• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুঃসাহসী ৰূপা কলিতাই এতিয়াও ডিলিট নকৰিলে পোষ্ট; ছ’চিয়েল মিডিয়াত ‘আমছু’ক তুলাধূনা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 3, 2018 10:27 pm
RupaKalita

আৰক্ষীৰ সৈতে ৰূপা কলিতা।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দু আৰু ইচলাম ধৰ্মীয় গোড়ামিক আঙুলিয়াই দি ফেইচবুকত কঠোৰ সমালোচনামূলক এটা পোষ্ট দিয়া বাবেই তেজপুৰৰ ৰূপা কলিতা নামৰ এগৰাকী মহিলা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰৰ বলি হোৱা ঘটনাটোক লৈ সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে আমছুৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ২ জুলাইত ৰূপা কলিতাক গ্ৰেপ্তাৰ কৰিছিল। অৱশ্যে ৩ জুলাইৰ আবেলি আমছুৰ কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্তমৰ্মে মহিলাগৰাকীক এৰি দিয়া হৈছে বুলি খবৰ পোৱা গৈছে।

Apply Now

কিন্তু ৰূপা কলিতাৰ বিৰুদ্ধে গোচৰ দিয়া আৰু তেওঁক আটক কৰাৰ ক্ষেত্ৰত আৰক্ষী-প্ৰশাসনে দেখুওৱাৰ তৎপৰতাৰ আঁৰত ৰাইজে অন্য গোন্ধ পাইছে। ব্যাপক সংখ্যক ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰকাৰীয়ে প্ৰশ্ন কৰিছে যে দৈনিক সাম্প্ৰদায়িক মন্তব্যৰে খোদ মন্ত্ৰী-বিধায়ক আৰু তেওঁলোকৰ সমৰ্থকসকলে সমাজত সাম্প্ৰদায়িক বিষবাষ্প ছটিয়াই থকাৰ পিছতো এটা সামান্য আৰু অসাম্প্ৰদায়িক ধৰণৰ পোষ্টৰ বাবে ৰূপা কলিতাক গ্ৰেপ্তাৰ কৰাৰ আঁৰৰ ৰহস্য কি?

RupaKalita_Post
ৰূপা কলিতাৰ পোষ্টটো। উৎস : ফেইচবুক।

আনহাতে সম্প্ৰীতিৰ নিদৰ্শনেৰে ভৰি থকা অসমখনত বিজেপিৰ বিধায়ক শিলাদিত্য দেবৰ দৰে ৰাজনীতিকে বহু সময়ত ইচলাম সম্প্ৰদায়ক লৈ অতি সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে। তাৰ পিছতো আমছুৱে কিন্তু বিধায়কজনৰ বিৰুদ্ধে গোচৰ দিয়া নাছিল। কিন্তু ইচলাম ধৰ্মৰ বোৰ্খা প্ৰথা আৰু মচজিদত নাৰীৰ প্ৰৱেশত থকা বাধাক লৈ কৰা মন্তব্যৰ বাবে আমছুৱে ৰূপা কলিতাৰ বিৰুদ্ধে গোচৰ দিয়াত সকলো আচৰিত হৈছে।

আন বহুতে আমছুৰ এই গোচৰৰ আঁৰত ৰাজনৈতিক হাতোৰা থকাৰ সন্দেহ প্ৰকাশ কৰিছে। জানিব পৰামতে, ৰূপা কলিতাই বিজেপি চৰকাৰখনৰ হঠকাৰী সিদ্ধান্তবোৰক নিজৰ পোষ্টৰ জৰিয়তে কঠোৰ সমালোচনা কৰি আহিছে দীৰ্ঘদিনৰ পৰা।

গতিকে ইয়াত চৰকাৰত থকা দল আৰু নেতাৰ ভূমিকা থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেবে আছুক ‘আন্দোলন কৰিবলৈ টকা ক’ত পায়’ বুলি কৰা প্ৰশ্নৰ প্ৰসংগত ৰূপা কলিতাই ২ জুলাইতো এটা পোষ্ট দিছিল এইদৰে, “মাননীয় সৰ্বা চাৰ,শিলাদিত্যক উত্তৰটো আপুনিয়ে দি দিয়ক আছুয়ে আন্দোলন কৰিবলৈ টকা ক’ত পায়।এসময়ত আপুনিও যিহেতু সভাপতি আছিল। আমিও জানিম।”

আনহাতে ৰূপা কলিতাৰ যিটো পোষ্টৰ বাবে আমছুৱে গোচৰ দিছিল সেইটো আছিল এনে ধৰণৰ, “এনে পুৰোহিতক পিটি পিটি ছাল এৰুৱাই দিব লাগে।শ্ৰেণীবিভাজনৰ বাবেই মোৰ এই ধৰ্ম -চৰ্মবোৰ ভাল নালাগে।আচলতে ইহঁতবোৰৰ বাবেই হিন্দু ধৰ্ম সংকটক পৰিব এদিন।এনে নিন্দা আৰু অৱহেলাৰ বাবেই খ্ৰীষ্টান ধৰ্মলৈ গতি কৰিছে।
আৰু মুছলমান সকলক কৈছো দেই মহিলাৰ পেটৰ পৰা জন্ম লবলৈ খুব ভাল ন?কিন্তু মছজিদত মহিলা গলে বেয়া ন?এতিয়াও মহিলাক পৰ্দা প্ৰথাৰ মাজত আবদ্ধ কৰি কেৱল সন্তান জন্ম দিয়া মেচিন বনাই ৰাখিছাহক।
এই লেতেৰা মনোভাৱবোৰ ৰাখি যিমানেই অমৰনাথ আৰু হজ যাত্ৰা নকৰা কিয়’ স্বৰ্গ বা বেহেস্তত স্থান পাবা জানো?
মই খ্ৰীষ্টানৰ ধৰ্মীয় আগ্ৰাসী মনোভাৱকো ঘিণ কৰোঁ কিন্তু।”

ইয়াত সমালোচনাৰ প্ৰধান লক্ষ্য আছিল অলপতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক পুৰীৰ মন্দিৰৰ পুৰোহিতে দলিত হোৱা বাবেই ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিয়া ঘটনাটো। ইয়াৰ বাবে পুৰোহিতজনক পিটিব লাগে বুলি কৈছিল ৰূপা কলিতাই।

মন কৰিব লগীয়া কথাটো হ’ল ৰূপা কলিতাৰ সাহস। প্ৰায়ে এইটো দেখা যায় যে বিতৰ্কিত হৈ পৰা পোষ্ট এটাক লৈ যেতিয়া কোনোবাই গোচৰ দিয়ে বা আনক ভাবুকি দিয়া পোষ্টক লৈ যেতিয়া আইনৰ কথা আহি পৰে, তেতিয়াই পোষ্ট মচি দিয়ে দিওঁতাজনে। কিন্তু ৰূপা কলিতাই এতিয়াও তেওঁৰ টাইম লাইনৰ পৰা উক্ত পোষ্টটো মচা নাই। বৰং তেওঁ আৰক্ষীৰ সৈতে যাবলৈ লওঁতেও “ভাৰতৰ ৰাজনীতিত নতুন মোৰ। বাকস্বাধীনতা হৰণ” বুলি এটা পোষ্ট দিহে গৈছে।

ইফালে ৰূপা কলিতাক নতুন প্ৰজন্মৰ উদাৰনৈতিক বহুতো ইচলামধৰ্মী যুৱক-যুৱতীয়ে সমৰ্থন কৰা দেখা গৈছে আৰু ছ’চিয়েল মিডিয়াত আমছুক সমালোচনা কৰাও দেখা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd