নেপাল অবিহনে ভাৰতৰ ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্য আধৰুৱা বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোমবাৰে নতুন দিল্লীত নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ সৈতে হোৱা দ্বিপাক্ষিক আলোচনাৰ পিছত এই মন্তব্য কৰে মোদীয়ে। ভাৰত আৰু নেপালৰ মাজৰ ঐতিহাসিক, সাংস্কৃতিক আৰু ধৰ্মীয় সম্পৰ্কৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘নেপাল অবিহনে আমাৰ ৰামো আধৰুৱা।’
দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অযোধ্যা আৰু নেপালৰ জনকপুৰ ধামৰ মাজত নতুন ৰে’লসেৱা ‘সৰযূ–কমলা এক্সপ্ৰেছ’ৰো শুভাৰম্ভ কৰা হয়। ভাৰতীয় ৰে’লৱেৰ এই নতুন সেৱাই উত্তৰ প্ৰদেশৰ অযোধ্যাক নেপালৰ জনকপুৰৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰিব। দুয়োখন দেশৰ ধৰ্মীয় পৰ্যটন আৰু যাতায়াত ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰাই দিয়ে যে ২০১৮ চনত তেওঁৰ জনকপুৰ ভ্ৰমণৰ সময়তো ভাৰত আৰু নেপালৰ ধৰ্মীয় সম্পৰ্কৰ কথা উল্লেখ কৰি একেধৰণৰ মন্তব্য কৰিছিল। তেওঁ কয় যে ভাৰত আৰু নেপালৰ সম্পৰ্ক কেৱল দুখন চুবুৰীয়া দেশৰ কূটনৈতিক সম্পৰ্কতে সীমাবদ্ধ নহয়। দুয়োখন দেশৰ ইতিহাস, বিশ্বাস, সংস্কৃতি আৰু জনসাধাৰণৰ মাজত থকা নিবিড় সম্পৰ্কই এই বন্ধন অধিক শক্তিশালী কৰি তুলিছে। ৰাম আৰু সীতাৰ কাহিনী দুয়োখন দেশৰ উমৈহতীয়া সভ্যতা আৰু বিশ্বাসৰ প্ৰতীক বুলিও মন্তব্য কৰে মোদীয়ে।
ৰে’লৱেৰ সূত্ৰ অনুসৰি, প্ৰায় ৬০৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে’লপথে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ কেইবাখনো গুৰুত্বপূৰ্ণ চহৰ সংযোগ কৰিব। গোৰখপুৰ, বস্তি, ৰাক্সৌল, সীতামঢ়ী, মধুবনী আৰু জয়নগৰকে ধৰি কেইবাটাও ষ্টেচনত ৰখাব এই ৰে’লগাড়ীখন। যাত্ৰাৰ বাবে প্ৰায় ১৯ ঘণ্টা সময় লাগিব। সপ্তাহত এবাৰ চলাচল কৰিবলগীয়া ৰে’লখন অযোধ্যাৰ পৰা সোমবাৰে আৰু জনকপুৰৰ পৰা শনিবাৰে যাত্ৰা আৰম্ভ কৰিব।
ইফালে, ভাৰত আৰু নেপালৰ অৰ্থনৈতিক তথা উন্নয়নমূলক সহযোগিতা বৃদ্ধিৰ বাবেও কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। নেপালৰ পুনৰ্নিৰ্মাণ আৰু দীৰ্ঘম্যাদী উন্নয়নৰ বাবে ২৪ হাজাৰ কোটি নেপালী টকাৰ উন্নয়ন সহযোগিতা পেকেজ ঘোষণা কৰে ভাৰতে। বানপানীত ক্ষতিগ্ৰস্ত নেপালৰ পুনৰ্নিৰ্মাণৰ ক্ষেত্ৰতো ভাৰতে সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে মোদীয়ে।
ইয়াৰ উপৰি উত্তৰাখণ্ড আৰু নেপালৰ মাজত ধাৰচুলা পথ-সেতু মুকলি কৰাৰ লগতে বানবাসাত সংহত পৰীক্ষণ কেন্দ্ৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। নেপালৰ জলবিদ্যুৎ খণ্ডৰ উন্নয়নৰ বাবেও সহযোগিতা অব্যাহত ৰখাৰ কথা ঘোষণা কৰে ভাৰতে। লগতে নেপালৰ বাণিজ্যিক যাতায়াতৰ সুবিধাৰ বাবে ভাৰতৰ কাণ্ডলা আৰু পাৰাদ্বীপ বন্দৰ ব্যৱহাৰৰ সুবিধা প্ৰদানৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।





