিল। মহাৰাষ্ট্ৰৰ গাণ্ডিয়া জিলাৰ বন্দাৰণি বনাঞ্চলৰ সমীপত, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ সীমান্তত এই স্থান।
ইয়াৰ পিছতে পৰিস্থিতি সলনি হ’ল। কেইঘণ্টামান পিছত নিতেশে বৰ্ষাৰ পৰিয়াললৈ ফোন কৰিলে। একাংশ মুখা পিন্ধা দুষ্কৃতিকাৰীয়ে তেওঁলোকক আক্ৰমণ কৰা বুলি দাবী কৰে। লগতে লুটপাত কৰাৰো দাবী কৰিছিল। খবৰ পোৱাৰ লগে লগে পৰিয়ালৰ লোকে সেই স্থানত উপস্থিত হয়। ৰক্তাক্ত অৱস্থাত বর্ষাক উদ্ধাৰ কৰি খাইৰলাঞ্জীৰ এটা সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়৷ কিন্তু ডাক্তৰে তেওঁক মৃত বুলি ঘোষণা কৰে।
নিতেশৰ দাবী যে অচিনাক্ত দুষ্কৃতিকাৰীয়ে দুয়োকে আক্ৰমণ কৰিছিল। কিন্তু তেওঁৰ এই ভাষ্যই তদন্তকাৰীৰ মাজত সন্দেহৰ সৃষ্টি কৰিছে। বৰ্ষাৰ ওপৰত আক্ৰমণৰ কথা কোৱাৰ পিছতো নিতেশৰ শৰীৰত কোনো আঘাতৰ চিন নাই বুলি আৰক্ষীৰ দৃষ্টিগোচৰ হৈছে। খবৰ অনুসৰি তেওঁৰ ভাষ্যত কেইবাটাও বিসংগতি ধৰা পৰিছে। ইয়াৰ পিছতে তেওঁক আটক কৰি সোধা-পোছা কৰা হয়।
প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে অনুমান কৰে যে বৰ্ষাৰ চোকা অস্ত্ৰৰ আঘাতত মৃত্যু হৈছে । কিন্তু এই আক্ৰমণৰ আঁৰত ডকাইতি, ব্যক্তিগত শত্ৰুতা বা আন কোনো কাৰণ আছিল নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। তদন্তকাৰীয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ অপেক্ষা কৰি আছে।
এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে দৱানৱাড়া থানাৰ আৰক্ষীয়ে। নিতেশৰ বিৰুদ্ধে এতিয়ালৈকে কোনো অপৰাধ প্ৰমাণিত হোৱা নাই। তেওঁৰ বক্তব্য আৰু ঘটনাস্থলীৰ পৰা পোৱা তথ্য একত্ৰিত কৰি মৃত্যুৰ কাৰণ জানিবলৈ চেষ্টা চলোৱা হৈছে।





