• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১২ ডিচেম্বৰত উকলিব ৩০ বছৰীয়া গংগা জলবণ্টন চুক্তি: মাজত মাত্ৰ ১৯ দিন থকা অৱস্থাত ১৯৭৭ চনৰ ‘গ্যাৰাণ্টী ক্লজ’ ঘূৰাই বিচাৰিছে বাংলাদেশে

১৯৯৬ চনৰ ভাৰত-বাংলাদেশ গংগা জলবণ্টন চুক্তিৰ ৩০ বছৰীয়া ম্যাদ অহা ১২ ডিচেম্বৰত অন্ত পৰিবলৈ মাজত মাত্ৰ ১৯ দিন বাকী থকা অৱস্থাত খৰালি কালত ভাৰতৰ পৰা ন্যূনতম পৰিমাণৰ পানী লাভৰ নিশ্চয়তা ঘূৰাই আনিবলৈ উদ্যোগ লৈছে বাংলাদেশে। ইয়াৰ মাজতে ঢাকাত দুই দেশৰ যুটীয়া নদী আয়োগৰ বৈঠক চলি থাকিলেও চুক্তিৰ পুনৰ নবীকৰণ সন্দৰ্ভত নতুন দিল্লীয়ে এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2026 4:31 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৯৬ চনৰ ঐতিহাসিক ভাৰত-বাংলাদেশ গংগা জলবণ্টন চুক্তিৰ ৩০ বছৰীয়া ম্যাদ অহা ১২ ডিচেম্বৰত উকলিবলৈ মাজত মাত্ৰ ১৯ দিন বাকী আছে। এই সময়সীমা শেষ হোৱাৰ পূৰ্বেই বাংলাদেশে খৰালি কালত ভাৰতৰ ফালৰ পৰা ন্যূনতম পৰিমাণৰ পানী এৰি দিয়াৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ ৰাজহুৱাভাৱে নিজৰ দাবী উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ মাজতে দুই দেশৰ যুটীয়া নদী আয়োগৰ বৈঠক চলি থাকিলেও চুক্তিৰ পুনৰ নবীকৰণ চূড়ান্ত কৰা সন্দৰ্ভত নতুন দিল্লীয়ে এতিয়াও কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই।

 

Apply Now

১৯৯৬ চনৰ ১২ ডিচেম্বৰত স্বাক্ষৰিত এই চুক্তি অনুসৰি, প্ৰতি বছৰে ১ জানুৱাৰীৰ পৰা ৩১ মে’ পৰ্যন্ত (খৰালি কাল হিচাপে গণ্য কৰা হয়) পানীৰ প্ৰবাহৰ মাত্ৰা জুখি ফৰাক্কা জলাধাৰৰ পৰা ১০ দিনৰ অন্তৰে অন্তৰে পানী এৰি দিয়া হয়। চুক্তিখনৰ দ্বাদশ অনুচ্ছেদত উল্লেখ আছে যে ৩০ বছৰৰ পাছত পাৰস্পৰিক সন্মতিৰ ভিত্তিত ইয়াৰ পুনৰ নবীকৰণ কৰিব পৰা যাব। অৱশ্যে স্বয়ংক্ৰিয়ভাৱে চুক্তিৰ ম্যাদ বৃদ্ধি হোৱাৰ কোনো ব্যৱস্থা ইয়াত নাই। যাৰ ফলত সময়সীমা শেষ হোৱাৰ ঠিক আগমুহূৰ্তত নতুন চুক্তি অথবা পুনৰ নবীকৰণৰ বিষয়ত দ্ৰুতগতিত আলোচনাত বহিবলৈ আগ্ৰহী হৈ পৰিছে বাংলাদেশ।

 

ইফালে, যোৱা ২২ নৱেম্বৰ দেওবাৰৰ পৰা ঢাকাত ভাৰত আৰু বাংলাদেশৰ যুটীয়া নদী আয়োগে গঠন কৰা বিশেষ সমিতিৰ দুদিনীয়া বৈঠক আৰম্ভ হৈছে। বৰ্তমানৰ চুক্তিৰ নিয়মীয়া নিৰীক্ষণ প্ৰক্ৰিয়াৰ অংশ হিচাপে আয়োজিত এই বৈঠকত ২০২৬ বৰ্ষত চুক্তি ৰূপায়ণৰ বাৰ্ষিক প্ৰতিবেদন চূড়ান্ত কৰা হৈছে যদিও পৰৱৰ্তী চুক্তি সন্দৰ্ভত কোনো আলোচনা হোৱা নাই। আনুষ্ঠানিক পুনৰ নবীকৰণ আলোচনাৰ দিন-বাৰ এতিয়াও চূড়ান্ত নকৰা ভাৰতৰ স্থিতি স্পষ্ট কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে পানী সম্পৰ্কীয় আলোচনাত যুটীয়া নদী আয়োগেই নেতৃত্ব দিব। তেওঁ লগতে স্পষ্ট কৰে যে ভাৰতৰ স্বাৰ্থ সুৰক্ষিত ৰাখিয়েই চুবুৰীয়া ৰাষ্ট্ৰখনৰ সৈতে আলোচনাত বহা হ’ব।

 

চুক্তিৰ পুনৰ নবীকৰণক লৈ ভাৰতৰ চূড়ান্ত প্ৰতিক্ৰিয়া এতিয়াও পোৱা নাযায় যদিও বাংলাদেশে ইতিমধ্যেই নিজৰ স্থিতি স্পষ্ট কৰি দিছে। বাংলাদেশৰ জলসম্পদ মন্ত্ৰী শ্বহীদ উদ্দিন চৌধুৰী এনিয়ে কয় যে ১৯৭৭ চনৰ চুক্তিত থকা ‘গ্যাৰাণ্টী ক্লজ’ অৰ্থাৎ নিশ্চয়তাৰ দফাটো ঘূৰাই অনাটোৱেই তেওঁলোকৰ মূল লক্ষ্য হ’ব। সেই দফা অনুসৰি, খৰালি কালত বাংলাদেশৰ বাবে ন্যূনতম পৰিমাণৰ পানী এৰি দিবলৈ ভাৰত বাধ্য আছিল। কিন্তু ১৯৯৬ চনৰ চুক্তিত এই নিশ্চয়তা প্ৰদানকাৰী দফাটো বাদ পৰিছিল আৰু এতিয়া পুনৰ সেই দফাটো সংযোজন কৰিবলৈ উদ্যোগী হৈছে ঢাকা।

 

আলোচনাৰ প্ৰস্তুতিৰ বাবে বাংলাদেশ চৰকাৰে প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ অৰ্থ আৰু পৰিকল্পনা উপদেষ্টাৰ নেতৃত্বত ১০ জনীয়া এখন উচ্চস্তৰীয় কাৰিকৰী সমিতি গঠন কৰিছে। ঢাকাৰ ফালৰ পৰা নতুন দিল্লীকো নিজাববীয়াকৈ এখন কাৰিকৰী সমিতি গঠন কৰিবলৈ অনুৰোধ জনোৱা হৈছে। তদুপৰি যোৱা ১৭ নৱেম্বৰত বাংলাদেশৰ জলসম্পদ মন্ত্ৰী শ্বহীদ উদ্দিনে কূটনৈতিক মাধ্যমৰে ভাৰতৰ জলসম্পদ মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি দ্ৰুতগতিত আলোচনা আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছে যদিও এই পত্ৰৰ উত্তৰ সম্পৰ্কে এতিয়াও একো জানিব পৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২ ডিচেম্বৰত উকলিব ৩০ বছৰীয়া গংগা জলবণ্টন চুক্তি: মাজত মাত্ৰ ১৯ দিন থকা অৱস্থাত ১৯৭৭ চনৰ ‘গ্যাৰাণ্টী ক্লজ’ ঘূৰাই বিচাৰিছে বাংলাদেশে

১২ ডিচেম্বৰত উকলিব ৩০ বছৰীয়া গংগা জলবণ্টন চুক্তি: মাজত মাত্ৰ ১৯ দিন থকা অৱস্থাত ১৯৭৭ চনৰ ‘গ্যাৰাণ্টী ক্লজ’ ঘূৰাই বিচাৰিছে বাংলাদেশে

November 23, 2026 4:31 pm
যোগীক ৰুধিবলৈ দিল্লীত বৈঠক! ২০২৭ৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ আসন বুজাবুজিৰ প্ৰথম পৰ্যায় সফল সমাজবাদী ‎পাৰ্টি-কংগ্ৰেছৰ

যোগীক ৰুধিবলৈ দিল্লীত বৈঠক! ২০২৭ৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ আসন বুজাবুজিৰ প্ৰথম পৰ্যায় সফল সমাজবাদী ‎পাৰ্টি-কংগ্ৰেছৰ

November 23, 2026 3:38 pm
মহানগৰীত এটি গীতৰ দিন ‘পৰিচয়বিহীন যাযাবৰ নগৰী’ উদযাপন

মহানগৰীত এটি গীতৰ দিন ‘পৰিচয়বিহীন যাযাবৰ নগৰী’ উদযাপন

November 23, 2026 2:35 pm
মংগলসূত্ৰ বন্ধকত থৈ পিষ্টল কিনাৰ টকা যোগাৰ; স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ মহিলা, দুই প্ৰেমিক

মংগলসূত্ৰ বন্ধকত থৈ পিষ্টল কিনাৰ টকা যোগাৰ; স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ মহিলা, দুই প্ৰেমিক

November 23, 2026 1:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২ ডিচেম্বৰত উকলিব ৩০ বছৰীয়া গংগা জলবণ্টন চুক্তি: মাজত মাত্ৰ ১৯ দিন থকা অৱস্থাত ১৯৭৭ চনৰ ‘গ্যাৰাণ্টী ক্লজ’ ঘূৰাই বিচাৰিছে বাংলাদেশে

১২ ডিচেম্বৰত উকলিব ৩০ বছৰীয়া গংগা জলবণ্টন চুক্তি: মাজত মাত্ৰ ১৯ দিন থকা অৱস্থাত ১৯৭৭ চনৰ ‘গ্যাৰাণ্টী ক্লজ’ ঘূৰাই বিচাৰিছে বাংলাদেশে

November 23, 2026 4:31 pm
যোগীক ৰুধিবলৈ দিল্লীত বৈঠক! ২০২৭ৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ আসন বুজাবুজিৰ প্ৰথম পৰ্যায় সফল সমাজবাদী ‎পাৰ্টি-কংগ্ৰেছৰ

যোগীক ৰুধিবলৈ দিল্লীত বৈঠক! ২০২৭ৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ আসন বুজাবুজিৰ প্ৰথম পৰ্যায় সফল সমাজবাদী ‎পাৰ্টি-কংগ্ৰেছৰ

November 23, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd