• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, November 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শান্তিৰ দূত প্ৰাক্তন আৰ্চবিচপ থমাছ মেনামপাৰামপিলৰ দেহাৱসান

মেনামপাৰামপিলৰ ৯০ বছৰ বয়সত দেহাৱসান ঘটা থমাছে উত্তৰ-পূবত শান্তি আৰু সম্প্ৰীতিৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়াইছিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2026 1:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শান্তিৰ দূত স্বৰূপ গুৱাহাটীৰ প্ৰাক্তন আৰ্চবিচপ থমাছ মেনামপাৰামপিলৰ আজি ২৫ নৱেম্বৰ তাৰিখে ৯০ বছৰ বয়সত দেহাৱসান ঘটে। হায়দৰাবাদৰ এখন ব্যক্তিগত খণ্ডৰ চিকিত্সালয়ত চিকিৎসাধীন অৱস্থাত তেখেতে শেষ নিঃশ্বাস ত্যাগ কৰে। ১৯৩৬ চনৰ ২২ অক্টোবৰত কেৰালাৰ পালাত জন্মগ্ৰহণ কৰা থমাছ মেনামপাৰামপিলে ২০১২ চনৰ ১৮ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ ১১ বছৰ ডিব্ৰুগড়ৰ বিচপ আৰু ২০ বছৰ গুৱাহাটীৰ বিচপ তথা আৰ্চবিচপ হিচাপে সেৱা আগবঢ়াইছিল। অসম তথা সমগ্ৰ উত্তৰ-পূবত গোষ্ঠীগত সংঘাত নিবাৰণ আৰু শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেখেতৰ অৱদান আছিল অতুলনীয়।

 

Apply Now

মেনামপাৰামপিলে কংগ্ৰিগেশ্যন অৱ দ্য ছেলছিয়ানছ অৱ ডন বস্ক’ত যোগদান কৰি ১৯৫৫ চনৰ ২৪ মে’ত ধৰ্মীয় জীৱনৰ পাতনি মেলিছিল। দৰ্শন আৰু কেথলিক ধৰ্মতত্ত্ব অধ্যয়নৰ পাছত ১৯৬৫ চনৰ ২ মে’ত বিচপ ষ্টিফেন ফেৰাণ্ডোৰ দ্বাৰা তেওঁ যাজক হিচাপে অভিষিক্ত হয়। ১৯৬৯–৭০ চনত তেওঁ ইতিহাস আৰু ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত ১৯৭২ৰ পৰা ১৯৭৪ চনলৈ গুৱাহাটীত ভাইচ-প্ৰভিন্সিয়েল আৰু ১৯৭৫ৰ পৰা ১৯৮১ চনলৈ শ্বিলঙৰ ডন বস্ক’ টেকনিকেল স্কুলৰ ৰেক্টৰ অৰ্থাৎ মুখ্য পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰে।

 

১৯৮১ চনৰ ১৯ জুনত পোপ দ্বিতীয় জন পলে তেওঁক ডিব্ৰুগড় ডায়’চিছৰ বিচপ হিচাপে নিযুক্তি দিয়ে আৰু সেই বছৰৰে ২৯ নৱেম্বৰত আৰ্চবিচপ হিউবাৰ্ট ডি’ৰোজাৰিঅ’ৰ দ্বাৰা তেখেত অভিষিক্ত হয়। পাছলৈ ১৯৯২ চনৰ ৩০ মাৰ্চত তেওঁ নৱগঠিত গুৱাহাটী ডায়’চিছৰ বিচপ হিচাপে দায়িত্ব গ্ৰহণ কৰে আৰু ১৯৯৫ চনৰ ১০ জুলাইত গুৱাহাটীৰ আৰ্চবিচপ পদলৈ উন্নীত হয়। ২০১২ চনৰ ১৮ জানুৱাৰীত পোপ ষোড়শ বেনেডিক্টে তেওঁৰ অৱসৰৰ আবেদন মঞ্জুৰ কৰাৰ পাছত জন মূলাচিৰাই তেওঁৰ উত্তৰাধিকাৰী হিচাপে দায়িত্ব লয়। অৱসৰৰ পাছতো ২০১৪ চনৰ ৩ ফেব্ৰুৱাৰীৰ পৰা ২০১৬ চনৰ ১৫ অক্টোবৰলৈ পোপ ফ্ৰান্সিছৰ নিযুক্তিক্ৰমে তেওঁ জোৱাই ডায়’চিছৰ এপষ্ট’লিক এডমিনিষ্ট্ৰেটৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

 

ধৰ্মীয় নেতৃত্বৰ উপৰি অসম তথা উত্তৰ-পূব ভাৰতত শান্তি আৰু সমন্বয় স্থাপনৰ ক্ষেত্ৰতো তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল। অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত উদ্ভৱ হোৱা সংঘাতত মধ্যস্থতাকাৰী হিচাপে কাম কৰাৰ লগতে উত্তৰ-পূবত আলোচনাৰ জৰিয়তে স্থানীয় বিবাদ মীমাংসা কৰা ‘জইণ্ট ইকুমেনিকেল পিছ টিম’ (Joint Ecumenical Peace Team)-ৰ তেওঁ সমন্বয়ক আছিল। উত্তৰ-পূব ভাৰতত শান্তি, সম্প্ৰীতি আৰু স্থিৰতা প্ৰতিষ্ঠাৰ বাবে আগবঢ়োৱা নিৰন্তৰ প্ৰচেষ্টাৰ স্বীকৃতিস্বৰূপে ২০১১ চনত তেওঁ ন’বেল শান্তি বঁটাৰ বাবেও মনোনীত হৈছিল।

 

আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো তেখেত কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত আছিল। ১৯৮৬ৰ পৰা ১৯৯২ চনলৈ ফেডাৰেশ্যন অৱ এছিয়ান বিচপছ কনফাৰেন্সেছৰ (FABC) ইভানজেলিজম বিভাগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি এছীয় সংস্কৃতিৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে গীৰ্জা আৰু সাম্যবাদী চৰকাৰসমূহৰ প্ৰতিনিধিৰ মাজত বৈঠক আয়োজনত উল্লেখযোগ্য ভূমিকা লৈছিল। ১৯৯৮ চনত এছিয়ান ছিনডৰ বিশেষ সচিব, ২০০৬ চনত উত্তৰ-পূব ভাৰতৰ আঞ্চলিক বিচপ সন্মিলনৰ অধ্যক্ষ আৰু ২০০৮ চনত চিবিচিআই (CBCI)-ৰ শিক্ষা আৰু সংস্কৃতি আয়োগৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল। সংস্কৃতি, শিক্ষা, ধৰ্মীয় জীৱন আৰু প্ৰাৰ্থনা আদি বিভিন্ন বিষয়ত তেওঁ ১৮০টাতকৈও অধিক প্ৰবন্ধ ৰচনা কৰিছিল।

ইয়াৰ উপৰি তেওঁ অসম নাগৰিক সমাজৰ অন্যতম সদস্য হোৱাৰ লগতে নাগৰিক সমাজৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল। তেখেতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বহুকেইখন লেখত ল’বলগীয়া শিক্ষানুষ্ঠানৰ লগতে চিকিৎসালয়ো স্থাপন কৰিছিল।

বিশিষ্ট শিক্ষাবিদ, লেখক তথা শান্তিৰ দূত হিচাপে পৰিচিত আৰ্চবিচপ এমেৰিটাছ থমাছ মেনামপাৰামপিলৰ বিয়োগত অসম তথা সমগ্ৰ উত্তৰ-পূবৰ লগতে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত গভীৰ শোকৰ ছাঁ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিৰ দূত প্ৰাক্তন আৰ্চবিচপ থমাছ মেনামপাৰামপিলৰ দেহাৱসান

শান্তিৰ দূত প্ৰাক্তন আৰ্চবিচপ থমাছ মেনামপাৰামপিলৰ দেহাৱসান

November 25, 2026 1:33 pm
নিশা বন্ধ হোৱা কেফেৰ তলা খুলি পাৰ্টী! পূব দিল্লীত ২২ বছৰীয়া যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ, দুগৰাকী মহিলা সহকৰ্মীসহ গ্ৰেপ্তাৰ ৩

নিশা বন্ধ হোৱা কেফেৰ তলা খুলি পাৰ্টী! পূব দিল্লীত ২২ বছৰীয়া যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ, দুগৰাকী মহিলা সহকৰ্মীসহ গ্ৰেপ্তাৰ ৩

November 25, 2026 12:20 pm
জিম্মাৰ পৰা পলায়নৰ চেষ্টা! আৰক্ষীৰ গুলীত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

জিম্মাৰ পৰা পলায়নৰ চেষ্টা! আৰক্ষীৰ গুলীত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

November 25, 2026 8:56 am
এমাহ ধৰি প্ৰতিদিনে দুটাকৈ কণী খোৱাৰ উপকাৰিতা আৰু সাৱধানতা: কাৰ বাবে বিপদজনক হ’ব পাৰে?

এমাহ ধৰি প্ৰতিদিনে দুটাকৈ কণী খোৱাৰ উপকাৰিতা আৰু সাৱধানতা: কাৰ বাবে বিপদজনক হ’ব পাৰে?

November 25, 2026 7:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিৰ দূত প্ৰাক্তন আৰ্চবিচপ থমাছ মেনামপাৰামপিলৰ দেহাৱসান

শান্তিৰ দূত প্ৰাক্তন আৰ্চবিচপ থমাছ মেনামপাৰামপিলৰ দেহাৱসান

November 25, 2026 1:33 pm
নিশা বন্ধ হোৱা কেফেৰ তলা খুলি পাৰ্টী! পূব দিল্লীত ২২ বছৰীয়া যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ, দুগৰাকী মহিলা সহকৰ্মীসহ গ্ৰেপ্তাৰ ৩

নিশা বন্ধ হোৱা কেফেৰ তলা খুলি পাৰ্টী! পূব দিল্লীত ২২ বছৰীয়া যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ, দুগৰাকী মহিলা সহকৰ্মীসহ গ্ৰেপ্তাৰ ৩

November 25, 2026 12:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd