নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ আগন্তুক প্ৰথম দ্বিপাক্ষিক ভাৰত ভ্ৰমণক লৈ কূটনৈতিক আৰু ৰাজনৈতিক মহলত তীব্ৰ কৌতুহল আৰু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণত অহা ২২ আৰু ২৩ নৱেম্বৰত নতুন দিল্লী ভ্ৰমণৰ কথা। অৱশ্যে সকলোকে আচৰিত কৰি নেপালৰ প্ৰধানমন্ত্ৰীয়ে পূৰ্বে নিৰ্ধাৰিত তিনিদিনীয়া ভ্ৰমণৰ সময়সূচী মাত্ৰ ২৫ ঘন্টালৈ কৰ্তন কৰিছে।
বেংগালুৰু, আহমেদাবাদ আৰু উত্তৰাখণ্ড ভ্ৰমণৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্যসূচী ভ্ৰমণৰ সূচীৰ পৰা বাদ দিয়া হৈছে। কিন্তু এই ভ্ৰমণ চুটি হ’লেও ভাৰতৰ পৰা নেপালৰ আৰ্থিক দাবী একেবাৰে সৰু নহয়। কাঠমাণ্ডুয়ে নতুন দিল্লীৰ পৰা প্ৰায় ২ বিলিয়ন মাৰ্কিন ডলাৰ বা ভাৰতীয় মুদ্ৰাত প্ৰায় ১৮ হাজাৰ কোটি টকাৰ বিশাল আৰ্থিক পেকেজ বিচাৰিব বুলি জানিব পৰা গৈছে।
২২ নৱেম্বৰৰ বিয়লি নতুন দিল্লীত ভৰি দিব বলেন্দ্ৰ শ্বাহে আৰু ২৩ নৱেম্বৰৰ বিয়লি কাঠমাণ্ডুলৈ উভতি যোৱাৰ কথা।এই ভ্ৰমণৰ সময়ত তেওঁ কেৱল ৰাজধানী নতুন দিল্লীতে নিজৰ কাম-কাজ সীমিত কৰিব। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সৌজন্যমূলক সাক্ষাতৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে প্ৰায় ৩০ মিনিটৰ বাবে ব্যক্তিগত বৈঠক আৰু প্ৰতিনিধি পৰ্যায়ৰ আলোচনা হোৱাৰ কথা।
সাধাৰণতে নেপালৰ প্ৰধানমন্ত্ৰীসকলৰ প্ৰথম ভাৰত ভ্ৰমণ তিনি-চাৰি দিনৰ বাবে হয় আৰু দিল্লীৰ বাহিৰৰ বিভিন্ন ৰাজ্যত তেওঁলোকৰ কাৰ্যসূচী থাকে। কিন্তু কাঠমাণ্ডুৰ প্ৰাক্তন মেয়ৰ তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ এই হঠাৎ সিদ্ধান্ত পৰিৱৰ্তনক কেন্দ্ৰ কৰি বিভিন্ন প্ৰশ্ন উত্থাপিত হ’বলৈ আৰম্ভ কৰিছে।
একাংশ কূটনৈতিক বিশ্লেষকৰ মতে, পুৱাৰে পৰা সন্ধিয়ালৈ নেপালৰ ভ্ৰমণৰ সময়সূচী যিদৰে সলনি হৈ আছে, নেপথ্যত আন কোনোবাই নেপালৰ আভ্যন্তৰীণ ৰাজনীতিত মূৰ সুমুৱাইছে নেকি সেই প্ৰশ্নটো অধিক শক্তিশালী হৈ পৰিছে। কিন্তু এই ভ্ৰমণ চুটি হ’লেও আৰ্থিক দাবীৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰেহাই দিবলৈ অনিচ্ছুক কাঠমাণ্ডু।
প্ৰাপ্ত তথ্য অনুসৰি নেপালে ভাৰতৰ পৰা বিচৰা ২ বিলিয়ন ডলাৰৰ আৰ্থিক সাহায্যৰ ভিতৰত আছে ১ বিলিয়ন ডলাৰৰ সহজ চৰ্তৰ ঋণ, ৫০ কোটি ডলাৰৰ প্ৰত্যক্ষ অনুদান আৰু ২৬ আগষ্টৰ বিধ্বংসী বানৰ পিছত পুনৰ নিৰ্মাণৰ কামৰ বাবে আন ৫০ কোটি ডলাৰ।
ইয়াৰ উপৰিও নেপালৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰসমূহৰ বাবে ভাৰতীয় আকাশমাৰ্গত সহজ প্ৰৱেশ, জলবিদ্যুৎ প্ৰকল্পত সহযোগিতা আৰু দীৰ্ঘদিনীয়া স্থবিৰ হৈ থকা দ্বিপাক্ষিক প্ৰকল্পসমূহ আগবঢ়াই নিয়াৰ বিষয়তো আলোচনা অনুষ্ঠিত হ’ব। এফালে দ্বিপাক্ষিক ভ্ৰমণৰ পৰিসৰ কেৱল আনুষ্ঠানিকতালৈ হ্ৰাস কৰি, আনফালে ভাৰতৰ পৰা হাজাৰ হাজাৰ কোটি টকাৰ অনুদান আৰু ঋণৰ দাবী এই দুই পৰস্পৰ বিৰোধী স্থিতিক কেন্দ্ৰ কৰি নতুন দিল্লীৰ ভিতৰতো এক সুক্ষ্ম বিশ্লেষণ আৰম্ভ হৈছে।
বিশেষজ্ঞসকলৰ মতে, নেপালৰ ৰাজনৈতিক অস্থিৰতা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অনিশ্চয়তাৰ মাজত ভাৰতে ইমান বৃহৎ পৰিমাণৰ ধন আবণ্টন কৰাটো কিমান যুক্তিসংগত হ’ব, সেই বিষয়ে চিন্তা কৰাৰ যথেষ্ট ঠাই আছে। আগষ্ট মাহত হোৱা ভয়াৱহ বানপানীয়ে ৰসুৱা-ভোটকোশি কৰিড’ৰ ক্ষতিগ্ৰস্ত কৰাৰ পিছত চীনৰ সৈতে নেপালৰ স্থল বাণিজ্য কাৰ্যতঃ বিচ্ছিন্ন হৈ পৰিছিল আৰু ভাৰতে প্ৰথমে সাহায্য আৰু উদ্ধাৰকাৰী দল প্ৰেৰণ কৰি নেপালৰ কাষত থিয় দিছিল।
ভৌগোলিক অৱস্থানৰ বাবে নেপাল এতিয়াও আমদানিৰ বৃহৎ অংশ ভাৰতৰ ওপৰত নিৰ্ভৰশীল। এনে পৰিস্থিতিত ভাৰতে নেপালৰ উন্নয়নত সদায় প্ৰতিবেশী প্ৰথম নীতিৰ অধীনত হাত আগবঢ়াই আহিছে।
কিন্তু ভ্ৰমণসূচী হঠাৎ কৰ্তন আৰু আঁৰৰ ৰাজনৈতিক সমীকৰণ স্পষ্ট নোহোৱালৈকে নতুন দিল্লীয়ে ইমান বৃহৎ ধনৰ প্ৰতিশ্ৰুতি দিব নে দীৰ্ঘম্যাদী কৌশলগত স্বাৰ্থ আৰু স্বচ্ছতা সুনিশ্চিত কৰাৰ সমান্তৰালভাৱে ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে সেয়া লক্ষণীয়। ২৩ নৱেম্বৰত মোডী আৰু শ্বাহৰ বৈঠকৰ পাছতহে স্পষ্ট হ’ব যে এই ২৫ ঘণ্টীয়া চমু ভ্ৰমণত দ্বিপাক্ষিক সম্পৰ্কৰ বৰফ কিমান গলে আৰু শেষত নেপালৰ বিশাল আৰ্থিক দাবী সন্দৰ্ভত ভাৰতে কি সিদ্ধান্ত লয়।





